< ヨブ 記 1 >

1 ウヅの地にヨブという名の人があった。そのひととなりは全く、かつ正しく、神を恐れ、悪に遠ざかった。
উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল।
2 彼に男の子七人と女の子三人があり、
তেওঁৰ সাত জন পুতেক আৰু তিনি জনী জীয়েক আছিল।
3 その家畜は羊七千頭、らくだ三千頭、牛五百くびき、雌ろば五百頭で、しもべも非常に多く、この人は東の人々のうちで最も大いなる者であった。
তেওঁৰ সাত হাজাৰ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।
4 そのむすこたちは、めいめい自分の日に、自分の家でふるまいを設け、その三人の姉妹をも招いて一緒に食い飲みするのを常とした。
তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে।
5 そのふるまいの日がひとめぐり終るごとに、ヨブは彼らを呼び寄せて聖別し、朝早く起きて、彼らすべての数にしたがって燔祭をささげた。これはヨブが「わたしのむすこたちは、ことによったら罪を犯し、その心に神をのろったかもしれない」と思ったからである。ヨブはいつも、このように行った。
পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।
6 ある日、神の子たちが来て、主の前に立った。サタンも来てその中にいた。
এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল।
7 主は言われた、「あなたはどこから来たか」。サタンは主に答えて言った、「地を行きめぐり、あちらこちら歩いてきました」。
তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।”
8 主はサタンに言われた、「あなたはわたしのしもべヨブのように全く、かつ正しく、神を恐れ、悪に遠ざかる者の世にないことを気づいたか」。
তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।”
9 サタンは主に答えて言った、「ヨブはいたずらに神を恐れましょうか。
তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখিছে?
10 あなたは彼とその家およびすべての所有物のまわりにくまなく、まがきを設けられたではありませんか。あなたは彼の勤労を祝福されたので、その家畜は地にふえたのです。
১০আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে।
11 しかし今あなたの手を伸べて、彼のすべての所有物を撃ってごらんなさい。彼は必ずあなたの顔に向かって、あなたをのろうでしょう」。
১১কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
12 主はサタンに言われた、「見よ、彼のすべての所有物をあなたの手にまかせる。ただ彼の身に手をつけてはならない」。サタンは主の前から出て行った。
১২তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল।
13 ある日ヨブのむすこ、娘たちが第一の兄の家で食事をし、酒を飲んでいたとき、
১৩এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল।
14 使者がヨブのもとに来て言った、「牛が耕し、ろばがそのかたわらで草を食っていると、
১৪তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল;
15 シバびとが襲ってきて、これを奪い、つるぎをもってしもべたちを打ち殺しました。わたしはただひとりのがれて、あなたに告げるために来ました」。
১৫এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।”
16 彼がなお語っているうちに、またひとりが来て言った、「神の火が天から下って、羊およびしもべたちを焼き滅ぼしました。わたしはただひとりのがれて、あなたに告げるために来ました」。
১৬এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।”
17 彼がなお語っているうちに、またひとりが来て言った、「カルデヤびとが三組に分れて来て、らくだを襲ってこれを奪い、つるぎをもってしもべたちを打ち殺しました。わたしはただひとりのがれて、あなたに告げるために来ました」。
১৭সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।
18 彼がなお語っているうちに、またひとりが来て言った、「あなたのむすこ、娘たちが第一の兄の家で食事をし、酒を飲んでいると、
১৮এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল;
19 荒野の方から大風が吹いてきて、家の四すみを撃ったので、あの若い人たちの上につぶれ落ちて、皆死にました。わたしはただひとりのがれて、あなたに告げるために来ました」。
১৯এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।
20 このときヨブは起き上がり、上着を裂き、頭をそり、地に伏して拝し、
২০তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে,
21 そして言った、「わたしは裸で母の胎を出た。また裸でかしこに帰ろう。主が与え、主が取られたのだ。主のみ名はほむべきかな」。
২১“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”
22 すべてこの事においてヨブは罪を犯さず、また神に向かって愚かなことを言わなかった。
২২এইদৰে এই সকলো ঘটিল, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু মূৰ্খতাপূৰ্ণভাবে ঈশ্বৰক দোষাৰোপ নকৰিলে।

< ヨブ 記 1 >