< ヨブ 記 38 >

1 この時、主はつむじ風の中からヨブに答えられた、
তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,
2 「無知の言葉をもって、神の計りごとを暗くするこの者はだれか。
“যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন?
3 あなたは腰に帯して、男らしくせよ。わたしはあなたに尋ねる、わたしに答えよ。
তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।
4 わたしが地の基をすえた時、どこにいたか。もしあなたが知っているなら言え。
যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।
5 あなたがもし知っているなら、だれがその度量を定めたか。だれが測りなわを地の上に張ったか。
কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা।
6 その土台は何の上に置かれたか。その隅の石はだれがすえたか。
সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল? বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?
7 かの時には明けの星は相共に歌い、神の子たちはみな喜び呼ばわった。
যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে?
8 海の水が流れいで、胎内からわき出たとき、だれが戸をもって、これを閉じこめたか。
গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, তেতিয়া কোনে দুৱাৰৰ সৈতে সমুদ্ৰক নীৰৱ কৰিছিল?
9 あの時、わたしは雲をもって衣とし、黒雲をもってむつきとし、
যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপে নিৰ্মান কৰিছিলোঁ, আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলোঁ,
10 これがために境を定め、関および戸を設けて、
১০আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ, ডাং আৰু দুৱাৰ লগাই কৈছিলো-
11 言った、『ここまで来てもよい、越えてはならぬ、おまえの高波はここにとどまるのだ』と。
১১‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়; ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’
12 あなたは生れた日からこのかた朝に命じ、夜明けにその所を知らせ、
১২তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?
13 これに地の縁をとらえさせ、悪人をその上から振り落させたことがあるか。
১৩সেইদৰে পৃথিবীৰ চাৰিও চুক ধৰিছিলা নে, তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলা নে?
14 地は印せられた土のように変り、衣のようにいろどられる。
১৪ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়, আৰু সকলো বস্তু এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰৰ দৰে প্ৰকাশ পায়।
15 悪人はその光を奪われ、その高くあげた腕は折られる。
১৫আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়, আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়।
16 あなたは海の源に行ったことがあるか。淵の底を歩いたことがあるか。
১৬তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা? বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা?
17 死の門はあなたのために開かれたか。あなたは暗黒の門を見たことがあるか。
১৭মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে? বা মৃত্যুছায়াৰ দুৱাৰ দেখিছিলা নে?
18 あなたは地の広さを見きわめたか。もしこれをことごとく知っているならば言え。
১৮তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে? এই সকলো যদি জানা, তেন্তে কোৱা।
19 光のある所に至る道はいずれか。暗やみのある所はどこか。
১৯পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত- সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত?
20 あなたはこれをその境に導くことができるか。その家路を知っているか。
২০যি ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰ আহে, সেই ঠাইলৈ তুমি তাক উভতাই নিব পাৰিবা নে, বা তুমি জানা নে, কিদৰে সেই ঠাইৰ পৰা আহে?
21 あなたは知っているだろう、あなたはかの時すでに生れており、またあなたの日数も多いのだから。
২১তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাবে জানিছিলা! আৰু তোমাৰ দিনৰ সংখ্যা অধিক!
22 あなたは雪の倉にはいったことがあるか。ひょうの倉を見たことがあるか。
২২যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে, তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?
23 これらは悩みの時のため、いくさと戦いの日のため、わたしがたくわえて置いたものだ。
২৩এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে, ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো;
24 光の広がる道はどこか。東風の地に吹き渡る道はどこか。
২৪কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়, বা কি নিয়মেৰে পূবৰ বায়ু পৃথিবীত বিয়পি পৰে?
25 だれが大雨のために水路を切り開き、いかずちの光のために道を開き、
২৫প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে, বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে,
26 人なき地にも、人なき荒野にも雨を降らせ、
২৬বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে, আৰু য’ত এজনো মানুহ নাই, সেই পৰিত্যক্তভূমি,
27 荒れすたれた地をあき足らせ、これに若草をはえさせるか。
২৭সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে, কোনে কোমল ঘাঁহ গজাই তোলে?
28 雨に父があるか。露の玉はだれが生んだか。
২৮বৰষুণৰ জানো পিতৃ আছে? নিয়ৰৰ বিন্দুসমুহ জানো কোনোবাই প্ৰসৱ কৰিলে?
29 氷はだれの胎から出たか。空の霜はだれが生んだか。
২৯কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে?
30 水は固まって石のようになり、淵のおもては凍る。
৩০জল সমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়, পৃষ্ঠতলৰ গভীৰত সি হিমলৈ ৰূপান্তৰিত হয়।
31 あなたはプレアデスの鎖を結ぶことができるか。オリオンの綱を解くことができるか。
৩১তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা? বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা?
32 あなたは十二宮をその時にしたがって引き出すことができるか。北斗とその子星を導くことができるか。
৩২আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা?
33 あなたは天の法則を知っているか、そのおきてを地に施すことができるか。
৩৩তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে?
34 あなたは声を雲にあげ、多くの水にあなたをおおわせることができるか。
৩৪ঢল পানীৰে তোমাক ঢাকিবৰ বাবে তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে?
35 あなたはいなずまをつかわして行かせ、『われわれはここにいる』と、あなたに言わせることができるか。
৩৫তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? সেইবোৰে জানো তোমাক ক’ব নে, ‘এইয়া আমি’?
36 雲に知恵を置き、霧に悟りを与えたのはだれか。
৩৬ঘন মেঘক কোনে জ্ঞান দিলে? পপীয়া তৰা কোনে বুদ্ধি দিলে?
37 だれが知恵をもって雲を数えることができるか。だれが天の皮袋を傾けて、
৩৭এনে দক্ষতা কাৰ আছে, যিয়ে মেঘ সমূহক গণনা কৰিব পাৰে? কোনে আকাশৰ পৰা বৰষুণ বৰ্ষাব পাৰে?
38 ちりを一つに流れ合させ、土くれを固まらせることができるか。
৩৮যেতিয়া ধুলিবোৰ গৈ গোট খায়, আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে?
39 あなたはししのために食物を狩り、子じしの食欲を満たすことができるか。
৩৯তুমি সিংহিনীৰ নিমিত্তে মৃগয়া কৰিবা নে? বা তাইৰ সৰু পোৱালিক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবা নে?
40 彼らがほら穴に伏し、林のなかに待ち伏せする時、あなたはこの事をなすことができるか。
৪০যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে, আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে?
41 からすの子が神に向かって呼ばわり、食物がなくて、さまようとき、からすにえさを与える者はだれか。
৪১যেতিয়া ঢোঁৰা-কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়?

< ヨブ 記 38 >