< ヨブ 記 31 >

1 わたしは、わたしの目と契約を結んだ、どうして、おとめを慕うことができようか。
মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?
2 もしそうすれば上から神の下される分はどんなであろうか。高き所から全能者の与えられる嗣業はどんなであろうか。
কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি?
3 不義なる者には災が下らないであろうか。悪をなす者には災難が臨まないであろうか。
সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ, আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়?
4 彼はわたしの道をみそなわし、わたしの歩みをことごとく数えられぬであろうか。
তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে?
5 もし、わたしがうそと共に歩み、わたしの足が偽りにむかって急いだことがあるなら、
মই যদি মিছাত চলিলোঁ, আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে,
6 (正しいはかりをもってわたしを量れ、そうすれば神はわたしの潔白を知られるであろう。)
(ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, মোক ঠিক তৰ্জুত জোখক; )
7 もしわたしの歩みが、道をはなれ、わたしの心がわたしの目にしたがって歩み、わたしの手に汚れがついていたなら、
মই যদি অবাটে খোজ চলালোঁ, মোৰ মন যদি চকুৰ পাছে পাছে চলিল, আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে,
8 わたしのまいたのを他の人が食べ、わたしのために成長するものが、抜き取られてもかまわない。
তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক।
9 もし、わたしの心が、女に迷ったことがあるか、またわたしが隣り人の門で待ち伏せしたことがあるなら、
মই যদি পৰৰ তিৰোতাত মোহ গলোঁ, আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ,
10 わたしの妻が他の人のためにうすをひき、他の人が彼女の上に寝てもかまわない。
১০তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক, আৰু অন্য লোকে তাইক ভোগ কৰক।
11 これは重い罪であって、さばきびとに罰せられるべき悪事だからである。
১১কিয়নো সেয়ে গৰ্হিত কাৰ্য, আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ;
12 これは滅びに至るまでも焼きつくす火であって、わたしのすべての産業を根こそぎ焼くであろう。
১২কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি; সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন।
13 わたしのしもべ、また、はしためがわたしと言い争ったときに、わたしがもしその言い分を退けたことがあるなら、
১৩মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,
14 神が立ち上がられるとき、わたしはどうしようか、神が尋ねられるとき、なんとお答えしようか。
১৪তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম?
15 わたしを胎内に造られた者は、彼をも造られたのではないか。われわれを腹の内に形造られた者は、ただひとりではないか。
১৫মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই?
16 わたしがもし貧しい者の願いを退け、やもめの目を衰えさせ、
১৬মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ,
17 あるいはわたしひとりで食物を食べて、みなしごに食べさせなかったことがあるなら、
১৭যদি বা মোৰ খোৱা মুঠি অকলেই খালো, আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে,
18 (わたしは彼の幼い時から父のように彼を育て、またその母の胎を出たときから彼を導いた。)
১৮(এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক; )
19 もし着物がないために死のうとする者や、身をおおう物のない貧しい人をわたしが見た時に、
১৯যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ, বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ,
20 その腰がわたしを祝福せず、また彼がわたしの羊の毛で暖まらなかったことがあるなら、
২০তাৰ ককালে যদি মোক আশীৰ্ব্বাদ নকৰালে, আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে,
21 もしわたしを助ける者が門におるのを見て、みなしごにむかってわたしの手を振り上げたことがあるなら、
২১আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি, যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ,
22 わたしの肩骨が、肩から落ち、わたしの腕が、つけ根から折れてもかまわない。
২২তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক, আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক।
23 わたしは神から出る災を恐れる、その威光の前には何事もなすことはできない。
২৩কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,
24 わたしがもし金をわが望みとし、精金をわが頼みと言ったことがあるなら、
২৪মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ,
25 わたしがもしわが富の大いなる事と、わたしの手に多くの物を獲た事とを喜んだことがあるなら、
২৫মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,
26 わたしがもし日の輝くのを見、または月の照りわたって動くのを見た時、
২৬মই সুৰ্য্যক দীপ্তি দিয়া, বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি,
27 心ひそかに迷って、手に口づけしたことがあるなら、
২৭যদি মোৰ মন গুপুতে মোহ গল, আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে,
28 これもまたさばきびとに罰せらるべき悪事だ。わたしは上なる神を欺いたからである。
২৮তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন; কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন।
29 わたしがもしわたしを憎む者の滅びるのを喜び、または災が彼に臨んだとき、勝ち誇ったことがあるなら、
২৯মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ,
30 (わたしはわが口に罪を犯させず、のろいをもって彼の命を求めたことはなかった。)
৩০(এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই; )
31 もし、わたしの天幕の人々で、『だれか彼の肉に飽きなかった者があるか』と、言わなかったことがあるなら、
৩১তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই,
32 (他国人はちまたに宿らず、わたしはわが門を旅びとに開いた。)
৩২(বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ, )
33 わたしがもし人々の前にわたしのとがをおおい、わたしの悪事を胸の中に隠したことがあるなら、
৩৩মই অনেক লোক সমূহক ভয় কৰাৰ, আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ,
34 わたしが大衆を恐れ、宗族の侮りにおじて、口を閉じ、門を出なかったことがあるなら、
৩৪নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি, যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ, -
35 ああ、わたしに聞いてくれる者があればよいのだが、(わたしのかきはんがここにある。どうか、全能者がわたしに答えられるように。)ああ、わたしの敵の書いた告訴状があればよいのだが。
৩৫অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক; অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল!
36 わたしは必ずこれを肩に負い、冠のようにこれをわが身に結び、
৩৬অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন, আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন,
37 わが歩みの数を彼に述べ、君たる者のようにして、彼に近づくであろう。
৩৭তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন, আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন।
38 もしわが田畑がわたしに向かって呼ばわり、そのうねみぞが共に泣き叫んだことがあるなら、
৩৮মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে, আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে,
39 もしわたしが金を払わないでその産物を食べ、その持ち主を死なせたことがあるなら、
৩৯মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ, বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ,
40 小麦の代りに、いばらがはえ、大麦の代りに雑草がはえてもかまわない」。ヨブの言葉は終った。
৪০তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, আৰু যৱৰ সলনি বন গজক। ইয়োবৰ বাক্য সমাপ্ত।

< ヨブ 記 31 >