< ヨブ 記 24 >

1 なにゆえ、全能者はさばきの時を定めておかれないのか。なにゆえ、彼を知る者がその日を見ないのか。
সৰ্ব্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়?
2 世には地境を移す者、群れを奪ってそれを飼う者、
কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেৰৰ জাকক বলেৰে লৈ চৰায়।
3 みなしごのろばを追いやる者、やもめの牛を質に取る者、
সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়।
4 貧しい者を道から押しのける者がある。世の弱い者は皆彼らをさけて身をかくす。
সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়।
5 見よ、彼らは荒野におる野ろばのように出て働き、野で獲物を求めて、その子らの食物とする。
চোৱা, কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ যত্নেৰে বিচাৰা কামলৈ ওলাই যায়; অৰণ্যে সিহঁতৰ সন্তানসকলৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে।
6 彼らは畑でそのまぐさを刈り、また悪人のぶどう畑で拾い集める。
সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়।
7 彼らは着る物がなく、裸で夜を過ごし、寒さに身をおおうべき物もない。
সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই।
8 彼らは山の雨にぬれ、しのぎ場もなく岩にすがる。
সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে, আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱাল মাৰি ধৰে।
9 (みなしごをその母のふところから奪い、貧しい者の幼な子を質にとる者がある。)
কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, আৰু দুখীয়াৰ পৰা বন্ধক লয়।
10 彼らは着る物がなく、裸で歩き、飢えつつ麦束を運び、
১০তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে, আৰু ভোকতে থাকি ডাঙৰি কঢ়িয়ায়।
11 悪人のオリブ並み木の中で油をしぼり、酒ぶねを踏んでも、かわきを覚える。
১১সিহঁতে সেই দুষ্টবোৰৰ বেৰৰ ওচৰত তেল পেৰে, আৰু দ্ৰাক্ষাশালত দ্ৰাক্ষাগুটি গচকি পিয়াহত আতুৰ হৈ থাকে।
12 町の中から死のうめきが起り、傷ついた者の魂が助けを呼び求める。しかし神は彼らの祈を顧みられない。
১২জনপূৰ্ণ নগৰৰ মাজত লোকবিলাকে কেঁকাই, আৰু সাংঘাতিকৰূপে আঘাত পোৱালোকৰ প্ৰাণে চিঞৰে; তথাপি ঈশ্বৰে এই অন্যায়লৈ মন নিদিয়ে।
13 光にそむく者たちがある。彼らは光の道を知らず、光の道にとどまらない。
১৩আৰু কোনোৱে পোহৰৰ বিদ্ৰোহী হয়, তাৰ আওভাও নাজানে, আৰু তাৰ পথতো নচলে।
14 人を殺す者は暗いうちに起き出て弱い者と貧しい者を殺し、夜は盗びととなる。
১৪নৰবধীয়ে দোকমোকালিতে উঠে; সি দুখী-দৰিদ্ৰক মাৰি পেলাই; আৰু ৰাতি সি চোৰৰ নিচিনা হয়।
15 姦淫する者の目はたそがれを待って、『だれもわたしを見ていないだろう』と言い、顔におおう物を当てる。
১৫কাৰো চকুৱে মোক নেদেখিব, এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধিয়া কাললৈ বাট চাই থাকে; সি কয়, ‘কোনোৱে চকুৰে মোক দেখা নাই”। সি নিজৰ মুখ ঢাকি ৰাখে।
16 彼らは暗やみで家をうがち、昼は閉じこもって光を知らない。
১৬কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে; সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে; পোহৰ কি, সিহঁতে নাজানে।
17 彼らには暗黒は朝である。彼らは暗黒の恐れを友とするからだ。
১৭কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ; কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে।
18 あなたがたは言う、『彼らは水のおもてにすみやかに流れ去り、その受ける分は地でのろわれ、酒ぶねを踏む者はだれも彼らのぶどう畑の道に行かない。
১৮এনে লোক পানীৰ সোঁতত বেগেৰে উটি যায়; সিহঁতৰ আধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়; সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়।
19 ひでりと熱さは雪水を奪い去る、陰府が罪を犯した者に対するも、これと同様だ。 (Sheol h7585)
১৯অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে, তেনেকৈ চিয়োলে পাপীবোৰক গ্ৰাস কৰে। (Sheol h7585)
20 町の広場は彼らを忘れ、彼らの名は覚えられることなく、不義は木の折られるように折られる』と。
২০যিজনে সন্তান নোপজোৱা বাঁজী তিৰোতাক লুটে, আৰু বিধবালৈ কোনো অনুগ্ৰহ নকৰে,
21 彼らは子を産まぬうまずめをくらい、やもめをあわれむことをしない。
২১এনে লোকক মাতৃ-গৰ্ভেও পাহৰে, পোকে তাক সন্তোষেৰে খায়; কোনেও তাক সোঁৱৰণ নকৰে; এইদৰে অধাৰ্মিকতা গছৰ নিচিনাকৈ ভাগি যায়।
22 しかし神はその力をもって、強い人々を生きながらえさせられる。彼らは生きる望みのない時にも起きあがる。
২২তেওঁ নিজ পৰাক্ৰমৰ দ্বাৰাই বলৱন্তসকলৰ আয়ুস দীঘল কৰে; এনেকুৱা লোকে নিজীম বুলি নিৰাশ হৈয়ো শয্যাৰ পৰা উঠে।
23 神が彼らに安全を与えられるので、彼らは安らかである。神の目は彼らの道の上にある。
২৩তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে; আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে।
24 彼らはしばし高められて、いなくなり、ぜにあおいのように枯れて消えうせ、麦の穂先のように切り取られる。
২৪সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়; এনে কি, সিহঁতক নত কৰি, আন সকলোৰ দৰে নিয়া হয়, আৰু ধানৰ থোকৰ দৰে কটা হয়।
25 もし、そうでないなら、だれがわたしにその偽りを証明し、わが言葉のむなしいことを示しうるだろうか」。
২৫এনেকুৱা যদি নহয়, তেন্তে কোনে মোক মিছলীয়া বুলি প্ৰমাণ কৰিব? আৰু কোনে মোৰ বাক্য অসাৰ্থক বুলি ক’ব?”

< ヨブ 記 24 >