< エレミヤ書 42 >

1 そのとき軍勢の長たち、およびカレヤの子ヨハナンと、ホシャヤの子アザリヤ、ならびに民の最も小さい者から最も大いなる者にいたるまで、
তেতিয়া কাৰেহৰ পুতেক যোহানন, হোচয়াৰ পুতেক যাজনিয়া আদি ফৌজৰ সকলো সেনাপতি আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাই যিৰিমিয়া ভাববাদীৰ ওচৰলৈ চাপি আহিল।
2 みな預言者エレミヤの所に来て言った、「どうかあなたの前にわれわれの求めが受けいれられますように。われわれのため、この残っている者すべてのために、あなたの神、主に祈ってください、(今ごらんのとおり、われわれは多くのうち、わずかに残っている者です)
তেওঁলোকে তেওঁক ক’লে, “তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওঁক আৰু তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে, এই সকলো অৱশিষ্ট লোকৰ বাবেই প্ৰাৰ্থনা কৰা, কিয়নো তুমি নিজ চকুৰে দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছোঁ।
3 そうすれば、あなたの神、主は、われわれの行くべき道と、なすべき事をお示しになるでしょう」。
আমি কোন বাটেদি যোৱা উচিত আৰু কি কাৰ্য কৰা উচিত ইয়াকে দেখুৱাবৰ অৰ্থে তোমাৰ ঈশ্বৰ যিহোৱাক নিবেদন কৰা।”
4 預言者エレミヤは彼らに言った、「よくわかりました。あなたがたの求めにしたがって、あなたがたの神、主に祈りましょう。主があなたがたに答えられることを、何事も隠さないであなたがたに言いましょう」。
তেতিয়া যিৰিমিয়া ভাববাদীয়ে তেওঁলোকক ক’লে, “মই তোমালোকৰ কথা শুনিলোঁ; চোৱা তোমালোকৰ বাক্য অনুসাৰে মই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম আৰু যিহোৱাই তোমালোকলৈ যি যি উত্তৰ দিব, তাৰ সকলো কথা তোমালোকক জনাম, তাৰ একোকে তোমালোকৰ পৰা গুপুতে নাৰাখিম।”
5 彼らはエレミヤに言った、「もし、あなたの神、主があなたをつかわしてお告げになるすべての言葉を、われわれが行わないときは、どうか主がわれわれに対してまことの真実な証人となられるように。
তেতিয়া তেওঁলোকে যিৰিমিয়াক ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ দ্বাৰাই যি যি বাক্য আমালৈ কৈ পঠিয়াব, সেই সকলো বাক্য অনুসাৰে আমি যদি কাৰ্য নকৰোঁ, তেন্তে যিহোৱা আমাৰ বিৰুদ্ধে সত্য আৰু বিশ্বাসী সাক্ষী হওঁক।
6 われわれは良くても悪くても、われわれがあなたをつかわそうとするわれわれの神、主の声に従います。われわれの神、主の声に従うとき、われわれは幸を得るでしょう」。
আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি পালন কৰিলে আমাৰ মঙ্গল কাৰণে, আমি যিজনৰ ওচৰলৈ তোমাক পঠিয়ালোঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাৰ বাক্য ভাল বা বেয়া হওঁক, আমি তাক পালন কৰিম।”
7 十日の後、主の言葉がエレミヤに臨んだ。
পাছত দহ দিনৰ মুৰত যিহোৱাৰ বাক্য যিৰিমিয়াৰ ওচৰলৈ আহিল।
8 エレミヤはカレヤの子ヨハナンおよび彼と共にいる軍勢の長たち、ならびに民の最も小さい者から最も大いなる者までことごとく招いて、
তেতিয়া তেওঁ কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগত থকা সকলো সেনাপতিক আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাক মাতি আনিলে।
9 彼らに言った、「あなたがたがわたしをつかわして、あなたの祈願をその前にのべさせたイスラエルの神、主はこう言われます、
আৰু তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ নিবেদন জনাবলৈ যিজনৰওচৰলৈ মোক পঠিয়াইছিলা, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে,
10 もしあなたがたがこの地にとどまるならば、わたしはあなたがたを建てて倒すことなく、あなたがたを植えて抜くことはしない。わたしはあなたがたに災を下したことを悔いているからである。
১০‘তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম; কিয়নো তোমালোকৰ যি অমঙ্গল কৰিছোঁ, সেই বিষয়ে মই ক্ষান্ত হ’লো।
11 主は言われる、あなたが恐れているバビロンの王を恐れてはならない。彼を恐れてはならない、わたしが共にいて、あなたがたを救い、彼の手から助け出すからである。
১১যিজনৰ পৰা তোমালোকে ভয়ত আছা, সেই বাবিলৰ ৰজালৈ ভয় নকৰিবা; যিহোৱাই কৈছে, ‘তেওঁলৈ ভয় নকৰিবা; কিয়নো তোমালোকক নিস্তাৰ কৰিবলৈ আৰু তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিবলৈ মই তোমালোকৰ লগত আছোঁ।
12 わたしはあなたがたをあわれみ、また彼にあなたがたをあわれませ、あなたがたを自分の地にとどまらせる。
১২আৰু মই তোমালোকক কৰুণা দান কৰিম; আৰু তোমালোকক দয়া কৰি তোমালোকৰ দেশলৈ তোমালোকক উভটাই আনিম।
13 しかし、もしあなたがたが、『われわれはこの地にとどまらない』といって、あなたがたの神、主の声にしたがわず、
১৩“কিন্তু, আমি এই দেশত বাস নকৰোঁ,” এই বুলি কৈ যদি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা,
14 また、『いいえ、われわれはあの戦争を見ず、ラッパの声を聞かず、食物も乏しくないエジプトの地へ行って、あそこに住まおう』と言うならば、
১৪আৰু যদি তোমালোকে কোৱা, যে, “সেয়ে নহ’ব! আমি য’ত ৰণ নেদেখিম, শিঙাৰ শব্দ নুশুনিম, আৰু আহাৰৰ অভাৱত ক্ষুধাতুৰ নহ’ম, সেই মিচৰ দেশত আমি সোমামগৈ, আৰু আমি তাত বাস কৰিম।”
15 あなたがた、ユダの残っている者たちよ、主の言葉を聞きなさい。万軍の主、イスラエルの神はこう言われる、もしあなたがたがむりにエジプトへ行ってそこに住むならば、
১৫তেতিয়া হে যিহূদাৰ অৱশিষ্ট ভাগ, তোমালোকে যিহোৱাৰ বাক্য শুনা। ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে যদি মিচৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা,
16 あなたがたの恐れているつるぎはエジプトの地であなたがたに追いつき、あなたがたの恐れているききんは、すぐあとを追ってエジプトまで行き、その所であなたがたは死ぬ。
১৬তেতিয়া তোমালোকে যি তৰোৱাললৈ ভয় কৰিছা সেই তৰোৱালে মিচৰ দেশতেই তোমালোকক লগ পাব আৰু যি দুৰ্ভিক্ষলৈ তোমালোকে ত্ৰাস পাইছা, সেই দুৰ্ভিক্ষই মিচৰ দেশতেই তোমালোকক ঢুকি পাব, আৰু তোমালোক তাতে মৰিবা।
17 すべてむりにエジプトへ行ってそこに住む者は、つるぎと、ききんと、疫病で死ぬ。わたしが彼らに下そうとしている災をのがれて残る者はそのうちにない。
১৭যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব।
18 万軍の主、イスラエルの神はこう言われる、わたしの怒りと憤りとをエルサレムの住民の上に注いだように、わたしの憤りは、あなたがたがエジプトへ行くとき、あなたがたの上に注ぐ。あなたがたは、のろいとなり、恐怖となり、ののしりとなり、はずかしめとなる。あなたがたは再びこの所を見ることができない。
১৮কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’
19 ユダの残っている者たちよ、『エジプトへ行ってはならない』と主はあなたがたに言われた。わたしがきょう警告したことを、あなたがたは確かに知らなければならない。
১৯হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা।
20 あなたがたはみずからそむき去って、命を失った。なぜなら、あなたがたがわたしをあなたがたの神、主につかわし、『われわれの神、主に祈り、われわれの神、主の言われることをことごとく示してください。われわれはそれを行います』と言ったので、
২০কিয়নো তোমালোকে তোমালোকৰ বিৰুদ্ধে তোমালোকক ভ্ৰান্ত কৰিলা; কাৰণ তোমালোকে মোক নিজৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ পঠিয়াই কৈছিলা, যে, ‘তুমি আমাৰ বাবে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; তেতিয়া আমাৰ ঈশ্বৰ যিহোৱাই যি যি ক’ব, সেইদৰে তুমি আমাক জনাবা, আমি তাক কৰিম।’
21 わたしはきょうそれを示したが、あなたがたはあなたがたの神、主の声を聞かず、主がわたしをつかわして命じさせられた事には、すこしも従わなかったからである。
২১পাছে আজি মই তোমালোকক তাক জনালোঁ; কিন্তু যি বিষয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছিল, সেই বিষয়ৰ কোনো কথাত, তেওঁৰ বাক্যলৈ তোমালোকে কাণ দিয়া নাই।
22 それゆえ、あなたがたが行って住まうことを願っているその所で、あなたがたはつるぎと、ききんと、疫病で死ぬことを確かに知らなければならない」。
২২এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”

< エレミヤ書 42 >