< エレミヤ書 36 >

1 ユダの王ヨシヤの子エホヤキムの四年に主からこの言葉がエレミヤに臨んだ、
যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
2 「あなたは巻物を取り、わたしがあなたに語った日、すなわちヨシヤの日から今日に至るまで、イスラエルとユダと万国とに関してあなたに語ったすべての言葉を、それにしるしなさい。
“তুমি এখন নুৰিওৱা পুথি লোৱা; আৰু মই তোমাক প্ৰথমে কোৱা দিনৰে পৰা, যোচিয়াৰ ৰাজত্বৰ কালৰে পৰা আজিলৈকে, ইস্ৰায়েলৰ, যিহূদাৰ, আৰু সকলো জাতিৰ বিৰুদ্ধে যি যি কথা মই তোমাৰ আগত কৈ আছোঁ, সেই সকলো কথা সেই পুথিত লিখা।
3 ユダの家がわたしの下そうとしているすべての災を聞いて、おのおのその悪い道を離れて帰ることもあろう。そうすれば、わたしはそのとがとその罪をゆるすかも知れない」。
যিহূদা বংশলৈ মই যি অমঙ্গল ঘটাবলৈ কল্পনা কৰিছোঁ, কিজানি নিজ নিজ কুপথৰ পৰা ঘূৰিবলৈ তেওঁলোকে সেই সকলো অমঙ্গলৰ কথা শুনিব; তেতিয়া মই তেওঁলোকৰ অপৰাধ আৰু পাপ ক্ষমা কৰিম।”
4 そこでエレミヤはネリヤの子バルクを呼んだ。バルクはエレミヤの口述にしたがって、主が彼にお告げになった言葉をことごとく巻物に書きしるした。
তেতিয়া যিৰিমিয়াই নেৰিয়াৰ পুত্ৰ বাৰুকক মাতি আনিলত, যিৰিমিয়াক কোৱা যিহোৱাৰ সকলো বাক্য বাৰূকে তেওঁৰ মুখৰ পৰা সেই নুৰিওৱা পুথিখনত লিখিলে।
5 そしてエレミヤはバルクに命じて言った、「わたしは主の宮に行くことを妨げられている。
পাছে যিৰিমিয়াই বাৰুকক আজ্ঞা দি কলে, মই বন্ধ আছোঁ, যিহোৱাৰ গৃহলৈ যাব নোৱাৰোঁ।
6 それで、あなたが行って、断食の日に主の宮で、すべての民が聞いているところで、あなたがわたしの口述にしたがって、巻物に筆記した主の言葉を読みなさい。またユダの人々がその町々から来て聞いているところで、それを読みなさい。
এই হেতুকে তুমি গৈ যিহোৱাৰ গৃহত উপবাসৰ দিনা, মোৰ মুখৰ পৰা পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ তেওঁৰ গৃহত থকা লোকসকলে আৰু বিভিন্ন নগৰৰ পৰা অহা যিহূদাৰ সকলো লোকে শুনাকৈ পাঠ কৰা।
7 彼らは主の前に祈願をささげ、おのおのその悪い道を離れて帰ることもあろう。主がこの民に対して宣告された怒りと憤りは大きいからである」。
কিজানি তেওঁলোকে নিজ নিজ নিবেদন যিহোৱাৰ আগত জনাব। আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ঘূৰিব; কিয়নো এই জাতিৰ বিৰুদ্ধে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ আৰু কোপ অতি প্ৰবল।
8 こうしてネリヤの子バルクはすべて預言者エレミヤが自分に命じたように、主の宮で、その巻物に書かれた主の言葉を読んだ。
পাছে পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ নেৰিয়াৰ পুত্ৰ বাৰুকে যিহোৱাৰ গৃহত পাঠ কৰি যিৰিমিয়া ভাববাদীৰ আজ্ঞা পালন কৰিলে।
9 ユダの王ヨシヤの子エホヤキムの五年九月、エルサレムのすべての民と、ユダの町々からエルサレムに来たすべての民とは、主の前に断食を行うべきことを告げ示された。
যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ পঞ্চম বছৰৰ নৱম মাহত যিৰূচালেমত থকা লোকসকলে, আৰু যিহূদাৰ নগৰবোৰৰ পৰা যিৰূচালেমলৈ অহা প্ৰজাসকলে যিহোৱাৰ উদ্দেশ্যে উপবাস ঘোষণা কৰিলে।
10 バルクは主の宮の上の庭で、主の宮の新しい門の入口のかたわらにある書記シャパンの子であるゲマリヤのへやで、巻物に書かれたエレミヤの言葉をすべての民に読み聞かせた。
১০তেতিয়া বাৰুকে যিহোৱাৰ গৃহত, চাফনৰ পুত্ৰ গমৰিয়া লিখকৰ কোঁঠালিত, যিহোৱাৰ গৃহৰ নতুন দুৱাৰৰ সোমোৱা ঠাইত, ওপৰ চোতালত, সেই পুথিখনত লিখা যিৰিমিয়াৰ বাক্যবোৰ সকলো লোকে শুনাকৈ পাঠ কৰিলে।
11 シャパンの子であるゲマリヤの子ミカヤはその巻物にある主の言葉をことごとく聞いて、
১১আৰু চাফনৰ নাতিয়েক গমৰিয়াৰ পুত্ৰ মীখায়াই সেই পুথিখনৰ পৰা যিহোৱাৰ সকলো বাক্য শুনিলে।
12 王の家にある書記のへやに下って行くと、もろもろのつかさたち、すなわち書記エリシャマ、シマヤの子デラヤ、アカボルの子エルナタン、シャパンの子ゲマリヤ、ハナニヤの子ゼデキヤおよびすべてのつかさたちがそこに座していた。
১২তেওঁ ৰাজ-গৃহলৈ লিখকৰ কোঁঠালিলৈ নামি গ’ল; চোৱা, সেই সময়ত সকলো প্ৰধান লোক, অৰ্থাৎ ইলীচামা লিখক, চমৰিয়াৰ পুত্ৰ দলায়া, অকবোৰৰ পুত্ৰ ইলনাথন, চাফনৰ পুত্ৰ গমৰিয়া, আৰু হননিয়াৰ পুত্ৰ চিদিকিয়া আদি সকলো প্ৰধান লোক তাত বহি আছিল।
13 ミカヤはバルクが民に巻物を読んで聞かせたとき、自分の聞いたすべての言葉を彼らに告げたので、
১৩তেতিয়া লোকসকলে শুনিবলৈ বাৰুকে পুথিখন পাঠ কৰা সময়ত মীখায়াই যি সকলো বাক্য শুনিছিল, তেওঁ তাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলে।
14 つかさたちはクシの子セレミヤの子であるネタニヤの子エホデをバルクのもとにつかわして言わせた、「あなたが民に読み聞かせたその巻物を手に取って、来てください」。そこでネリヤの子バルクは巻物を手に取って、彼らのもとに来たので、
১৪এই হেতুকে সকলো প্ৰধান লোকে কুচীৰ প্ৰপৌত্ৰ চেলেমিয়াৰ নাতিয়েক নথনিয়াৰ পুত্ৰ যিহূদীক বাৰুকৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “লোকসকলে শুনাকৈ তুমি পাঠ কৰা নুৰিওৱা পুথিখন তুমি হাতত লৈ আহাঁ।”
15 彼らはバルクに言った、「座してそれを読んでください」。バルクはそれを彼らに読みきかせた。
১৫তেওঁলোকে তেওঁক ক’লে, “এতিয়া বহি আমি শুনাকৈ পাঠ কৰা; তেতিয়া বাৰুক তেওঁলোকে শুনাকৈ পাঠ কৰিলে।”
16 彼らはそのすべての言葉を聞き、恐れて互に見かわし、バルクに言った、「われわれはこのすべての言葉を、王に報告しなければならない」。
১৬তেতিয়া সেই সকলো কথা শুনি তেওঁলোক আটাইৰে ভয় লাগি ইজনে সিজনলৈ চোৱা-চোই কৰি বাৰুকক ক’লে, “আমি এই সকলো কথাৰ বিষয়ে অৱশ্যে ৰজাক জনাব লাগিব।”
17 そしてバルクに尋ねて言った、「このすべての言葉を、あなたがどのようにして書いたのか話してください。彼の口述によるのですか」。
১৭পাছে তেওঁলোকে বাৰুকক সুধিলে, “কোৱাচোন, তুমি কেনেকৈ তেওঁৰ মুখৰ পৰা এইবোৰ কথা লিখিছিলা?
18 バルクは彼らに答えた、「彼がわたしにこのすべての言葉を口述したので、わたしはそれを墨汁で巻物に書いたのです」。
১৮তেতিয়া বাৰুকে উত্তৰ দি ক’লে, “তেওঁ মুখেৰে মোৰ আগত এই সকলো বাক্য উচ্ছাৰণ কৰিছিল, আৰু মই চিয়াঁহীৰে এই পুথিত এই সকলো লিখিছিলোঁ।
19 つかさたちはバルクに言った、「行って、エレミヤと一緒に身を隠しなさい。人に所在を知られてはなりません」。
১৯তেতিয়া প্ৰধান লোকসকলে বাৰুকক ক’লে, “তুমি আৰু যিৰিমিয়া গৈ, তোমালোকৰ থকা ঠাই কোনেও নজনাকৈ লোকাই থাকাগৈ।”
20 そこで彼らは巻物を書記エリシャマのへやに置いて庭にはいり、王のもとへ行って、このすべての言葉を王に告げたので、
২০তেতিয়া তেওঁলোকে ইলীচামা লিখকৰ কোঁঠালিত পুথিখন থৈ ৰজাৰ ওচৰলৈ অৰ্থাৎ চোতাললৈ সোমাই গ’ল, আৰু ৰজাই শুনাকৈ সেই সকলো বাক্য প্ৰকাশ কৰিলে।
21 王はその巻物を持ってこさせるためにエホデをつかわした。エホデは書記エリシャマのへやから巻物を取ってきて、それを王と王のかたわらに立っているすべてのつかさたちに読みきかせた。
২১তেতিয়া ৰজাই পুথিখন আনিবলৈ যিহূদীক পঠিয়ালে, যিহূদীয়ে ইলীচামা লিখকৰ কোঁঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ, আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহূদীয়ে তাক পাঠ কৰিলে।
22 時は九月であって、王は冬の家に座していた。その前に炉があって火が燃えていた。
২২সেই সময়ত ৰজাই নৱম মাহত জাৰকালিত থকা ঘৰত বহি আছিল, আৰু তেওঁৰ আগত টিফাইত জুই জ্বলি আছিল।
23 エホデが三段か四段を読むと、王は小刀をもってそれを切り取り、炉の火に投げいれ、ついに巻物全部を炉の火で焼きつくした。
২৩পাছত যিহূদীয়ে পৃষ্ঠাৰ তিনি চাৰি অংশ পাঠ কৰাৰ পাছত ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি টিফাইৰ জুইত পেলায়; এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল।
24 王とその家来たちはこのすべての言葉を聞いても恐れず、またその着物を裂くこともしなかった。
২৪সেই সকলো বাক্য শুনিও ৰজা আৰু মন্ত্ৰী কোনেও ভয় নকৰিলে, বা নিজ নিজ বস্ত্ৰ নাফালিলে।
25 エルナタン、デラヤおよびゲマリヤが王にその巻物を焼かないようにと願ったときにも彼は聞きいれなかった。
২৫ইলনাথন, দলায়া, আৰু গমৰিয়াই পুথিখন নুপুৰিবলৈ ৰজাক বিনয় কৰিলে; তথাপি তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
26 そして王は王子エラメルとアヅリエルの子セラヤとアブデルの子セレミヤに、書記バルクと預言者エレミヤを捕えるようにと命じたが、主は彼らを隠された。
২৬পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰুক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল।
27 バルクがエレミヤの口述にしたがって筆記した言葉を載せた巻物を王が焼いた後、主の言葉がエレミヤに臨んだ、
২৭তেতিয়া ৰজাই, যিৰিমিয়াৰ মুখৰ পৰা শুনি শুনি বাৰুকে লিখা বাক্যবোৰে সৈতে পুথিখন পুৰি পেলোৱাৰ পাছত যিহোৱাৰ এই বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
28 「他の巻物を取り、ユダの王エホヤキムが焼いた、前の巻物のうちにある言葉を皆それに書きしるしなさい。
২৮“তুমি পুনৰায় আৰু এখন নুৰিওৱা পুথিৰ বিষয়ে কোৱা, আৰু যিহূদাৰ ৰজা যিহোয়াকীমে পুৰি পেলোৱা সেই প্ৰথম পুথিত আগেয়ে যি যি লিখা আছিল, সেই সকলো তাত লিখা।
29 またユダの王エホヤキムについて言いなさい、『主はこう仰せられる、あなたはこの巻物を焼いて言った、「どうしてあなたはこの巻物に、バビロンの王が必ず来てこの地を滅ぼし、ここから人と獣とを絶やす、と書いたのか」と。
২৯তেতিয়া যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে নিশ্চয়ে তুমি ক’বা, ‘যিহোৱাই এই কথা কৈছে, যে, বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব, আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব, এনে কথা এই পুথিখনত কিয় লিখিছা? এই বুলি তুমি তাক পুৰি পেলালা!’
30 それゆえ主はユダの王エホヤキムについてこう言われる、彼の子孫にはダビデの位にすわる者がなくなる。また彼の死体は捨てられて昼は暑さにあい、夜は霜にあう。
৩০এই হেতুকে যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এই কথা কৈছে, যে, যিহূদাৰ সিংহাসনত বহিবলৈ তেওঁৰ বংশৰ কোনো নাথাকিব, আৰু তেওঁৰ শৱ দিনত ৰ’দত আৰু ৰাতি হিমত পৰি থাকিব।
31 わたしはまた彼とその子孫とその家来たちをその罪のために罰する。また彼らとエルサレムの民とユダの人々には災を下す。この災のことについては、すでに語ったけれども、彼らは聞くことをしなかった』」。
৩১আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।”
32 そこでエレミヤは他の巻物を取り、ネリヤの子書記バルクに与えたので、バルクはユダの王エホヤキムが火にくべて焼いた巻物のすべての言葉を、エレミヤの口述にしたがってそれに書きしるし、また同じような言葉を多くそれに加えた。
৩২তেতিয়া যিৰিমিয়াই আৰু এখন নুৰিওৱা পুথি লৈ নেৰিয়াৰ পুত্ৰ বাৰুক লিখকক দিলে। বাৰুকে যিহূদাৰ ৰজা যিহোয়াকীমে, যিৰিমিয়াৰ মুখৰ পৰা ওলোৱা সকলো বাক্য জুইত পুৰি পেলোৱা পুথিখনৰ সকলো বাক্য তাত লিখিলে। তাৰ বাহিৰে তেনেকুৱা আৰু অনেক কথাও তাত যোগ দিয়া হ’ল।

< エレミヤ書 36 >