< エレミヤ書 11 >

1 主からエレミヤに臨んだ言葉は言う、
যিৰিমিয়ালৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,
2 「この契約の言葉を聞き、ユダの人々とエルサレムに住む者に告げよ。
“তোমালোকে এই নিয়মটিৰ বাক্য শুনা, যিহূদাৰ লোকসকলক ও যিৰূচালেম-নিবাসীসকলক কোৱা।
3 彼らに言え、イスラエルの神、主はこう仰せられる、この契約の言葉に従わない人は、のろわれる。
তুমি তেওঁলোকক কোৱা, ‘ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: যি কোনোৱে এই নিয়মটিৰ প্রতি কাণ নিদিয়ে, সেই প্রতিজনেই অভিশপ্ত।
4 この契約は、わたしがあなたがたの先祖をエジプトの地、鉄のかまどの中から導き出した時に、彼らに命じたところのものである。すなわち、その時わたしは彼らに言った、わたしの声を聞き、あなたがたに命じるすべてのことを行うならば、あなたがたはわたしの民となり、わたしはあなたがたの神となる。
তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা কৰা এই নিয়মটিৰ বাক্য, যি দিনাখন অগ্নি-কুণ্ডস্বৰূপ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিলো। মই ক’লো, “শুনা, মোৰ বাক্য পালন কৰা আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা, তেতিয়া তোমালোকে মোৰ প্ৰজা হ’বা আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।”
5 そして、わたしがあなたがたの先祖に、乳と蜜との流れる地を与えると誓ったことを、なし遂げると。すなわち今日のとおりである」。その時わたしは、「主よ、仰せのとおりです」と答えた。
মোৰ বাক্য শুনা যাতে আজি-কালি তোমালোকে বাস কৰা গাখীৰ, মৌজোল বোৱা এই দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি শপত কৰিছিলোঁ।’ তেতিয়া মই উত্তৰ দি ক’লো, ‘হয়, যিহোৱা!’
6 主はわたしに言われた、「このすべての言葉を、ユダの町々と、エルサレムのちまたに告げ示し、この契約の言葉を聞き、これを行え、と言いなさい。
আৰু যিহোৱাই মোক ক’লে, ‘যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত এই সকলো বাক্য ঘোষণা কৰি কোৱা, “তোমালোকে এই নিয়মটিৰ বাক্যলৈ কাণ দিয়া, আৰু ইয়াক পালন কৰা।”
7 わたしは、あなたがたの先祖をエジプトの地から導き出した時から今日にいたるまで、おごそかに彼らを戒め、絶えず戒めて、わたしの声に聞き従うようにと言った。
কিয়নো ‘মোৰ বাক্যলৈ কাণ দিয়া’ বুলি কৈ, মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিবৰ দিনা মই অতি যত্নেৰে সাক্ষ্য দিছিলোঁ, আৰু আজিলৈকে প্ৰত্যেকে উঠি সাক্ষ্য দি আছোঁ।
8 しかし彼らは従わず、その耳を傾けず、おのおの自分の悪い強情な心に従って歩んだ。それゆえ、わたしはこの契約の言葉をもって彼らを責めた。これはわたしが彼らに行えと命じたが、行わなかったものである」。
তথাপি তেওঁলোকে পালন নকৰিলে, বা কাণ নাপাতিলে। কিন্তু তেওঁবিলাক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে; এই হেতুকে এই নিয়মটিৰ যিবোৰ বাক্য পালন কৰিবলৈ মই তেওঁলোকক আজ্ঞা দিছিলোঁ, কিন্তু তেওঁলোকে নকৰিলে, সেই আটাইবোৰ অভিশপ্ত বাক্য মই তেওঁলোকৰ ওপৰত ঘটালোঁ’।”
9 主はまたわたしに言われた、「ユダの人々とエルサレムに住む者のうちに反逆の事がある。
পাছে যিহোৱাই মোক ক’লে, “যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলরৰ ভিতৰত চক্ৰান্ত পোৱা গৈছে।
10 彼らは、わたしの言葉を聞くことを拒んだその先祖たちの罪に立ち返り、またほかの神々に従ってそれに仕えた。イスラエルの家とユダの家とは、わたしがその先祖たちと結んだ契約を破った。
১০তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”
11 それゆえ主はこう言われる、見よ、わたしは災を彼らの上に下す。彼らはそれを免れることはできない。彼らがわたしを呼んでも、わたしは聞かない。
১১এই হেতুকে যিহোৱাই এইদৰে কৈছে: “চোৱা, তেওঁলোকে সাৰিব নোৱাৰা অমঙ্গল মই তেওঁলোকলৈ ঘটাম। তেতিয়া তেওঁলোকে মোৰ আগত কাতৰোক্তি কৰিব, কিন্তু মই তেওঁলোকৰ কথা নুশুনিম।
12 ユダの町々とエルサレムに住む者は、行って、自分たちがそれに香をたいている神々に呼び求めるが、これらは、彼らの災の時にも決して彼らを救うことはできない。
১২তেতিয়া যিহূদাৰ নগৰবোৰৰ লোকে আৰু যিৰূচালেম নিবাসীসকলে গৈ, তেওঁলোকে ধূপ জ্বলোৱা দেৱতাবোৰৰ আগত কাতৰোক্তি কৰিব, কিন্তু সেইবোৰে তেওঁলোকৰ আপদৰ সময়ত তেওঁলোকক সমূলি ত্ৰাণ কৰিব নোৱাৰিব।
13 ユダよ、あなたの神々は、あなたの町の数ほど多くなった。またあなたがたはエルサレムのちまたの数ほどの祭壇を恥ずべき者のために立てた。すなわちバアルに香をたくための祭壇である。
১৩কিয়নো হে যিহূদা, তোমাৰ নগৰ যিমান, তোমাৰ দেৱতা সিমানেই বাঢ়িল। আৰু যিৰূচালেমৰ আলি যিমান, লজ্জাজনক বস্তুৰ উদ্দেশ্যে, এনে কি, বালৰ কাৰণে ধূপ জ্বলাবলৈ তোমালোকে সিমান যজ্ঞ-বোদি স্থাপন কৰিলা।
14 それゆえ、この民のために祈ってはならない。また彼らのために泣き、あるいは祈り求めてはならない。彼らがその災の時に、わたしに呼ばわっても、わたしは彼らに聞くことをしないからだ。
১৪এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।
15 わが愛する者は、わたしの家で何をするのか。すでにこれは悪事を行った。誓願と犠牲の肉とがあなたに災を免れさせることができるであろうか。それであなたは喜ぶことができるであろうか。
১৫মোৰ গৃহত মোৰ প্রিয়াৰ কি কাৰ্য, কিয়নো তাই অনেক লোকে সৈতে ব্যভিচাৰ কৰিলে? আৰু তোমাৰ পৰা পবিত্ৰ মাংস গ’ল; যেতিয়া তুমি দুষ্কৰ্ম কৰা, তেতিয়া তুমি উল্লাস কৰি থাকা।
16 主はあなたを、かつては『良い実のなる美しい青々としたオリブの木』と呼ばれたが、激しい暴風のとどろきと共に、主はそれに火をかけ、その枝を焼き払われるのである。
১৬পূৰ্বতে যিহোৱাই তোমাক ‘উত্তম ফলেৰে শোভিত কেঁচাপতীয়া জিতগছ” এই নাম দিলে।’ তেওঁ মহা-কোলাহলৰ শব্দেৰে সৈতে তোমাৰ ওপৰত জুই জ্বলালে, আৰু তাৰ ডালবোৰ ভগ্ন হ’ল।
17 あなたを植えた万軍の主は、あなたに向かって災を言い渡された。これはイスラエルの家とユダの家とが悪を行い、バアルに香をたいて、わたしを怒らせたからである」。
১৭কিয়নো বালৰ উদ্দেশ্যে ধূপ জ্বলাই মোক বেজাৰ দিবৰ অৰ্থে যিহূদা আৰু ইস্ৰায়েল বংশই নিজৰ বিৰুদ্ধে যি দুষ্কৰ্ম কৰিছিল, তাৰ কাৰণে তোমাক ৰোপণ কৰা বাহিনীসকলৰ যিহোৱাই তোমাৰ বিৰুদ্ধে অমঙ্গল প্ৰকাশ কৰিলে।
18 主が知らせてくださったので、わたしはそれを知った。その時、あなたは彼らの悪しきわざをわたしに示された。
১৮আৰু যিহোৱাই মোক তাৰ বিষয়ে জ্ঞান দিয়াত মই তাক জানিবলৈ পালোঁ। সেই সময়ত তুমি মোক তেওঁলোকৰ কাৰ্য দেখুৱালা।
19 しかしわたしは、ほふられに行く、おとなしい小羊のようで、彼らがわたしを害しようと、計りごとをめぐらしているのを知らなかった。彼らは言う、「さあ、木とその実を共に滅ぼそう。生ける者の地から彼を絶って、その名を人に忘れさせよう」。
১৯কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ মেৰ-ছাগ পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোঁহক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।
20 正しいさばきをし、人の心と思いを探られる万軍の主よ、わたしは自分の訴えをあなたにお任せしました。あなたが彼らにあだをかえされるのを見させてください。
২০কিন্তু ধাৰ্মিকতাৰে বিচাৰ কৰোঁতা, অন্তৰ আৰু হৃদয় পৰীক্ষা কৰোঁতা হে বাহিনীসকলৰ যিহোৱা, তেওঁলোকৰ ওপৰত তুমি সাধা প্ৰতিকাৰ মোক দেখিবলৈ দিয়া। কিয়নো মই তোমাৰ আগতেই মোৰ গোচৰ সোধালোঁ।
21 それゆえ主はアナトテの人々についてこう言われる、彼らはあなたの命を取ろうと求めて言う、「主の名によって預言してはならない。それをするならば、あなたはわれわれの手にかかって死ぬであろう」。
২১এই হেতুকে অনাথোতৰ লোকসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তেওঁলোকে তোমাৰ প্ৰাণ বিচাৰি কয়, যে, যিহোৱাৰ নামেৰে ভববাণী প্ৰচাৰ নকৰিবা, কৰিলে তুমি আমাৰ হাতত মৰা পৰিবা।’
22 それで万軍の主はこう言われる、「見よ、わたしは彼らを罰する。若い人はつるぎで死に、彼らのむすこ娘は、ききんで死に、
২২এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, চোৱা, মই তেওঁলোকক দণ্ড দিম। ডেকাবোৰ তৰোৱালত আঘাতিত হৈ মৰিব। তেওঁলোকৰ পো-জীসকল আকালত মৃত্যু হ’ব।
23 だれも残る者はない。わたしがアナトテの人々に災を下し、彼らを罰する年をこさせるからである」。
২৩আৰু তেওঁলোকৰ কোনো অৱশিষ্ট নাথাকিব। কিয়নো মই অনাথোতৰ লোকসকললৈ অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰিম।”

< エレミヤ書 11 >