< イザヤ書 62 >

1 シオンの義が朝日の輝きのようにあらわれいで、エルサレムの救が燃えるたいまつの様になるまで、わたしはシオンのために黙せず、エルサレムのために休まない。
চিয়োনৰ বাবে মই নিজম দি নাথাকোঁ, আৰু যিৰূচালেমৰ বাবে মই নিৰৱে নাথাকোঁ, যেতিয়ালৈকে তেওঁৰ ধাৰ্মিকতা উজ্বলতাৰে আগুৱাই নাযায়, আৰু তেওঁৰ পৰিত্ৰাণ জ্বলি থকা প্ৰদীপৰ দৰে নহয়।
2 もろもろの国はあなたの義を見、もろもろの王は皆あなたの栄えを見る。そして、あなたは主の口が定められる新しい名をもってとなえられる。
দেশবাসীয়ে তোমাৰ ধাৰ্মিকতা, আৰু সকলো ৰজাই তোমাৰ গৌৰৱ দেখিব; আৰু যিহোৱাই নিৰ্বাচন কৰা এটা নতুন নামেৰে তোমাক মতা হ’ব।
3 また、あなたは主の手にある麗しい冠となり、あなたの神の手にある王の冠となる。
তোমালোক যিহোৱাৰ হাতত এটি সুন্দৰ কিৰীটি, আৰু তোমালোকৰ ঈশ্বৰৰ হাতত এটি ৰাজমুকুটস্বৰূপ হ’বা।
4 あなたはもはや「捨てられた者」と言われず、あなたの地はもはや「荒れた者」と言われず、あなたは「わが喜びは彼女にある」ととなえられ、あなたの地は「配偶ある者」ととなえられる。主はあなたを喜ばれ、あなたの地は配偶を得るからである。
তোমালোকক পুনৰ “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি পুনৰ মতা নহ’ব; তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা” বুলি প্ৰখ্যাত হ’ব; কিয়নো যিহোৱা তোমালোকত সন্তুষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব।
5 若い者が処女をめとるようにあなたの子らはあなたをめとり、花婿が花嫁を喜ぶようにあなたの神はあなたを喜ばれる。
কাৰণ যিদৰে যুৱকে যুৱতীক বিবাহ কৰে, সেইদৰে তোমালোকৰ পুত্ৰসকলে তোমাক বিবাহ কৰিব; আৰু যিদৰে দৰাই কন্যাত আনন্দ কৰে, সেইদৰে তোমালোকৰ ঈশ্বৰেও তোমালোকত আনন্দ কৰিব।
6 エルサレムよ、わたしはあなたの城壁の上に見張人をおいて、昼も夜もたえず、もだすことのないようにしよう。主に思い出されることを求める者よ、みずから休んではならない。
হে যিৰূচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীসকল নিযুক্ত কৰিলোঁ; তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। হে যিহোৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহ’বা;
7 主がエルサレムを堅く立てて、全地に誉を得させられるまで、お休みにならぬようにせよ。
তেওঁ পুনৰ সংস্থাপন নোহোৱালৈকে তেওঁক জিৰণী ল’বলৈ নিদিবা, যিৰূচালেম আৰু তেওঁৰ সৃষ্টিয়ে পৃথিবীত প্ৰশংসা কৰক।
8 主はその右の手をさし、大能のかいなをさして誓われた、「わたしは再びあなたの穀物をあなたの敵に与えて食べさせない。また、あなたが労して得たぶどう酒を異邦人に与えて飲ませない。
যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
9 しかし、穀物を刈り入れた者はこれを食べて主をほめたたえ、ぶどうを集めた者はわが聖所の庭でこれを飲む」。
কাৰণ যিসকলে শস্য চপাই, তেওঁলোকে তাক ভোজন কৰিব আৰু যিহোৱাৰ প্ৰশংসা কৰিব, আৰু যিসকলে দ্ৰাক্ষাগুটি গোটাই, তেওঁলোকে মোৰ ধৰ্মধামৰ চোতালবোৰত তাৰ দ্রাক্ষাৰস পান কৰিব।”
10 門を通って行け、通って行け。民の道を備えよ。土を盛り、土を盛って大路を設けよ。石を取りのけ。もろもろの民の上に旗をあげよ。
১০আহাঁ, দুৱাৰৰ মাজেদি আহাঁ! লোকসকলৰ বাবে পথ যুগুত কৰা! নিৰ্মাণ কৰা, ৰাজআলি নিৰ্মাণ কৰা! শিলবোৰ গুটাই পেলাই দিয়া, দেশবাসীসকলৰ বাবে নিচান পতাকা তোলা।
11 見よ、主は地の果にまで告げて言われた、「シオンの娘に言え、『見よ、あなたの救は来る。見よ、その報いは主と共にあり、その働きの報いは、その前にある』と。
১১চোৱা, যিহোৱাই পৃথিবীৰ অন্তলৈকে ঘোষণা কৰিছে, “তোমালোকে চিয়োনজীয়াৰীক কোৱা চোৱা, তোমাৰ ত্ৰাণকৰ্ত্তা আহি আছে; চোৱা, তেওঁৰ পুৰস্কাৰ তেওঁৰ সৈতে আছে, আৰু তেওঁৰ আগত তেওঁ দিব লগীয়া প্রতিফল আছে’।”
12 彼らは『聖なる民、主にあがなわれた者』ととなえられ、あなたは『人に尋ね求められる者、捨てられない町』ととなえられる」。
১২তেওঁলোকে তোমাক “পবিত্ৰ লোক” আৰু “যিহোৱাৰ মুক্তলোক” বুলি মাতিব; আৰু তুমি “অন্বেষিতা” আৰু “অপৰিত্যক্ত নগৰ” বুলি প্ৰখ্যাত হ’বা।

< イザヤ書 62 >