< イザヤ書 46 >

1 ベルは伏し、ネボはかがみ、彼らの像は獣と家畜との上にある。あなたがたが持ち歩いたものは荷となり、疲れた獣の重荷となった。
বেল দেৱতা মুৰ্ত্তিবোৰ নত হ’ল, নবো মুৰ্ত্তিবোৰ দোঁ খালে, সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।
2 彼らはかがみ、彼らは共に伏し、重荷となった者を救うことができずかえって、自分は捕われて行く。
একেলগে সিহঁত নত হ’য়, আঠু কাঢ়ে; সিহঁতে প্রতিমাবোৰ উদ্ধাৰ কৰিব নোৱাৰে; কিন্তু সিহঁত নিজেও বন্দী অৱস্থালৈ যায়।
3 「ヤコブの家よ、イスラエルの家の残ったすべての者よ、生れ出た時から、わたしに負われ、胎を出た時から、わたしに持ち運ばれた者よ、わたしに聞け。
গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো: সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা।
4 わたしはあなたがたの年老いるまで変らず、白髪となるまで、あなたがたを持ち運ぶ。わたしは造ったゆえ、必ず負い、持ち運び、かつ救う。
আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।
5 あなたがたは、わたしをだれにたぐい、だれと等しくし、だれにくらべ、かつなぞらえようとするのか。
তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা? আৰু মই কাৰ সাদৃশ, সেয়ে জানো আমাক তুলনা কৰিব পাৰিব?
6 彼らは袋からこがねを注ぎ出し、はかりをもって、しろがねをはかり、金細工人を雇って、それを神に造らせ、これにひれ伏して拝む。
লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰীক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।
7 彼らはこれをもたげて肩に載せ、持って行って、その所に置き、そこに立たせる。これはその所から動くことができない。人がこれに呼ばわっても答えることができない。また彼をその悩みから救うことができない。
তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।
8 あなたがたはこの事をおぼえ、よく考えよ。そむける者よ、この事を心にとめよ、
হে তোমালোক বিদ্ৰোহীসকল এই বিষয়ে চিন্তা কৰা; কেতিয়াও প্রত্যাখ্যান নকৰিবা
9 いにしえよりこのかたの事をおぼえよ。わたしは神である、わたしのほかに神はない。わたしは神である、わたしと等しい者はない。
সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা; কাৰণ ময়েই ঈশ্বৰ, আৰু আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।
10 わたしは終りの事を初めから告げ、まだなされない事を昔から告げて言う、『わたしの計りごとは必ず成り、わが目的をことごとくなし遂げる』と。
১০মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম, আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
11 わたしは東から猛禽を招き、遠い国からわが計りごとを行う人を招く。わたしはこの事を語ったゆえ、必ずこさせる。わたしはこの事をはかったゆえ、必ず行う。
১১মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম; হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে, মইয়ো কৰিম।
12 心をかたくなにして、救に遠い者よ、わたしに聞け。
১২সুকার্য্যৰ পৰা দূৰৈত থাকা জেদী লোকসকল মোৰ কথা শুনা।
13 わたしはわが救を近づかせるゆえ、その来ることは遠くない。わが救はおそくない。わたしは救をシオンに与え、わが栄光をイスラエルに与える」。
১৩মই মোৰ ধাৰ্মিকতা ওচৰলৈ আনো; এইটো দূৰত নাথাকে, আৰু মোৰ পৰিত্ৰাণে বাট নাচায়; আৰু মই চিয়োনক পৰিত্রান আৰু ইস্ৰায়েলক মোৰ সৌন্দর্য্য দিম।

< イザヤ書 46 >