< イザヤ書 22 >

1 幻の谷についての託宣。あなたがたはなぜ、みな屋根にのぼったのか。
উপত্যকাৰ বিষয়ে দেখা দৰ্শনৰ ঘোষণা। তোমালোক সকলোৱে ঘৰৰ চালত কিহৰ বাবে উঠিলা?
2 叫び声で満ちている者、騒がしい都、喜びに酔っている町よ。あなたのうちの殺された者はつるぎで殺されたのではなく、また戦いに倒れたのでもない。
কোলাহলপূৰ্ণ নগৰ, হে উল্লাসপ্ৰিয় নগৰ, তোমালোকৰ মৃতবোৰ তৰোৱালেৰে হ’ত হোৱা নাই, আৰু তেওঁলোক যুদ্ধতো মৰা নাই।
3 あなたのつかさたちは皆共にのがれて行ったが、弓を捨てて捕えられた。彼らは遠く逃げて行ったが、あなたのうちの見つかった者はみな捕えられた。
তোমালোকৰ শাসনকৰ্ত্তাসকল একেলগে পলাই গ’ল, কিন্তু তেওঁলোকক বিনা ধনুৰে ধৰা হ’ল; তেওঁলোকক সকলোকে বন্দী কৰা হ’ল, তেওঁলোকে দূৰলৈ পলাইছিল।
4 それゆえ、わたしは言った、「わたしを顧みてくれるな、わたしはいたく泣き悲しむ。わが民の娘の滅びのために、わたしを慰めようと努めてはならない」。
সেই বাবে মই ক’লো, “মোলৈ দৃষ্টি নকৰিবা, মই সন্তাপেৰে ক্ৰন্দন কৰিম; মোৰ লোকসকল জীয়াৰীৰ সৰ্বনাশৰ বাবে মোক শান্তনা দিবলৈ চেষ্টা নকৰিবা।
5 万軍の神、主は幻の谷に騒ぎと、踏みにじりと、混乱の日をこさせられる。城壁はくずれ落ち、叫び声は山に聞える。
কিয়নো বাহিনীসকলৰ প্ৰভু যিহোৱাৰ বাবে ইয়াত এটা বিক্ষোভ, পদদলিত কৰা দিন উপস্থিত হৈছে, দৰ্শনৰ উপত্যকাত, দেৱালবোৰ ভঙা হৈছে, আৰু আটাহ পৰাৰ শব্দ পৰ্ব্বতলৈকে গৈছে।
6 エラムは箙を負い、戦車と騎兵とをもってきたり、キルは盾をあらわした。
এলমে ৰথ আৰু অশ্বাৰোহীৰ সৈতে তূণ লৈ গৈছে, আৰু কীৰ ঢাল খুলিছে।
7 あなたの最も美しい谷は戦車で満ち、騎兵はもろもろの門にむかって立った。
তোমালোকৰ মনোৰম্য উপত্যকা অহাৰ বিষয়ে ৰথবোৰেৰে পৰিপূৰ্ণ হ’ব, আৰু অশ্বাৰোহীসকলে ৰাজদুৱাৰত নিজৰ স্থান ল’ব।”
8 ユダを守るおおいは取り除かれた。その日あなたは林の家の武具を仰ぎ望んだ。
তেওঁ যিহূদাৰ সুৰক্ষা আতৰালে; আৰু সেই দিনা তোমালোক জংঘলৰ ৰাজপ্রাসাদত থকা অস্ত্ৰশস্ত্র দেখিছিলা;
9 またあなたがたはダビデの町の破れの多いのを見、下の池の水を集め、
তোমালোক দায়ূদৰ নগৰৰ বিচ্ছেদ দেখিলা সেইবোৰ অনেক আছিল; আৰু তোমালোক পুখুৰীৰ তলৰ পানীবোৰ গোটালা।
10 エルサレムの家を数え、またその家をこわして城壁を築き、
১০তোমালোকে যিৰূচালেমৰ ঘৰবোৰ গণনা কৰিলা, আৰু নগৰৰ গড় সুদৃঢ় কৰিবৰ বাবে তাৰ ঘৰবোৰ ভাঙি পেলালা;
11 一つの貯水池を二つの城壁の間に造って古池の水をひいた。しかしあなたがたはこの事をなされた者を仰ぎ望まず、この事を昔から計画された者を顧みなかった。
১১তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা। কিন্তু যি জনে বহু দিন আগতে এই পৰিকল্পনা কৰিছিল সেই জনলৈ তোমালোকে দৃষ্টি নকৰিলা,
12 その日、万軍の神、主は泣き悲しみ、頭をかぶろにし、荒布をまとうことを命じられたが、
১২সেইদিনা বাহিনীসকলৰ প্ৰভু যিহোৱাই, কান্দিবলৈ, বিলাপ কৰিবলৈ, মূৰ টকলা কৰিবলৈ, আৰু চট কাপোৰ কঁকালত বান্ধিবলৈ মাতিছিল;
13 見よ、あなたがたは喜び楽しみ、牛をほふり、羊を殺し、肉を食い、酒を飲んで言う、「われわれは食い、かつ飲もう、明日は死ぬのだから」。
১৩কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উদযাপন, উল্লাস, পহু বধ, মেৰ-ছাগ বলি, মাংস-ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল; “আহাঁ, আমি ভোজন পান কৰোঁহক, কিয়নো কাইলৈ আমি মৰিম।”
14 万軍の主はみずからわたしの耳に示された、「まことに、この不義はあなたがたが死ぬまで、ゆるされることはない」と万軍の神、主は言われる。
১৪মই শুনা বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই কোৱা কথা এই, “তোমালোকৰ এই অপৰাধ ক্ষমা কৰা নহ’ব, এনে কি, তোমালোকে মৰিলেও নহ’ব” এইয়ে বাহিনীসকলৰ যিহোৱা প্ৰভুৰ কোৱা কথা।
15 万軍の神、主はこう言われる、「さあ、王の家をつかさどるこの執事セブナに行って言いなさい、
১৫বাহিনীসকলৰ যিহোৱা প্ৰভুৱে এইদৰে কৈছে, “চেবনাৰ বংশৰ ওপৰত থকা তত্বাৱধায়কৰ ওচৰলৈ যোৱা আৰু কোৱা,
16 『あなたはここになんの係わりがありますか。あなたはだれの縁故でここに自分のために墓を掘ったのですか。あなたは高い所に墓を掘り、岩をうがって自分のためにすみかを造った。
১৬‘ইয়াত তোমাৰ কি আছে, আৰু তুমি কোন, যে তুমি ইয়াত নিজৰ বাবে এটা মৈদাম খানিলা? সিও নিজৰ বাবে এটা মৈদাম খানিলে, নিজৰ বাবে শিলত এটা বিশ্রামস্থান ক্ষোদিত কৰিলে’।”
17 強い人よ、見よ、主はあなたを激しくなげ倒される。主はあなたを堅くつかまえ、
১৭চোৱা, যিহোৱাই তোমাক দলিয়াই পেলাব, পৰাক্রমী জন তললৈ দলিয়াই পেলাব, তেওঁ তোমাক দুৰ্লভভাবে হাতেৰে মুচৰিব।
18 ぐるぐるまわして、まりのように広々した地に投げられる。主人の家の恥となる者よ、あなたはそこで死に、あなたの華麗な車はそこに残る。
১৮তেওঁ নিশ্চয়কৈ তোমাক গুল গুলকৈ নুৰিয়াই বলৰ দৰে গোল কৰি বহল দেশত পেলাই দিব; তোমাৰ প্ৰভুৰ বংশক লাজ দিয়া জন যি তুমি, তুমি সেই ঠাইত মৰিবা, আৰু তোমাৰ তেজস্বী ৰথবোৰ তাত থাকিব।
19 わたしは、あなたをその職から追い、その地位から引きおろす。
১৯“মই তোমাক তোমাৰ কাৰ্যালয়ৰ পৰা আৰু তোমাৰ স্থানৰ পৰা খেদিম। তোমাক তলত পেলাই দিয়া হ’ব।
20 その日、わたしは、わがしもべヒルキヤの子エリアキムを呼んで、
২০সেই দিনা অহাৰ সময়ত, মই মোৰ দাস হিল্কিয়াৰ পুত্ৰ ইলিয়াকীমক মাতিম;
21 あなたの衣を着せ、あなたの帯をしめさせ、あなたの権力を彼の手にゆだねる。彼はエルサレムの民とユダの家との父となる。
২১মই তোমাৰ ৰাজবস্ত্ৰ, আৰু তোমাৰ টঙালি তেওঁক পিন্ধাম, আৰু মই তোমাৰ ক্ষমতাৰ ভাৰ তেওঁৰ হাতত অৰ্পণ কৰিম। তেওঁ যিৰূচালেম নিবাসীসকলৰ আৰু যিহূদা বংশৰ পিতৃস্বৰূপ হ’ব।
22 わたしはまたダビデの家のかぎを彼の肩に置く。彼が開けば閉じる者なく、彼が閉じれば開く者はない。
২২মই দায়ূদৰ বংশৰ চাবি তেওঁৰ কান্ধত দিম; তাতে তেওঁ খুলিব, আৰু কোনেও বন্ধ নকৰিব, তেওঁ বন্ধ কৰিব, আৰু কোনেও নোখুলিব।
23 わたしは彼を堅い所に打ったくぎのようにする。そして彼はその父の家の誉の座となり、
২৩মই সুৰক্ষিত স্থানত তেওঁক গজাল স্বৰূপে মাৰিম; আৰু তেওঁ নিজৰ পিতৃৰ বংশলৈ গৌৰৱৰ আসন স্বৰূপ হ’ব।
24 その父の家のすべての重さは彼の上にかかる。すなわちその子、その孫およびすべての小さい器、鉢からすべてのびんにいたるまでみな、彼の上にかかる』」。
২৪তেওঁৰ পিতৃ-বংশৰ সকলো গৌৰৱ, সন্তান সকল আৰু বংশধৰ, প্রতিটো সৰু পাত্র, আৰু পিয়লাৰ পৰা সকলো কলহলৈকে তেওঁলোকে নিজৰ ওপৰত আৰি থ’ব।
25 万軍の主は言われる、「その日、堅い所に打ったくぎは抜け、切られて落ちる。その上にかかっている荷もまた取り去られる」と主は語られた。
২৫সেই দিনা বাহিনীসকলৰ যিহোৱাই কৰা ঘোষণা এই, “দৃঢ় স্থানত মৰা খুটিটো খহি পৰিব, বিছিন্ন হ’ব, পতিত হ’ব, আৰু তাৰ ওপৰত আৰি থোৱা ভাৰ বিচ্ছিন্ন হ’ব” কিয়নো যিহোৱাই এই কথা ক’লে।

< イザヤ書 22 >