< イザヤ書 15 >

1 モアブについての託宣。アルは一夜のうちに荒されて、モアブは滅びうせ、キルは一夜のうちに荒されて、モアブは滅びうせた。
মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।
2 デボンの娘は高き所にのぼって泣き、モアブはネボとメデバの上で嘆き叫ぶ。おのおのその頭をかぶろにし、そのひげをことごとくそった。
তেওঁলোক মন্দিৰৰ ওপৰলৈ গ’ল, আৰু দীবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ’ল; নবো আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে; সকলোৰে মুৰ টকলা কৰা হৈছে, আৰু প্ৰতিজনৰ ডাঢ়ি কটা হৈছে।
3 彼らはそのちまたで荒布をまとい、その屋根または広場で、みな泣き叫び、涙に浸る。
তেওঁলোকৰ পথত তেওঁলোকে চট কাপোৰ পিন্ধিছে; আৰু কঁকাল বান্ধিছে; আৰু প্রতিজনে চকবোৰত চকু পানী বোৱাই কান্দিছে।
4 ヘシボンとエレアレとは叫び、その声はヤハズまで聞える。それゆえ、モアブの兵士は声をあげ、その魂はおののく。
হিচবোন আৰু ইলিয়ালিয়ে চিঞৰিছে, তেওঁলোকৰ শব্দ যহচৰলৈকে শুনা গৈছে। সেয়ে মোৱাবৰ অস্ত্রধাৰী লোকসকল আৰ্তনাদ কৰিছে; আৰু তেওঁলোকৰ আত্মাই কঁপিছে।
5 わが心はモアブのために叫び呼ばわる。その落人はゾアルおよびエグラテ・シリシヤにのがれ、泣きながらルヒテの坂をのぼり、ホロナイムの道で滅びの叫びをあげる。
মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।
6 ニムリムの水はかわき、草は枯れ、苗は消えて、青い物はない。
কাৰণ নিম্ৰীময়ৰ পানীসমূহ শুকাই গৈছে; ঘাঁহবোৰ শুকাই গৈছে, নতুন ঘাঁহও শুকাই গৈছে, সেউজীয়া একোৱেই নাই।
7 それゆえ、彼らはその得た富と、そのたくわえた物とを携えて、柳の川をわたる。
তেওঁলোকে যথেষ্ট ধন বৃদ্ধি কৰিলে, আৰু গোটালে তেওঁলোকে ঝাও গছৰ জুৰিৰ কাষলৈ লৈ গ’ল।
8 その叫びの声はモアブの境をめぐり、その嘆きの声はエグライムにいたり、またその嘆きの声はベエル・エリムにいたる。
সেই ক্রন্দন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালীমৰ পৰা বেৰ-এলীমমলৈকে শুনা গৈছে।
9 デボンの水は血で満ちる。わたしはデボンの上にさらに災を加え、モアブののがれた者とこの地の残った者とに、ししを送る。
কিয়নো দীমোনৰ পানী তেজেৰে পৰিপূৰ্ণ; কিন্তু মই দীমোনলৈ আৰু বেছি দুখ আনিম। মোৱাবৰ পৰা ৰক্ষা পোৱা লোকসকল, আৰু দেশৰ অৱশিষ্ট থকা লোকসকলক এটা সিংহই আক্রমণ কৰিব।

< イザヤ書 15 >