< イザヤ書 13 >

1 アモツの子イザヤに示されたバビロンについての託宣。
আমোচৰ পুত্ৰ যিচয়াই পোৱা বাবিলৰ বিষয়ে ঘোষণা।
2 あなたがたは木のない山に旗を立て、声をあげて彼らを招き、手を振って彼らを貴族の門に、はいらせよ。
তোমালোকে গছ-গছনি নথকা পৰ্ব্বতৰ ওপৰত এখন সংকেত পতাকা স্থাপন কৰা, আৰু তেওঁলোকলৈ উচ্চধ্বনি কৰা, প্রধান লোকৰ দুৱাৰলৈ তেওঁলোক সোমায় যাবলৈ তোমাৰ হাত জোকাৰা।
3 わたしはわが怒りのさばきを行うために聖別した者どもに命じ、わが勇士、わが勝ち誇る者どもを招いた。
মই মোৰ পবিত্ৰীকৃত লোকসকলক আদেশ দিলোঁ; হয়, মই মোৰ ক্ৰোধ কাৰ্যকাৰী কৰিবলৈ মোৰ পৰাক্রমী লোক এনে কি, গৰ্বেৰে উল্লাস কৰা সকলকো মাতিলোঁ।
4 聞け、多くの民のような騒ぎ声が山々に聞える。聞け、もろもろの国々、寄りつどえるもろもろの国民のざわめく声が聞える。これは万軍の主が戦いのために軍勢を集められるのだ。
বহু লোকৰ চিঞৰৰ দৰে পৰ্ব্বতবোৰত বহুসংখ্যক লোকৰ শব্দ! বহু দেশ একলগ হৈ চিঞৰাৰ দৰে ৰাজ্যৰ প্রচণ্ড আলোড়ন! বাহিনীসকলৰ যিহোৱাই যুদ্ধৰ বাবে সৈন্যসকলক একত্রিত কৰিছে।
5 彼らは遠い国から、天の果から来る。これは、主とその憤りの器で、全地を滅ぼすために来るのだ。
তেওঁলোকে দূৰ দিগন্ত দেশৰ পৰা, যিহোৱাৰ বিচাৰৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে সমগ্র দেশ ধ্বংস কৰিবলৈ আহিছে।
6 あなたがたは泣き叫べ。主の日が近づき、滅びが全能者から来るからだ。
যিহোৱাৰ সোধবিচাৰৰ দিন অতি ওচৰ; সৰ্ব্বশক্তিমান জনাৰ পৰা সৰ্ব্বনাশ আহিছে।
7 それゆえ、すべての手は弱り、すべての人の心は溶け去る。
সেই কাৰণে সকলো হাত দুৰ্ব্বল হ’ব, আৰু প্ৰত্যেক হৃদয় দ্ৰৱ হ’ব;
8 彼らは恐れおののき、苦しみと悩みに捕えられ、子を産まんとする女のようにもだえ苦しみ、互に驚き、顔を見あわせ、その顔は炎のようになる。
প্রসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্রাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ’ব, তেওঁলোকৰ মুখ উজ্বলি উঠিব।
9 見よ、主の日が来る。残忍で、憤りと激しい怒りとをもってこの地を荒し、その中から罪びとを断ち滅ぼすために来る。
চোৱা, দেশ উচ্ছন্ন কৰিবলৈ, আৰু তাৰ পৰা পাপীবোৰক বিনষ্ট কৰিবলৈ, যিহোৱাৰ দিন খং আৰু প্ৰচণ্ড ক্ৰোধেৰে আহিছে।
10 天の星とその星座とはその光を放たず、太陽は出ても暗く、月はその光を輝かさない。
১০আকাশ মণ্ডলৰ তৰা আৰু নক্ষত্ৰবোৰে নিজৰ দীপ্তি প্ৰকাশ নকৰিব; পূৱাৰ পৰাই সূৰ্য আন্ধাৰেৰে আবৃত হ’ব, আৰু চন্দ্ৰই দীপ্তি নিদিব।
11 わたしはその悪のために世を罰し、その不義のために悪い者を罰し、高ぶる者の誇をとどめ、あらぶる者の高慢を低くする。
১১মই জগতখনক কুকাৰ্যৰ বাবে আৰু দুষ্টবোৰক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম, মই অহঙ্কাৰীবোৰৰ দৰ্প শেষ কৰিম, আৰু কঠিন হৃদয়ৰ লোকসকলৰ অহংকাৰ নাশ কৰিম।
12 わたしは人を精金よりも、オフルのこがねよりも少なくする。
১২মই মানুহক শুদ্ধ সোণতকৈ, আৰু মনুষ্যক ওফীৰৰ শুদ্ধ সোণতকৈয়ো দুৰ্ল্লভ কৰিম।
13 それゆえ、万軍の主の憤りにより、その激しい怒りの日に、天は震い、地は揺り動いて、その所をはなれる。
১৩এই হেতুকে মই আকাশ মণ্ডলক কঁপাম, আৰু বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত আৰু তেওঁৰ প্ৰচণ্ড খঙৰ দিনত পৃথিৱী জোকাৰ খাই স্থানান্তৰিত হ’ব।
14 彼らは追われた、かもしかのように、あるいは集める者のない羊のようになって、おのおの自分の民に帰り、自分の国に逃げて行く。
১৪খেদা খোৱা হৰিণৰ বা ৰখীয়া নথকা মেৰ-ছাগৰ দৰে তেওঁলোক প্ৰতিজনে নিজৰ দেশলৈ পলাই যাব।
15 すべて見いだされる者は刺され、すべて捕えられる者はつるぎによって倒され、
১৫বিচাৰি পোৱা প্রতিজনকে হত্যা কৰা হ’ব, আৰু বন্দী কৰা প্রতিজনকে তৰোৱালেৰে বধ কৰা হ’ব।
16 彼らのみどりごはその目の前で投げ砕かれ、その家はかすめ奪われ、その妻は汚される。
১৬তেওঁলোকৰ চকুৰ আগতে তেওঁলোকৰ কেঁচুৱাবোৰক দলিয়াই ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ ঘৰবোৰ লুট কৰা হ’ব, আৰু তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰা হ’ব।
17 見よ、わたしは、しろがねをも顧みず、こがねをも喜ばないメデアびとを起して、彼らにむかわせる。
১৭চোৱা, ৰূপ গণ্য নকৰা, আৰু সোণতো সন্তুষ্ট নোহোৱা লোকসকলক আক্রমণ কৰিবলৈ মই মাদিয়াসকলক উচটাম।
18 彼らの弓は若い者を射殺し、腹の実をあわれむことなく、幼な子を見て、惜しむことがない。
১৮তেওঁলোকৰ ধনুকাঁড় ডেকাসকলক বিন্ধিব, তেওঁলোকে শিশুবোৰক দয়া নকৰিব, আৰু সন্তান সকলক কৃপাদৃষ্টি নকৰিব।
19 国々の誉であり、カルデヤびとの誇である麗しいバビロンは、神に滅ぼされたソドム、ゴモラのようになる。
১৯আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহংকাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘমোৰাৰ দৰে হ’ব।
20 ここにはながく住む者が絶え、世々にいたるまで住みつく者がなく、アラビヤびともそこに天幕を張らず、羊飼もそこに群れを伏させることがない。
২০সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।
21 ただ、野の獣がそこに伏し、ほえる獣がその家に満ち、だちょうがそこに住み、鬼神がそこに踊る。
২১কিন্তু মৰুভূমিৰ বনৰীয়া জন্তুৱে তাত বাস কৰিব; তেওঁলোকৰ ঘৰবোৰ ফেঁচাৰে পৰিপূৰ্ণ হ’ব, আৰু সেই ঠাইত উট পক্ষীয়ে আৰু বনৰীয়া ছাগলীবোৰে জপিয়াব।
22 ハイエナはその城の中で鳴き、山犬は楽しい宮殿でほえる。その時の来るのは近い、その日は延びることがない。
২২তেওঁলোকৰ দুর্গবোৰত ৰাংকুকুৰ, আৰু মনোহৰ অট্টালিকাবোৰত শিয়ালে চিঞৰিব। তেওঁৰ সময় ওচৰ চাপিছে, আৰু তেওঁৰ দিনবোৰ বিলম্ব নকৰিব।

< イザヤ書 13 >