< ホセア書 2 >

1 あなたがたの兄弟に向かっては「アンミ(わが民)」と言い、あなたがたの姉妹に向かっては「ルハマ(あわれまれる者)」と言え。
তোমালোকৰ ভাইসকলক তোমালোকে অম্মী আৰু ভনীসকলক ৰুহামা বুলি ক’বা।
2 「あなたがたの母とあげつらえ、あげつらえ彼女はわたしの妻ではない、わたしは彼女の夫ではないそして彼女にその顔から淫行を除かせ、その乳ぶさの間から姦淫を除かせよ。
তোমালোকৰ মাতৃৰ বিৰুদ্ধে তোমালোকে বিবাদ কৰা, তোমালোকে বিবাদ কৰা; কিয়নো তাই মোৰ ভার্যা নহয়, আৰু মইও তাইৰ স্বামী নহয়। তাই নিজৰ চকুৰ চাৱনীৰ পৰা পতিতা আৰু তাইৰ স্তনৰ পৰা নিজ ব্যভিচাৰ দূৰ কৰক।
3 そうでなければ、わたしは彼女の着物をはいで裸にし、その生れ出た日のようにし、また荒野のようにし、かわききった地のようにし、かわきによって彼女を殺す。
সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম। মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম।
4 わたしはその子らをあわれまない、彼らは淫行の子らだからである。
মই তাইৰ ল’ৰা-ছোৱালীবোৰক দয়া নকৰিম; কাৰণ তেওঁলোক বেশ্যাৰ সন্তান।
5 彼らの母は淫行をなし、彼らをはらんだ彼女は恥ずべきことを行った。彼女は言った、『わたしはわが恋人たちについて行こう。彼らはパンと水と羊の毛と麻と油と飲み物とを、わたしに与える者である』と。
তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে। কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।”
6 それゆえ、わたしはいばらで彼女の道をふさぎ、かきをたてて、彼女にはその道がわからないようにする。
সেই কাৰণে, মই কাঁইটেৰে তাইৰ পথ বন্ধ কৰিম; মই তাইৰ অহিতে এখন দেৱাল সাজিম যাতে তাই নিজৰ পথ বিচাৰি পাব নোৱাৰে।
7 彼女はその恋人たちのあとを慕って行く、しかし彼らに追いつくことはない。彼らを尋ねる、しかし見いだすことはない。そこで彼女は言う、『わたしは行って、さきの夫に帰ろう。あの時は今よりもわたしによかったから』と。
তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”
8 彼女に穀物と酒と油とを与えた者、またバアルのために用いた銀と金とを多く彼女に与えた者は、わたしであったことを彼女は知らなかった。
কিয়নো তাই জনা নাছিল যে, ময়েই তাইক সেই শস্য, দ্রাক্ষাৰস আৰু তেল দিছিলোঁ; তাইক প্রচুৰ পৰিমাণে ৰূপ আৰু সোণ দিছিলোঁ, যিবোৰ তাই বাল দেৱতাৰ কাৰণে ব্যৱহাৰ কৰিছিল।
9 それゆえ、わたしは穀物をその時になって奪い、ぶどう酒をその季節になって奪い、また彼女の裸をおおうために用いる羊の毛と麻とを奪い取る。
সেইবাবে শস্য দোৱাৰ সময়ত আৰু নতুন দ্রাক্ষাৰস তৈয়াৰ হোৱা বতৰত মই তাইৰ শস্য ঘূৰাই লম। তাইৰ উলঙ্গতা ঢাকিবলৈ ব্যৱহাৰ কৰা মোৰ ঊণ আৰু শণ সূতা মই কাঢ়ি লম।
10 わたしは今、彼女のみだらなことをその恋人たちの目の前にあらわす。だれも彼女をわたしの手から救う者はない。
১০মই এতিয়া তাইৰ প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাইৰ লজ্জা খুলি নগ্ন কৰিম; মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব।
11 わたしは彼女のすべての楽しみ、すなわち祝、新月、安息日、すべての祭をやめさせる。
১১মই তাইৰ সকলো আমোদ-প্রমোদ বন্ধ কৰিম; তাইৰ উৎসৱবোৰ, ন-জোন, বিশ্ৰাম-দিন আৰু তাইৰ সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম।
12 わたしはまた彼女が先に『これはわたしの恋人らが、わたしに与えた報酬だ』と言った彼女のぶどうの木と、いちじくの木とを荒し、これを林とし、野の獣にこれを食わせる。
১২মই তাইৰ সকলো দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰ ধ্বংস কৰিম; তাই সেইবোৰৰ বিষয়ে কৈছিল, “এইবোৰ বেচ হিচাপে মোৰ প্ৰেমিকসকলে মোক দিছিল।” মই সেই বাৰীবোৰক অৰণ্যলৈ পৰিণত কৰিম আৰু বনৰীয়া পশুবোৰে তাৰ পৰা আহাৰ খাব।
13 また彼女が耳輪と宝石で身を飾り、その恋人たちを慕って行って、わたしを忘れ、香をたいて仕えたバアルの祭の日のために、わたしは彼女を罰すると主は言われる。
১৩তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।
14 それゆえ、見よ、わたしは彼女をいざなって、荒野に導いて行き、ねんごろに彼女に語ろう。
১৪এই হেতুকে মই এতিয়া তাইক বিমোহিত কৰিম আৰু তাইক মৰুপ্রান্তৰলৈ আনি তাইৰে সৈতে মৰমেৰে কথা পাতিম।
15 その所でわたしは彼女にそのぶどう畑を与え、アコルの谷を望みの門として与える。その所で彼女は若かった日のように、エジプトの国からのぼって来た時のように、答えるであろう。
১৫মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম। যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি গীত গাব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত গীত গাইছিল।
16 主は言われる、その日には、あなたはわたしを『わが夫』と呼び、もはや『わがバアル』とは呼ばない。
১৬যিহোৱাই কৈছে, “সেই দিনা তুমি মোক “মোৰ স্বামী” বুলি মাতিবা আৰু “মোৰ বাল” বুলি পুনৰায় নামাতিবা।
17 わたしはもろもろのバアルの名を彼女の口から取り除き、重ねてその名をとなえることのないようにする。
১৭কিয়নো মই তাইৰ মুখৰ পৰা বাল দেৱতাবোৰৰ নাম দূৰ কৰিম; তাই পুনৰ সেইবোৰৰ নাম সোঁৱৰণ নকৰিব।
18 その日には、わたしはまたあなたのために野の獣、空の鳥および地の這うものと契約を結び、また弓と、つるぎと、戦争とを地から断って、あなたを安らかに伏させる。
১৮মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা প্রাণীবোৰেৰে সৈতে এটি নিয়ম স্থাপন কৰিম; সকলোৱে যাতে নিৰাপদে শুব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল, আৰু যুদ্ধ দূৰ কৰিম।
19 またわたしは永遠にあなたとちぎりを結ぶ。すなわち正義と、公平と、いつくしみと、あわれみとをもってちぎりを結ぶ。
১৯মই তোমাক চিৰকালৰ বাবে মোৰ ভার্যা কৰি ল’ম; ধার্মিকতা, ন্যায় বিচাৰ, গভীৰ প্রেম আৰু দয়াৰে মই তোমাক ভার্যা কৰি ল’ম।
20 わたしは真実をもって、あなたとちぎりを結ぶ。そしてあなたは主を知るであろう。
২০মই বিশ্বস্ততাৰে তোমাক ভার্যা কৰি ল’ম আৰু তেতিয়া তুমি যিহোৱাক জানিব পাৰিবা।
21 主は言われる、その日わたしは天に答え、天は地に答える。
২১যিহোৱাই কৈছে, “সেই দিনা মই উত্তৰ দিম; মই আকাশ-মণ্ডলক উত্তৰ দিম; আকাশ-মণ্ডলে পৃথিবীক উত্তৰ দিব,
22 地は穀物と酒と油とに答え、またこれらのものはエズレルに答える。
২২পৃথিবীয়ে শস্য, দ্ৰাক্ষাৰস, আৰু তেলক উত্তৰ দিব, আৰু সেইবোৰে যিজ্ৰিয়েলক উত্তৰ দিব।
23 わたしはわたしのために彼を地にまき、あわれまれぬ者をあわれみ、わたしの民でない者に向かって、『あなたはわたしの民である』と言い、彼は『あなたはわたしの神である』と言う」。
২৩মই তাইক মোৰ কাৰণে দেশত ৰোপণ কৰিম। লো-ৰুহামাক মই দয়া কৰিম; লো-অম্মীক মই ক’ম “তুমি মোৰেই প্ৰজা” আৰু তেওঁ ক’ব “আপুনিয়েই মোৰ ঈশ্বৰ।”

< ホセア書 2 >