< ホセア書 10 >

1 イスラエルは実を結ぶ茂ったぶどうの木である。その実を多く結ぶにしたがって、祭壇を増し、その地の豊かなるにしたがって、柱の像を麗しくした。
ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে। তাৰ ফল যিমানে বৃদ্ধি পালে, সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।
2 彼らの心は偽りである。今、彼らはその罪を負わなければならない。主はその祭壇をこわし、その柱の像を砕かれる。
তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ; সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব। যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব।
3 今、彼らは言う、「われわれは主を恐れないので、われわれには王がない。王はわれわれのために何をなしえようか」と。
তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?”
4 彼らはむなしき言葉をいだし、偽りの誓いをもって契約を結ぶ。それゆえ、さばきは畑のうねの毒草のように現れる。
তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়; সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে।
5 サマリヤの住民は、ベテアベンの子牛のためにおののき、その民はこれがために嘆き、その偶像に仕える祭司たちは、その栄光のうせたるがために泣き悲しむ。
চমৰিয়াত বসবাস কৰা লোকসকলে বৈৎ-আবনৰ দামুৰি-মূর্তিৰ কাৰণে ভয়তে কঁপিছে; সেয়ে তাৰ লোকসকলে শোক কৰিব, সেইদৰে, সেই মূর্তিপূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব; কাৰণ সেই মূর্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে।
6 その子牛はアッスリヤに携えられ、礼物として大王にささげられ、エフライムは恥をうけ、イスラエルはおのれの偶像を恥じる。
সেইটো অচূৰীয়ালৈ লৈ যোৱা হ’ব, আৰু মহাৰাজৰ উপহাৰস্বৰূপে তাক দিয়া হ’ব। ইফ্ৰয়িমে লাজ পাব, ইস্ৰায়েলে কাঠৰ মূর্তিক অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ’ব।
7 サマリヤの王は、水のおもての木切れのように滅ぼされる。
পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰিয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ’ব।
8 イスラエルの罪であるアベンの高き所も滅び、いばらとあざみがその祭壇の上にはえ茂る。その時彼らは山に向かって、「われわれをおおえ」と言い、丘に向かって「われわれの上に倒れよ」と言う。
বৈৎ-আবনৰ পূজাৰ ওখ ঠাইৰ মঠবোৰ অর্থাৎ ইস্ৰায়েলৰ পাপময় ঠাইবোৰ ধ্বংস হ’ব। কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব; তেতিয়া তেওঁলোকে পৰ্ব্বতবোৰক ক’ব, “আমাক ঢাকি পেলোৱা!” সৰু সৰু পাহাৰবোৰক ক’ব, “আমাৰ ওপৰত পৰা!”
9 イスラエルよ、あなたはギベアの日からこのかた罪を犯した。彼らはその所に立っていた。戦いはギベアにおる彼らに及ばないであろうか。
যিহোৱাই কৈছে, “হে ইস্ৰায়েল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা; পাপৰ মাজতেই তোমালোক থাকি গ’লা; গিবিয়াত যুদ্ধই জানো অধর্মচাৰীবোৰক লগ নাপাব?
10 わたしは来てよこしまな民を攻め、これを懲らしめる。彼らがその二つの罪のために懲しめられるとき、もろもろの民は集まって彼らを攻める。
১০যেতিয়াই মোৰ ইচ্ছা হয়, তেতিয়াই মই উচ্ছৃঙ্খল লোকসকলক শাস্তি দিবলৈ আহিম; তেওঁলোকৰ দুটা পাপৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ তেওঁলোকৰ অহিতে বিভিন্ন জাতিবোৰক একত্রিত কৰা হব।
11 エフライムはならされた若い雌牛であって、穀物を踏むことを好む。わたしはその麗しい首を惜しんだ。しかし、わたしはエフライムにくびきをかける。ユダは耕し、ヤコブは自分のために、まぐわをひかねばならない。
১১ইফ্ৰয়িম এক শিক্ষা পোৱা চেঁউৰী গৰু, যি শস্য মৰণা মাৰিবলৈ ভাল পায়। মই তাইৰ সুন্দৰ ডিঙিত যুঁৱলি দিম, মই ইফ্ৰয়িমৰ ওপৰত এক যুঁৱলি দিম; যিহূদাই নাঙল টানিব, যাকোবে নিজৰ কাৰণে মৈ টানিব।”
12 あなたがたは自分のために正義をまき、いつくしみの実を刈り取り、あなたがたの新田を耕せ。今は主を求むべき時である。主は来て救いを雨のように、あなたがたに降りそそがれる。
১২তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ, প্রেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা; যিহোৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব।
13 あなたがたは悪を耕し、不義を刈りおさめ、偽りの実を食べた。これはあなたがたが自分の戦車を頼み、勇士の多いことを頼んだためである。
১৩কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, ছলনাৰ ফল ভোগ কৰিলা; তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা।
14 それゆえ、あなたがたの民の中にいくさの騒ぎが起り、シャルマンが戦いの日にベテ・アルベルを打ち破ったように、あなたがたの城はことごとく打ち破られる。母らはその子らと共に打ち砕かれた。
১৪সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।
15 イスラエルの家よ、あなたがたの大いなる悪のゆえに、このように、あなたがたにも行われ、イスラエルの王は、あらしの中に全く滅ぼされる。
১৫হে বৈৎএল, তোমালোকলৈকো তেনেদৰে ঘটিব। কাৰণ তোমাৰ দুষ্টতা অতি বেছি। ৰাতিপুৱা হ’লে ইস্ৰায়েলৰ ৰজাক সম্পূর্ণকৈ ধ্বংস কৰা হ’ব।

< ホセア書 10 >