< 創世記 9 >

1 神はノアとその子らとを祝福して彼らに言われた、「生めよ、ふえよ、地に満ちよ。
ঈশ্বৰে নোহ আৰু তেওঁৰ পুত্ৰসকলক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা।
2 地のすべての獣、空のすべての鳥、地に這うすべてのもの、海のすべての魚は恐れおののいて、あなたがたの支配に服し、
পৃথিৱীৰ সকলো জীৱ-জন্তু, আকাশৰ চৰাই, মাটিত বগাই ফুৰা সকলোবোৰ প্রাণী আৰু সমুদ্ৰৰ সকলো মাছে তোমালোকক ভয় কৰিব; সেইবোৰ তোমালোকৰ হাতত শোধাই দিয়া হৈছে।
3 すべて生きて動くものはあなたがたの食物となるであろう。さきに青草をあなたがたに与えたように、わたしはこれらのものを皆あなたがたに与える。
সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলোঁ, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ।
4 しかし肉を、その命である血のままで、食べてはならない。
কিন্তু প্রাণে সৈতে অৰ্থাৎ তেজেৰে সৈতে তোমালোকে মঙহ নাখাবা।
5 あなたがたの命の血を流すものには、わたしは必ず報復するであろう。いかなる獣にも報復する。兄弟である人にも、わたしは人の命のために、報復するであろう。
কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম।
6 人の血を流すものは、人に血を流される、神が自分のかたちに人を造られたゆえに。
ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
7 あなたがたは、生めよ、ふえよ、地に群がり、地の上にふえよ」。
তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।”
8 神はノアおよび共にいる子らに言われた、
তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰসকলক ক’লে,
9 「わたしはあなたがた及びあなたがたの後の子孫と契約を立てる。
“চোৱা! মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰসকলৰ সৈতে আৰু
10 またあなたがたと共にいるすべての生き物、あなたがたと共にいる鳥、家畜、地のすべての獣、すなわち、すべて箱舟から出たものは、地のすべての獣にいたるまで、わたしはそれと契約を立てよう。
১০যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ।
11 わたしがあなたがたと立てるこの契約により、すべて肉なる者は、もはや洪水によって滅ぼされることはなく、また地を滅ぼす洪水は、再び起らないであろう」。
১১মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।”
12 さらに神は言われた、「これはわたしと、あなたがた及びあなたがたと共にいるすべての生き物との間に代々かぎりなく、わたしが立てる契約のしるしである。
১২ঈশ্বৰে আৰু ক’লে, “মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে সৈতে ভৱিষ্যতৰ সকলো বংশৰ কাৰণে যি নিয়ম স্থাপন কৰিলোঁ, তাৰ চিন এই:
13 すなわち、わたしは雲の中に、にじを置く。これがわたしと地との間の契約のしるしとなる。
১৩মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
14 わたしが雲を地の上に起すとき、にじは雲の中に現れる。
১৪যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনিম, তেতিয়া তোমালোকে সেই মেঘৰ মাজত মেঘধনু দেখা পাবা;
15 こうして、わたしは、わたしとあなたがた、及びすべて肉なるあらゆる生き物との間に立てた契約を思いおこすゆえ、水はふたたび、すべて肉なる者を滅ぼす洪水とはならない。
১৫তেতিয়া মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে বাবে কৰা মোৰ নিয়মৰ কথা মই সুঁৱৰিম; তাতে পানীয়ে সকলো প্ৰাণী ধ্বংস কৰাকৈ কেতিয়াও আৰু জলপ্লাৱন নহ’ব।
16 にじが雲の中に現れるとき、わたしはこれを見て、神が地上にあるすべて肉なるあらゆる生き物との間に立てた永遠の契約を思いおこすであろう」。
১৬মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।”
17 そして神はノアに言われた、「これがわたしと地にあるすべて肉なるものとの間に、わたしが立てた契約のしるしである」。
১৭ঈশ্বৰে নোহক ক’লে, “মোৰ আৰু পৃথিবীত থকা সকলো প্ৰাণীৰে মাজত মই যি নিয়ম স্থাপন কৰিছোঁ, ইয়েই হৈছে তাৰ চিন।
18 箱舟から出たノアの子らはセム、ハム、ヤペテであった。ハムはカナンの父である。
১৮জাহাজৰ পৰা নোহৰ পুত্ৰ চেম, হাম আৰু যেফৎ বাহিৰলৈ ওলাই আহিল। পাছত কনান নামেৰে হামৰ এটি পুত্র জন্মিল।
19 この三人はノアの子らで、全地の民は彼らから出て、広がったのである。
১৯গোটেই পৃথিৱীতে নোহৰ এই তিনি জন পুত্ৰৰ বংশধৰসকল বিয়পি পৰিল।
20 さてノアは農夫となり、ぶどう畑をつくり始めたが、
২০নোহ এজন কৃষক হ’ল আৰু তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে।
21 彼はぶどう酒を飲んで酔い、天幕の中で裸になっていた。
২১তেওঁ এদিন দ্রাক্ষাৰস খাই মতলীয়া হ’ল আৰু নিজৰ তম্বুৰ ভিতৰত বিবস্ত্ৰ হৈ পৰি আছিল।
22 カナンの父ハムは父の裸を見て、外にいるふたりの兄弟に告げた。
২২তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।
23 セムとヤペテとは着物を取って、肩にかけ、うしろ向きに歩み寄って、父の裸をおおい、顔をそむけて父の裸を見なかった。
২৩তাতে চেম আৰু যেফতে এখন কাপোৰ তেওঁলোকৰ কান্ধত তুলি ল’লে আৰু পাছ হুঁহকি হুঁহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। তেওঁলোকৰ মুখ বিপৰীত দিশত আছিল বাবে বাপেকৰ নগ্নতা তেওঁলোকে দেখা নাপালে।
24 やがてノアは酔いがさめて、末の子が彼にした事を知ったとき、
২৪পাছত নোহৰ চেতনা অহাত তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিলে, তাক জানিবলৈ পালে।
25 彼は言った、「カナンはのろわれよ。彼はしもべのしもべとなって、その兄弟たちに仕える」。
২৫তেতিয়া তেওঁ ক’লে, “কনানৰ ওপৰত অভিশাপ আহঁক; সি তাৰ ভাতৃসকলৰ দাসবোৰৰো দাস হওক।”
26 また言った、「セムの神、主はほむべきかな、カナンはそのしもべとなれ。
২৬তেওঁ পুনৰ ক’লে, “চেমৰ ঈশ্বৰ যিহোৱা ধন্য; কনান চেমৰ দাস হওক।
27 神はヤペテを大いならしめ、セムの天幕に彼を住まわせられるように。カナンはそのしもべとなれ」。
২৭ঈশ্বৰে যেফতক যেন বিস্তাৰিত কৰে, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰ দাস হওঁক।”
28 ノアは洪水の後、なお三百五十年生きた。
২৮জল-প্লাৱনৰ পাছত নোহ পুনৰ তিনিশ পঞ্চাশ বছৰ জীয়াই থাকিল।
29 ノアの年は合わせて九百五十歳であった。そして彼は死んだ。
২৯পাছত নোহৰ সৰ্ব্বমুঠ ন শ পঞ্চাশ বছৰ বয়সত তেওঁৰ মৃত্যু হ’ল।

< 創世記 9 >