< 創世記 42 >

1 ヤコブはエジプトに穀物があると知って、むすこたちに言った、「あなたがたはなぜ顔を見合わせているのですか」。
যেতিয়া যাকোবে মিচৰত শস্য আছে বুলি শুনা পালে, তেতিয়া তেওঁৰ পুত্ৰসকলক ক’লে, “তোমালোকে ইজনে সিজনৰ মুখলৈ কিয় চোৱাচুই কৰি আছা?”
2 また言った、「エジプトに穀物があるということだが、あなたがたはそこへ下って行って、そこから、われわれのため穀物を買ってきなさい。そうすれば、われわれは生きながらえて、死を免れるであろう」。
তেওঁ পুনৰ ক’লে, “চোৱা, মিচৰত শস্য আছে বুলি মই শুনিছোঁ; তোমালোকে তালৈ নামি গৈ, তাৰ পৰা আমাৰ বাবে শস্য কিনি আনাগৈ; তেতিয়াহে আমি নমৰি জীয়াই থাকিব পাৰিম।”
3 そこでヨセフの十人の兄弟は穀物を買うためにエジプトへ下った。
যোচেফৰ ককায়েক দহ জনে মিচৰৰ পৰা শস্য কিনি আনিবলৈ নামি গ’ল।
4 しかし、ヤコブはヨセフの弟ベニヤミンを兄弟たちと一緒にやらなかった。彼が災に会うのを恐れたからである。
কিন্তু যোচেফৰ ভায়েক বিন্যামীনক হ’লে, যাকোবে ককায়েকসকলৰ লগত নপঠালে; কিয়নো তেওঁ ক’লে, “কিজানি তাৰ কিবা বিপদ ঘটে।”
5 こうしてイスラエルの子らは穀物を買おうと人々に交じってやってきた。カナンの地にききんがあったからである。
এইদৰে শস্য কিনিবলৈ যোৱা মানুহবোৰৰ লগত ইস্ৰায়েলৰ পুত্ৰসকল গ’ল; কিয়নো কনান দেশত আকাল হৈছিল।
6 ときにヨセフは国のつかさであって、国のすべての民に穀物を売ることをしていた。ヨセフの兄弟たちはきて、地にひれ伏し、彼を拝した。
সেই সময়ত যোচেফ মিচৰ দেশৰ অধ্যক্ষ আছিল। তেৱেঁই দেশৰ সকলো লোকক শস্য বেচিছিল। যেতিয়া যোচেফৰ ককায়েকসকলে গৈ তেওঁৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে,
7 ヨセフは兄弟たちを見て、それと知ったが、彼らに向かっては知らぬ者のようにし、荒々しく語った。すなわち彼らに言った、「あなたがたはどこからきたのか」。彼らは答えた、「食糧を買うためにカナンの地からきました」。
তেতিয়া যোচেফে তেওঁৰ ককায়েকসকলক দেখি চিনি পালে; কিন্তু তেওঁ অচিনাকিৰ দৰে ব্যৱহাৰ কৰিলে আৰু কঠোৰভাৱে তেওঁলোকৰ লগত কথা পাতিলে। তেওঁ তেওঁলোকক সুধিলে, “তোমালোক ক’ৰ পৰা আহিছা?” তেওঁলোকে ক’লে, “কনান দেশৰ পৰা শস্য কিনিবলৈ আহিছোঁ।”
8 ヨセフは、兄弟たちであるのを知っていたが、彼らはヨセフとは知らなかった。
এইদৰে যোচেফে ককায়েকসকলক চিনি পালে, কিন্তু তেওঁলোকে হ’লে ভায়েকক চিনি নাপালে।
9 ヨセフはかつて彼らについて見た夢を思い出して、彼らに言った、「あなたがたは回し者で、この国のすきをうかがうためにきたのです」。
যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।”
10 彼らはヨセフに答えた、「いいえ、わが主よ、しもべらはただ食糧を買うためにきたのです。
১০তেওঁলোকে তেওঁক ক’লে, “নহয়, মোৰ প্ৰভু; আপোনাৰ এই দাস সকলে শস্য কিনিবলৈহে আহিছোঁ।
11 われわれは皆、ひとりの人の子で、真実な者です。しもべらは回し者ではありません」。
১১আমি সকলো এজন লোকৰে পুত্র; আমি সৎ মানুহ। আপোনাৰ দাসবোৰ গুপ্তচৰ নহয়।”
12 ヨセフは彼らに言った、「いや、あなたがたはこの国のすきをうかがうためにきたのです」。
১২তেতিয়া যোচেফে তেওঁলোকক ক’লে, “নহয়, তোমালোকে দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে আহিছা।”
13 彼らは言った、「しもべらは十二人兄弟で、カナンの地にいるひとりの人の子です。末の弟は今、父と一緒にいますが、他のひとりはいなくなりました」。
১৩কিন্তু তেওঁলোকে ক’লে, “আপোনাৰ দাস আমি ভাই ককাই বাৰজন; আমি কনান দেশৰ বাসিন্দা এজন লোকৰেই সন্তান; আমাৰ সকলোতকৈ সৰু ভাইটো বর্তমান পিতাৰ ওচৰত আছে আৰু আন এজন ভাই জীৱিত নাই।”
14 ヨセフは彼らに言った、「わたしが言ったとおり、あなたがたは回し者です。
১৪যোচেফে তেওঁলোকক ক’লে, “মই তোমালোকৰ বিষয়ে যি কৈছোঁ, সেয়াই ঠিক; তোমালোক গুপ্তচৰ।
15 あなたがたをこうしてためしてみよう。パロのいのちにかけて誓います。末の弟がここにこなければ、あなたがたはここを出ることはできません。
১৫ইয়াৰেই তোমালোকক পৰীক্ষা কৰা হ’ব - তোমালোকৰ সৰু ভাই যেতিয়ালৈকে ইয়ালৈ নাহে, তেতিয়ালৈকে তোমালোকে এই ঠাই এৰি যাব নোৱাৰিবা। এই কথা মই ফৰৌণৰ জীৱনৰে শপত খাই কৈছো।
16 あなたがたのひとりをやって弟を連れてこさせなさい。それまであなたがたをつないでおいて、あなたがたに誠実があるかどうか、あなたがたの言葉をためしてみよう。パロのいのちにかけて誓います。あなたがたは確かに回し者です」。
১৬সৰু ভাইক আনিবলৈ তোমালোকৰ মাজৰ পৰা এজনক পঠাই দিয়া আৰু আন সকলো বন্দী হৈ থাকা। তাতে তোমালোকৰ কথা সত্য হয় নে নহয়, প্রমাণিত হ’ব। নহ’লে, ফৰৌণৰ জীৱনৰে শপত, তোমালোক যে গুপ্তচৰ, ই নিশ্চিত।”
17 ヨセフは彼らをみな一緒に三日の間、監禁所に入れた。
১৭এইবুলি কৈ যোচেফে তিনি দিনলৈকে তেওঁলোক সকলোকে কাৰাগাৰত বন্দী কৰি হ’ল।
18 三日目にヨセフは彼らに言った、「こうすればあなたがたは助かるでしょう。わたしは神を恐れます。
১৮তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
19 もしあなたがたが真実な者なら、兄弟のひとりをあなたがたのいる監禁所に残し、あなたがたは穀物を携えて行って、家族の飢えを救いなさい。
১৯তোমালোক যদি সঁচাই সৎ লোক হোৱা, তেন্তে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা এজন এই কাৰাগাৰত বন্দী হৈ থাকক; বাকী সকলোৱে তোমালোকৰ ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লৈ যাওক।
20 そして末の弟をわたしのもとに連れてきなさい。そうすればあなたがたの言葉のほんとうであることがわかって、死を免れるでしょう」。彼らはそのようにした。
২০তোমালোকৰ কথা সত্য বুলি প্রমাণ হ’বৰ কাৰণে সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়াহে তোমালোকৰ প্রাণ ৰক্ষা পাব।” তাতে তেওঁলোকে সেইদৰে কৰিলে।
21 彼らは互に言った、「確かにわれわれは弟の事で罪がある。彼がしきりに願った時、その心の苦しみを見ながら、われわれは聞き入れなかった。それでこの苦しみに会うのだ」。
২১তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “বাস্তৱিকতে আমাৰ ভাইৰ বিষয়টোত আমি দোষী; সি যেতিয়া আমাৰ আগত কাকুতি-মিনতি কৰিছিল, তেতিয়া তাৰ মনোকষ্ট দেখিও, আমি কাণসাৰ নিদিলোঁ। সেইবাবেই আমাৰ ওপৰত এই সঙ্কট আহিছে।”
22 ルベンが彼らに答えて言った、「わたしはあなたがたに、この子供に罪を犯すなと言ったではないか。それにもかかわらず、あなたがたは聞き入れなかった。それで彼の血の報いを受けるのです」。
২২তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
23 彼らはヨセフが聞きわけているのを知らなかった。相互の間に通訳者がいたからである。
২৩যোচেফে যে তেওঁলোকৰ কথাবোৰ বুজি পাইছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে; কিয়নো দুভাষীৰ মাধ্যমেদিহে তেওঁ তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল।
24 ヨセフは彼らを離れて行って泣き、また帰ってきて彼らと語り、そのひとりシメオンを捕えて、彼らの目の前で縛った。
২৪পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।
25 そしてヨセフは人々に命じて、彼らの袋に穀物を満たし、めいめいの銀を袋に返し、道中の食料を与えさせた。ヨセフはこのように彼らにした。
২৫তাৰ পাছত যোচেফে নিজৰ দাসবোৰক আদেশ দিলে যেন তেওঁলোকৰ বস্তাবোৰত শস্য ভৰাই দিয়া হয় আৰু প্ৰতিজনে দিয়া ধন তাৰ বস্তাত ওভটাই দিয়া হয়; তাৰ উপৰিও যাত্রাৰ কাৰণে তেওঁলোকৰ প্রয়োজনীয় বস্তুবোৰো দিবলৈ আদেশ দিলে। তাতে তেওঁলোকৰ কাৰণে যোচেফে কোৱাৰ দৰেই সকলো কৰা হ’ল।
26 彼らは穀物をろばに負わせてそこを去った。
২৬তাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গাধৰ পিঠিত শস্য বোজা তুলি লৈ তাৰ পৰা প্রস্থান কৰিলে।
27 そのひとりが宿で、ろばに飼葉をやるため袋をあけて見ると、袋の口に自分の銀があった。
২৭পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
28 彼は兄弟たちに言った、「わたしの銀は返してある。しかも見よ、それは袋の中にある」。そこで彼らは非常に驚き、互に震えながら言った、「神がわれわれにされたこのことは何事だろう」。
২৮তাতে তেওঁ ভায়েক-ককায়েকসকলক ক’লে, “এই চোৱাহি, মোৰ ধনখিনি উভটাই দিছে। এয়া চোৱা, মোৰ বস্তাতেই সেই ধন আছে।” তেতিয়া তেওঁলোকৰ প্ৰাণ উড়ি গ’ল। তেওঁলোকে ভয়তে কঁপি কঁপি ইজনে সিজনৰ ফালে ঘূৰি ক’লে, “ঈশ্বৰে নো আমালৈ এইটো কি কৰিলে?”
29 こうして彼らはカナンの地にいる父ヤコブのもとに帰り、その身に起った事をことごとく告げて言った、
২৯কনান দেশলৈ উলটি গৈ তেওঁলোকে তেওঁলোকৰ বাপেক যাকোবক তেওঁলোকলৈ যি যি ঘটিল সেই সকলোকে জনাই ক’লে,
30 「あの国の君は、われわれに荒々しく語り、国をうかがう回し者だと言いました。
৩০“যি জন লোক সেই দেশৰ প্ৰভু, তেওঁ আমাৰ লগত অতি কর্কশভাৱে কথা পাতিছিল। তেওঁ ভাৱিছিল যে আমি সেই দেশত গুপ্তচৰ।
31 われわれは彼に答えました、『われわれは真実な者であって回し者ではない。
৩১কিন্তু আমি তেওঁক কলোঁ, ‘আমি সৎ মানুহ, গুপ্তচৰ নহওঁ;
32 われわれは十二人兄弟で、同じ父の子である。ひとりはいなくなり、末の弟は今父と共にカナンの地にいる』。
৩২আমি ভাই-ককাই বাৰজন, একে পিতাৰে সন্তান; এজন জীৱিত নাই আৰু সকলোতকৈ সৰুটো এতিয়া পিতাৰ লগত কনান দেশত আছে।’
33 その国の君であるその人はわれわれに言いました、『わたしはこうしてあなたがたの真実な者であるのを知ろう。あなたがたは兄弟のひとりをわたしのもとに残し、穀物を携えて行って、家族の飢えを救いなさい。
৩৩তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে, ‘‘বোলে, ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।
34 そして末の弟をわたしのもとに連れてきなさい。そうすればあなたがたが回し者ではなく、真実な者であるのを知って、あなたがたの兄弟を返し、この国であなたがたに取引させましょう』」。
৩৪তোমালোকৰ সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়া মই জানিম যে, তোমালোক গুপ্তচৰ নোহোঁৱা, কিন্তু সৎ লোক। তেতিয়াহে মই তোমালোকৰ ভাইক তোমালোকলৈ মুকলি কৰি দিম আৰু তোমালোকে এই দেশত ব্যৱসায়-বাণিজ্য কৰিব পাৰিবা।”
35 彼らが袋のものを出して見ると、めいめいの金包みが袋の中にあったので、彼らも父も金包みを見て恐れた。
৩৫তাৰ পাছত তেওঁলোকে নিজৰ বস্তাবোৰ খালী কৰাৰ সময়ত দেখিলে যে, তেওঁলোক প্ৰত্যেকৰ ধনৰ টোপোলাও প্রত্যেকৰ বস্তাৰ ভিতৰত আছে; তাকে দেখি তেওঁলোক আৰু তেওঁলোকৰ পিতৃয়ে ভয় খালে।
36 父ヤコブは彼らに言った、「あなたがたはわたしに子を失わせた。ヨセフはいなくなり、シメオンもいなくなった。今度はベニヤミンをも取り去る。これらはみなわたしの身にふりかかって来るのだ」。
৩৬তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
37 ルベンは父に言った、「もしわたしが彼をあなたのもとに連れて帰らなかったら、わたしのふたりの子を殺してください。ただ彼をわたしの手にまかせてください。わたしはきっと、あなたのもとに彼を連れて帰ります」。
৩৭ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।”
38 ヤコブは言った、「わたしの子はあなたがたと共に下って行ってはならない。彼の兄は死に、ただひとり彼が残っているのだから。もしあなたがたの行く道で彼が災に会えば、あなたがたは、しらがのわたしを悲しんで陰府に下らせるであろう」。 (Sheol h7585)
৩৮তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।” (Sheol h7585)

< 創世記 42 >