< 創世記 22 >

1 これらの事の後、神はアブラハムを試みて彼に言われた、「アブラハムよ」。彼は言った、「ここにおります」。
এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক “অব্ৰাহাম!” বুলি মতাত অব্রাহামে ক’লে, “এইয়া, মই আছোঁ।”
2 神は言われた、「あなたの子、あなたの愛するひとり子イサクを連れてモリヤの地に行き、わたしが示す山で彼を燔祭としてささげなさい」。
তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।”
3 アブラハムは朝はやく起きて、ろばにくらを置き、ふたりの若者と、その子イサクとを連れ、また燔祭のたきぎを割り、立って神が示された所に出かけた。
সেয়ে, অব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্র ইচহাক আৰু দুজন যুবক দাসকো লগত ল’লে। তেওঁ হোমবলি উৎসর্গৰ কাৰণে কাঠো কাটি ল’লে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে।
4 三日目に、アブラハムは目をあげて、はるかにその場所を見た。
তিন দিনৰ দিনা অব্ৰাহামে চকু তুলি চাই দূৰৈৰ পৰাই সেই ঠাই দেখা পালে।
5 そこでアブラハムは若者たちに言った、「あなたがたは、ろばと一緒にここにいなさい。わたしとわらべは向こうへ行って礼拝し、そののち、あなたがたの所に帰ってきます」。
তেতিয়া অব্ৰাহামে নিজৰ দাস দুজনক ক’লে, “তোমালোক গাধটোৰে সৈতে ইয়াতে থাকা; মই আৰু মোৰ ল’ৰাই সেই ঠাইলৈকে যাওঁ; তাত আমাৰ প্রার্থনা শেষ কৰি তোমালোকৰ ওচৰলৈ পুনৰ উলটি আহিম।”
6 アブラハムは燔祭のたきぎを取って、その子イサクに負わせ、手に火と刃物とを執って、ふたり一緒に行った。
এইবুলি কৈ অব্ৰাহামে হোমবলিৰ কাঠখিনি তেওঁৰ পুত্ৰ ইচহাকৰ কান্ধত দি অগ্নি আৰু ছুৰীখন নিজৰ হাতত ল’লে। তাৰ পাছত তেওঁলোক দুয়ো একেলগে খোজকাঁঢ়ি যাবলৈ ধৰিলে।
7 やがてイサクは父アブラハムに言った、「父よ」。彼は答えた、「子よ、わたしはここにいます」。イサクは言った、「火とたきぎとはありますが、燔祭の小羊はどこにありますか」。
তেতিয়া ইচহাকে তেওঁৰ পিতৃ অব্ৰাহামক মাতিলে, “হে মোৰ পিতৃ।” তাতে অব্রাহামে ক’লে, “মোৰ বোপা, মই ইয়াতে আছোঁ।” সি ক’লে, “হোমবলি উৎসর্গৰ কাৰণে চাওঁক জুই আৰু কাঠ আছে, কিন্তু মেৰ-ছাগৰ পোৱালি ক’ত?”
8 アブラハムは言った、「子よ、神みずから燔祭の小羊を備えてくださるであろう」。こうしてふたりは一緒に行った。
অব্ৰাহামে ক’লে, “বোপা, হোমবলিৰ কাৰণে ঈশ্বৰে নিজেই মেৰ-ছাগ পোৱালি যোগাব।” এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ’ল।
9 彼らが神の示された場所にきたとき、アブラハムはそこに祭壇を築き、たきぎを並べ、その子イサクを縛って祭壇のたきぎの上に載せた。
পাছত যি ঠাইৰ কথা ঈশ্বৰে অব্রাহামক কৈছিল, তেওঁলোকে গৈ সেই ঠাই পালে আৰু সেই ঠাইতে অব্ৰাহামে এটা যজ্ঞবেদি নির্ম্মাণ কৰি তাৰ ওপৰত কাঠ সজাই হ’ল। তাৰ পাছত নিজৰ পুত্ৰ ইচহাকক বান্ধি যজ্ঞবেদিৰ কাঠৰ ওপৰত হ’ল।
10 そしてアブラハムが手を差し伸べ、刃物を執ってその子を殺そうとした時、
১০তেতিয়া অব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ ছুৰীখন হাতত ল’লে।
11 主の使が天から彼を呼んで言った、「アブラハムよ、アブラハムよ」。彼は答えた、「はい、ここにおります」。
১১তেনে সময়তে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক’লে, “অব্ৰাহাম, অব্ৰাহাম!” তেওঁ ক’লে, “এইয়া মই আছোঁ।”
12 み使が言った、「わらべを手にかけてはならない。また何も彼にしてはならない。あなたの子、あなたのひとり子をさえ、わたしのために惜しまないので、あなたが神を恐れる者であることをわたしは今知った」。
১২দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।”
13 この時アブラハムが目をあげて見ると、うしろに、角をやぶに掛けている一頭の雄羊がいた。アブラハムは行ってその雄羊を捕え、それをその子のかわりに燔祭としてささげた。
১৩তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে।
14 それでアブラハムはその所の名をアドナイ・エレと呼んだ。これにより、人々は今日もなお「主の山に備えあり」と言う。
১৪তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”
15 主の使は再び天からアブラハムを呼んで、
১৫পাছত ঈশ্বৰৰ দূতে আকাশৰ পৰা পুনৰ মাত লগালে।
16 言った、「主は言われた、『わたしは自分をさして誓う。あなたがこの事をし、あなたの子、あなたのひとり子をも惜しまなかったので、
১৬তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ পুত্র, একেটি পুত্রকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলে আৰু যিহেতু তুমি এই কার্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে,
17 わたしは大いにあなたを祝福し、大いにあなたの子孫をふやして、天の星のように、浜べの砂のようにする。あなたの子孫は敵の門を打ち取り、
১৭মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।
18 また地のもろもろの国民はあなたの子孫によって祝福を得るであろう。あなたがわたしの言葉に従ったからである』」。
১৮তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”
19 アブラハムは若者たちの所に帰り、みな立って、共にベエルシバへ行った。そしてアブラハムはベエルシバに住んだ。
১৯পাছত অব্ৰাহাম নিজৰ দাসবোৰৰ ওচৰলৈ উভটি আহিল আৰু সকলো একেলগে বেৰ-চেবালৈ ঘূৰি গ’ল; এই বেৰ-চেবাতে অব্ৰাহামে বাস কৰিছিল।
20 これらの事の後、ある人がアブラハムに告げて言った、「ミルカもまたあなたの兄弟ナホルに子どもを産みました。
২০এইবোৰ ঘটনাৰ পাছত অব্ৰাহামে এই কথা শুনিবলৈ পালে, “তোমাৰ ককাই নাহোৰৰ ভার্য্যা মিল্কাৰো সতি-সন্ততিৰ জন্ম হ’ল।”
21 長男はウヅ、弟はブズ、次はアラムの父ケムエル、
২১তেওঁলোক হ’ল তেওঁৰ বৰ পুতেক উচ; তাৰ পাছত ভায়েক বুজ আৰু কমৱেলৰ জন্ম হ’ল। কমৱেলৰ পুত্রৰ নাম আছিল অৰাম।
22 次はケセデ、ハゾ、ピルダシ、エデラフ、ベトエルです」。
২২অন্যান্য সন্তান সকল কেচদ, হজো, পিলদচ, ফিদলফ, আৰু বথোৱেল।
23 ベトエルの子はリベカであって、これら八人はミルカがアブラハムの兄弟ナホルに産んだのである。
২৩এই বথোৱেলৰ ছোৱালীৰ নাম ৰিবেকা আছিল। মিল্কাই অব্ৰাহামৰ ককায়েক নাহোৰলৈ এই আঠজনক প্ৰসৱ কৰিলে।
24 ナホルのそばめで、名をルマという女もまたテバ、ガハム、タハシおよびマアカを産んだ。
২৪নাহোৰৰ এগৰাকী উপপত্নী আছিল। তাইৰ নাম আছিল ৰোমা। তাই টেবহ, গহম, তহচ, আৰু মাখা এইসকলক প্ৰসৱ কৰিলে।

< 創世記 22 >