< エゼキエル書 43 >

1 その後、彼はわたしを門に導いた。門は東に面していた。
পাছত সেই মানুহে বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে।
2 その時、見よ、イスラエルの神の栄光が、東の方から来たが、その来る響きは、大水の響きのようで、地はその栄光で輝いた。
আৰু চোৱা! পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জল সমূহৰ শব্দৰ দৰে আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল!
3 わたしが見た幻の様は、彼がこの町を滅ぼしに来た時に、わたしが見た幻と同様で、これはまたわたしがケバル川のほとりで見た幻のようであった。それでわたしは顔を伏せた。
আৰু মই দৰ্শনত দেখা পদাৰ্থৰ দৰে, নগৰখন ধ্বংস কৰিবলৈ অহা সময়ত মই দৰ্শনত দেখা পদাৰ্থ আছিল আৰু কবাৰ নদীৰ ওচৰত মই দৰ্শনত দেখা পদাৰ্থৰ দৰেই এই দৰ্শনত দেখা পদাৰ্থ আছিল। তাতে মই উবুৰি হৈ পৰিলোঁ!
4 主の栄光が、東の方に面した門の道から宮にはいった時、
আৰু যিহোৱাৰ গৌৰৱ পূৱফালে মুখ কৰা বাট-চৰাটোৰ বাটেদি গৃহটিত সোমাল।
5 霊がわたしを引き上げて、内庭に導き入れると、見よ、主の栄光が宮に満ちた。
তেতিয়া আত্মাই মোক তুলি ভিতৰ-চোতালখনলৈ নিলে; আৰু চোৱা, যিহোৱাৰ গৌৰৱে গৃহটি পৰিপূৰ্ণ কৰিলে!
6 その人がわたしのかたわらに立った時、わたしはひとりの人が、宮の中からわたしに語るのを聞いた。
আৰু গৃহটিৰ ভিতৰৰ পৰা এজনে মোক কথা কোৱা মই শুনিবলৈ পালোঁ। আৰু এজন পুৰুষ মোৰ ওচৰত থিয় হ’লহি।
7 彼はわたしに言った、「人の子よ、これはわたしの位のある所、わたしの足の裏の踏む所、わたしが永久にイスラエルの人々の中に住む所である。またイスラエルの家は、民もその王たちも、再び姦淫と、王たちの死体とをもって、わが聖なる名を汚さない。
তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁলোকে বা তেওঁলোকৰ ৰজাসকলে নিজৰ বেশ্যাকৰ্মৰে, আৰু তেওঁলোকৰ ৰজাসকলৰ মৰণ কালত তেওঁলোকৰ ‘মৰা শৱেৰে’ মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব।
8 彼らはその敷居を、わが敷居のかたわらに設け、その門柱を、わが門柱のかたわらに設けたので、わたしと彼らとの間には、わずかに壁があるのみである。そして彼らは、その犯した憎むべき事をもって、わが聖なる名を汚したので、わたしは怒りをもって、これを滅ぼした。
তেওঁলোকে মোৰ দুৱাৰডলিৰ ওচৰত তেওঁলোকৰ দুৱাৰডলি, আৰু মোৰ দুৱাৰ খুটাৰ ওচৰত তেওঁলোকৰ দুৱাৰ খুঁটা দি, মোৰ আৰু তেওঁলোকৰ মাজত কেৱল এটা দেৱাল ৰাখি অশুচি নকৰিব। তেওঁলোকে কৰা তেওঁলোকৰ ঘিণলগীয়া কাৰ্যেৰে তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; এই কাৰণে মই ক্ৰোধত তেওঁলোকক নষ্ট কৰিলোঁ।
9 今彼らに命じて姦淫と、その王たちの死体を、わたしから遠く取り除かせよ。そうしたら、わたしは永久に彼らの中に住む。
এতিয়া তেওঁলোকৰ বেশ্যাকৰ্ম আৰু তেওঁলোকৰ ৰজাসকলৰ মৰা শৱ তেওঁলোকে মোৰ পৰা দূৰ কৰক; তাতে মই তেওঁলোকৰ মাজত চিৰকাললৈকে বাস কৰিম।
10 人の子よ、宮と、その外形と、設計とをイスラエルの家に示せ。彼らはその悪を恥じるであろう。
১০হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ কাৰণে তুমি তেওঁলোকক গৃহটি দেখুউৱা; আৰু সুন্দৰ কৈ গঁথা গৃহটি তেওঁলোকে জোখক।
11 彼らがその犯したすべての事を恥じたら、彼らに、この宮の建て方、設備、出口、入口、すべての形式、すべてのおきて、すべての規定を示せ。これを彼らの目の前に書き、彼らにそのすべての規定と、おきてとを守り行わせよ。
১১আৰু তেওঁলোকে কৰা আটাই কাৰ্যৰ কাৰণে যদি তেওঁলোক লজ্জিত হয়, তেন্তে তেওঁলোকে গৃহটিৰ সমূদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ আৰু তাৰ আটাই ব্যৱস্থা তেওঁলোকক জনোৱা আৰু তেওঁলোকৰ আগতে লিখা।
12 宮の規定はこれである。山の頂の四方の地域はみな最も聖である。見よ、これは宮の規定である。
১২এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হ’ব। চোৱা! গৃহটিৰ ব্যৱস্থা এয়ে।
13 祭壇の寸法はキュビトですれば、次のようである。(そのキュビトは一キュビトと一手幅である。)土台は高さ一キュビト、幅一キュビト、その周囲の縁は半キュビトである。
১৩আৰু যজ্ঞ-বেদিটোৰ হাতৰ জোখ এইবোৰেই সেই হাত, এক হাত চাৰি আঙুল। তল ভাগ এক হাত, প্ৰস্থ এক হাত আৰু চাৰিওফালে তাৰ কিনাৰৰ বাৰ এবেগেত হ’ব; এয়ে যজ্ঞ-বেদিটোৰ তলি হ’ব।
14 祭壇の高さは、次のとおりである。地面の土台から下のかさねまで二キュビト、幅は一キュビト、また小さいかさねから大きいかさねまで四キュビト、その幅は一キュビトである。
১৪আৰু মাটিত থকা তল ভাগৰ পৰা তল খাপলৈ দুহাত আৰু বহলে এক হাত হ’ব।
15 祭壇の炉は四キュビトで、祭壇の炉から高さ一キュビトの角が四本出ていた。
১৫আৰু যজ্ঞ-বেদিটোৰ ওপৰ ভাগ চাৰি হাত হ’ব আৰু যজ্ঞ-বেদিটোৰ জুইশালৰ পৰা ওপৰলৈ চাইটা শিং হ’ব।
16 炉は長さ十二キュビト、幅十二キュビトの四角形である。
১৬যজ্ঞ-বেদিটোৰ জুইশাল বাৰ হাত দীঘল আৰু বাৰ হাত বহল হ’ব; তাৰ চাৰিওফালে সমান হ’ব।
17 そのかさねは四方とも長さ十四キュビト、幅十四キュビトの四角形、その周囲の縁は幅半キュビト、その台は四方一キュビト、その階段は東に面する」。
১৭আৰু ওপৰ ভাগ চৌদ্ধ হাত দীঘল আৰু চৌদ্ধ হাত বহল, চাৰিচুকীয়া হ’ব; আৰু তাৰ চাৰিওফালে থকা বাৰ আধা হাত, আৰু তাৰ তল ভাগ চাৰিওফালে এক হাত হ’ব; তাৰ খটখটী পূৱফাললৈ মুখ কৰি থাকিব।”
18 彼はわたしに言った、「人の子よ、主なる神はこう言われる、祭壇を建て、その上に燔祭をささげ、これに血を注ぐ日には、次のことを祭壇の定めとせよ。
১৮তাৰ পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই কথা কৈছে: যজ্ঞ-বেদিটো সাজি এঁটোৱা দিনা তাত হোম বলি উৎসৰ্গ কৰিবলৈ আৰু তেজ ছটিয়াবলৈ তাৰ নিয়ম প্ৰণালী এইবোৰ।
19 すなわち主なる神は言われる、ザドクの子孫で、わたしに近く仕えるレビびとである祭司には、罪祭のために雄牛の子を与えよ。
১৯মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ ওচৰত থকা চাদোক বংশৰ লেবীয়া পুৰোহিতসকলক তুমি পাপাৰ্থক বলিৰ কাৰণে এটা ডেকা ভতৰা দিবা।” এয়েই প্ৰভু যিহোৱাই দিয়া ঘোষণা
20 またその血をとって、これを祭壇の四つの角と、かさねの四すみと、周囲の縁に塗って、祭壇を清め、これをあがなえ。
২০তেতিয়া তুমি তাৰ অলপ তেজ লৈ বেদিটোৰ চাৰিটা শিঙত, তাৰ ওপৰ ভাগৰ চাৰি চুকত আৰু চাৰিওফালে তাৰ বাৰত লগাবা; তুমি এইদৰে তাক শুচি কৰিবা।
21 あなたはまた罪祭の牛をとって、これを聖所の外、宮のうちの定められた所で焼け。
২১পাছত পাপাৰ্থক বলিৰ সেই ভতৰাটো লৈ তাক ধৰ্মধামৰ বাহিৰে গৃহৰ নিৰূপিত ঠাইত দাহ কৰা হ’ব।
22 第二日に、あなたは無傷の雄やぎを、罪祭としてささげよ。すなわち雄牛で清めたように、これで祭壇を清めよ。
২২তেতিয়া দ্বিতীয় দিনা তুমি পাপাৰ্থক বলিৰ কাৰণে এটা নিঘূণ মতা ছাগ উৎসৰ্গ কৰিবা; তাতে পুৰোহিতসকলে ভতৰাটোৰে যজ্ঞ-বেদিটো শুচি কৰা দৰে যজ্ঞ-বেদিটো শুচি কৰিব।
23 清めごとを終えたなら、無傷の雄牛の子と、群れの中の無傷の雄羊とをささげよ。
২৩তাক শুচি কৰি এঁটালে তুমি এটা নিঘুণ ডেকা ভতৰা আৰু জাকৰ পৰা এটা নিঘূণ মতা মেৰ উৎসৰ্গ কৰিবা।
24 これを主の前に持ってきて、祭司らはその上に塩をまき、これらを燔祭として主にささげよ。
২৪তুমি সেই দুটাক যিহোৱাৰ আগলৈ আনিবা; তাতে পুৰোহিতসকলে সেইবোৰৰ ওপৰত লোণ ছটিয়াব আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলিস্বৰূপে সেইবোৰ উৎসৰ্গ কৰিব।
25 七日の間、あなたは日々雄やぎを罪祭とせよ。また雄牛の子と、群れの中の雄羊との無傷のものをととのえ、
২৫তুমি সাতদিনলৈকে প্ৰতিদিনে পাপাৰ্থক বলিস্বৰূপে এটা এটা ছাগ উৎসৰ্গ কৰিবা; আৰু তেওঁলোকে এটা ডেকা ভতৰা, আৰু জাকৰ পৰা এটা নিঘূণ মেৰ উৎসৰ্গ কৰিব।
26 七日の間、彼らは祭壇をあがない、これを清め、これを聖別しなければならない。
২৬সাতদিনলৈকে তেওঁলোকে যজ্ঞবেদিটো প্ৰায়শ্চিত্ত কৰি তাক শুচি কৰিব; এইদৰে তেওঁলোকে তাৰ প্ৰতিষ্ঠা কৰিব।
27 彼らがこれらの日を満たしたとき、八日目から後は、祭司たちは、あなたがたの燔祭と、酬恩祭とを祭壇の上に供える。そうすれば、わたしは、あなたがたを受けいれると、主なる神は言われる」。
২৭আৰু তেওঁলোকে দিন সম্পূৰ্ণ হ’লে, অষ্টম দিনা আৰু তাৰ পাছত পুৰোহিতদকলৰ যজ্ঞ-বেদিটোত তোমালোকৰ হোম বলি আৰু তোমালোকৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; তাতে, প্ৰভু যিহোৱাই কৈছে, “মই তোমালোকক গ্ৰহণ কৰিম।”

< エゼキエル書 43 >