< 出エジプト記 34 >

1 主はモーセに言われた、「あなたは前のような石の板二枚を、切って造りなさい。わたしはあなたが砕いた初めの板にあった言葉を、その板に書くであろう。
যিহোৱাই মোচিক ক’লে, “তুমি প্রথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল, সেই সকলো কথা, মই পুনৰ এই দুখন ফলিত লিখিম।
2 あなたは朝までに備えをし、朝のうちにシナイ山に登って、山の頂でわたしの前に立ちなさい。
তুমি ৰাতিপুৱাতে যুগুত হৈ চীনয় পৰ্ব্বতলৈ উঠি আহিবা। পৰ্ব্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ’বা।
3 だれもあなたと共に登ってはならない。また、だれも山の中にいてはならない。また山の前で羊や牛を飼っていてはならない」。
আন কোনো লোক তোমাৰ লগত নাহিব; আৰু গোটেই পৰ্ব্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ-ছাগৰ জাকোবোৰো যেন পৰ্ব্বতৰ আগত চৰি নাথাকে।”
4 そこでモーセは前のような石の板二枚を、切って造り、朝早く起きて、主が彼に命じられたようにシナイ山に登った。彼はその手に石の板二枚をとった。
সেয়ে মোচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি, যিহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চীনয় পৰ্ব্বতলৈ গ’ল। যিহোৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ’ল।
5 ときに主は雲の中にあって下り、彼と共にそこに立って主の名を宣べられた。
যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
6 主は彼の前を過ぎて宣べられた。「主、主、あわれみあり、恵みあり、怒ることおそく、いつくしみと、まこととの豊かなる神、
যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
7 いつくしみを千代までも施し、悪と、とがと、罪とをゆるす者、しかし、罰すべき者をば決してゆるさず、父の罪を子に報い、子の子に報いて、三、四代におよぼす者」。
হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞা লঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা। তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা।”
8 モーセは急ぎ地に伏して拝し、
তেতিয়া মোচিয়ে বেগাই মাটিলৈ মূৰ দোঁৱাই প্ৰণিপাত কৰিলে,
9 そして言った、「ああ主よ、わたしがもし、あなたの前に恵みを得ますならば、かたくなな民ですけれども、どうか主がわたしたちのうちにあって一緒に行ってください。そしてわたしたちの悪と罪とをゆるし、わたしたちをあなたのものとしてください」。
তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
10 主は言われた、「見よ、わたしは契約を結ぶ。わたしは地のいずこにも、いかなる民のうちにも、いまだ行われたことのない不思議を、あなたのすべての民の前に行うであろう。あなたが共に住む民はみな、主のわざを見るであろう。わたしがあなたのためになそうとすることは、恐るべきものだからである。
১০যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
11 わたしが、きょう、あなたに命じることを守りなさい。見よ、わたしはアモリびと、カナンびと、ヘテびと、ペリジびと、ヒビびと、エブスびとを、あなたの前から追い払うであろう。
১১মই তোমাক যি আজ্ঞা দিছোঁ আজি তাক পালন কৰা। মই ইমোৰীয়া, কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম।
12 あなたが行く国に住んでいる者と、契約を結ばないように、気をつけなければならない。おそらく彼らはあなたのうちにあって、わなとなるであろう。
১২সাৱধান, তোমালোক যি দেশলৈ গৈ আছা, সেই দেশত নিবাস কৰা লোকসকলৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা, তেনেহ’লে সেয়ে তোমাৰ মাজত ফান্দস্বৰূপ হ’ব।
13 むしろあなたがたは、彼らの祭壇を倒し、石の柱を砕き、アシラ像を切り倒さなければならない。
১৩তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা।
14 あなたは他の神を拝んではならない。主はその名を『ねたみ』と言って、ねたむ神だからである。
১৪তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
15 おそらくあなたはその国に住む者と契約を結び、彼らの神々を慕って姦淫を行い、その神々に犠牲をささげ、招かれて彼らの犠牲を食べ、
১৫তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব।
16 またその娘たちを、あなたのむすこたちにめとり、その娘たちが自分たちの神々を慕って姦淫を行い、また、あなたのむすこたちをして、彼らの神々を慕わせ、姦淫を行わせるに至るであろう。
১৬সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
17 あなたは自分のために鋳物の神々を造ってはならない。
১৭তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা।
18 あなたは種入れぬパンの祭を守らなければならない。すなわち、わたしがあなたに命じたように、アビブの月の定めの時に、七日のあいだ、種入れぬパンを食べなければならない。あなたがアビブの月にエジプトを出たからである。
১৮তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবীব মাহৰ নিৰূপিত কালত সাত দিন ধৰি খমীৰ নিদিয়া পিঠা খাবা। কিয়নো সেই আবীব মাহতে তুমি মিচৰ দেশৰ পৰা ওলাই আহিলা।
19 すべて初めに生れる者は、わたしのものである。すべてあなたの家畜のういごの雄は、牛も羊もそうである。
১৯প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।
20 ただし、ろばのういごは小羊であがなわなければならない。もしあがなわないならば、その首を折らなければならない。あなたのむすこのうちのういごは、みなあがなわなければならない。むなし手でわたしの前に出てはならない。
২০তোমালোকে প্রথমে জগা গাধ কিনিব খোজা যদি এটা মেৰ-ছাগ দিব লাগিব; কিন্তু যদি কিনি লব নোখোজা, তেনেহ’লে তোমালোকে গাধটোৰ ডিঙি নিশ্চয় ভাঙিব লাগিব। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰসকলক তোমালোক কিনি ল’ব লাগিব। কোনো এজনো শুদা হাতে মোৰ আগত উপস্থিত নহ’বা।
21 あなたは六日のあいだ働き、七日目には休まなければならない。耕し時にも、刈入れ時にも休まなければならない。
২১তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
22 あなたは七週の祭、すなわち小麦刈りの初穂の祭を行わなければならない。また年の終りに取り入れの祭を行わなければならない。
২২তোমালোক সপ্তাহৰ পৰ্ব্ব পালন কৰিবা। ঘেঁহু কটাৰ প্ৰথম ফল এই পৰ্ব্বত ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱাৰ পৰ্ব্ব পালন কৰিবা।
23 年に三度、男子はみな主なる神、イスラエルの神の前に出なければならない。
২৩বছৰত তিনিবাৰ তোমালোকৰ পুৰুষসকল ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব।
24 わたしは国々の民をあなたの前から追い払って、あなたの境を広くするであろう。あなたが年に三度のぼって、あなたの神、主の前に出る時には、だれもあなたの国を侵すことはないであろう。
২৪মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।
25 あなたは犠牲の血を、種を入れたパンと共に供えてはならない。また過越の祭の犠牲を、翌朝まで残して置いてはならない。
২৫তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমীৰ নিদিবা। নিস্তাৰ-পৰ্ব্বত উৎস্বৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা।
26 あなたの土地の初穂の最も良いものを、あなたの神、主の家に携えてこなければならない。あなたは子やぎをその母の乳で煮てはならない」。
২৬তোমালোকে নিজৰ খেতিৰ প্ৰথম ফলৰ উত্তম ভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। তোমালোকে ছাগলী পোৱালিক তাৰ মাকৰ গাখীৰ দি নিসিজাবা।”
27 また主はモーセに言われた、「これらの言葉を書きしるしなさい。わたしはこれらの言葉に基いて、あなたおよびイスラエルと契約を結んだからである」。
২৭তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
28 モーセは主と共に、四十日四十夜、そこにいたが、パンも食べず、水も飲まなかった。そして彼は契約の言葉、十誡を板の上に書いた。
২৮মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
29 モーセはそのあかしの板二枚を手にして、シナイ山から下ったが、その山を下ったとき、モーセは、さきに主と語ったゆえに、顔の皮が光を放っているのを知らなかった。
২৯মোচি যেতিয়া সেই দুখন ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া যিহোৱাৰ লগত কথা পতাৰ পাছত তেওঁৰ চেহেৰা যে উজ্জ্বল হৈ আছিল, সেই কথা মোচিয়ে নিজে জনা নাছিল।
30 アロンとイスラエルの人々とがみな、モーセを見ると、彼の顔の皮が光を放っていたので、彼らは恐れてこれに近づかなかった。
৩০হাৰোণ আৰু ইস্ৰায়েলৰ সকলো লোকে মোচিৰ চেহেৰা উজ্জ্বল দেখি, তেওঁলোকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে।
31 モーセは彼らを呼んだ。アロンと会衆のかしらたちとがみな、モーセのもとに帰ってきたので、モーセは彼らと語った。
৩১কিন্তু মোচিয়ে তেওঁলোকক মাতিলে, তেতিয়া হাৰোণ আৰু সমাজৰ মূখ্যলোক সকল তেওঁৰ ওচৰলৈ ওভটি আহিল। তেতিয়া মোচিয়ে তেওঁলোকৰ লগত কথা পাতিলে।
32 その後、イスラエルの人々がみな近よったので、モーセは主がシナイ山で彼に語られたことを、ことごとく彼らにさとした。
৩২তাৰ পাছত, ইস্ৰায়েলৰ লোকসকল মোচিৰ ওচৰ চাপিলে। তেওঁ চীনয় পৰ্ব্বতত যিহোৱাই যিবোৰ আজ্ঞা দিছে সেই সকলো তেওঁলোকক ক’লে।
33 モーセは彼らと語り終えた時、顔おおいを顔に当てた。
৩৩মোচিয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া মোচিয়ে নিজৰ চেহেৰা ওৰণি লৈ ঢাকি ল’লে।
34 しかしモーセは主の前に行って主と語る時は、出るまで顔おおいを取り除いていた。そして出て来ると、その命じられた事をイスラエルの人人に告げた。
৩৪মোচিয়ে যেতিয়াই যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁৰ সন্মুখলৈ গৈছিল, তেতিয়া সেই ওৰণি গুচাইছিল। কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ ওৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল, সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইস্ৰায়েলৰ লোকসকলক কৈছিল।
35 イスラエルの人々はモーセの顔を見ると、モーセの顔の皮が光を放っていた。モーセは行って主と語るまで、また顔おおいを顔に当てた。
৩৫তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁৰ চেহেৰাত এটা উজ্জ্বলতা দেখা পাইছিল। কিন্তু মোচিয়ে যিহোৱাৰ লগত কথা পাতিবলৈ পুনৰ ভিতৰলৈ নোযোৱালৈকে, নিজৰ চেহেৰা ওৰণিৰে ঢাকি লৈছিল।

< 出エジプト記 34 >