< 出エジプト記 19 >

1 イスラエルの人々は、エジプトの地を出て後三月目のその日に、シナイの荒野にはいった。
ইস্ৰায়েলৰ লোকসকল তৃতীয় মাহত মিচৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত, সেই দিনাই তেওঁলোক চীনয় মৰুভূমি আহি পালে।
2 すなわち彼らはレピデムを出立してシナイの荒野に入り、荒野に宿営した。イスラエルはその所で山の前に宿営した。
তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি চীনয় মৰুভূমিলৈ অহাৰ পাছত, মৰুভূমিত পৰ্ব্বতৰ সন্মুখত তম্বু তৰিলে।
3 さて、モーセが神のもとに登ると、主は山から彼を呼んで言われた、「このように、ヤコブの家に言い、イスラエルの人々に告げなさい、
মোচি ঈশ্বৰৰ ওচৰলৈ উঠি গ’ল। যিহোৱাই পৰ্ব্বতৰ পৰা তেওঁক মাত লগাই ক’লে, “তুমি যাকোবৰ বংশক আৰু ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ কোৱা:
4 『あなたがたは、わたしがエジプトびとにした事と、あなたがたを鷲の翼に載せてわたしの所にこさせたことを見た。
মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
5 それで、もしあなたがたが、まことにわたしの声に聞き従い、わたしの契約を守るならば、あなたがたはすべての民にまさって、わたしの宝となるであろう。全地はわたしの所有だからである。
এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
6 あなたがたはわたしに対して祭司の国となり、また聖なる民となるであろう』。これがあなたのイスラエルの人々に語るべき言葉である」。
মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।”
7 それでモーセは行って民の長老たちを呼び、主が命じられたこれらの言葉を、すべてその前に述べたので、
সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে। যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে।
8 民はみな共に答えて言った、「われわれは主が言われたことを、みな行います」。モーセは民の言葉を主に告げた。
সকলো লোকে একেলগে উত্তৰ দি ক’লে, “যিহোৱাই যি কৈছে, সেইবোৰ আমি কৰিম।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলে কোৱা কথা জনালে।
9 主はモーセに言われた、「見よ、わたしは濃い雲のうちにあって、あなたに臨むであろう。それはわたしがあなたと語るのを民に聞かせて、彼らに長くあなたを信じさせるためである」。モーセは民の言葉を主に告げた。
যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।
10 主はモーセに言われた、「あなたは民のところに行って、きょうとあす、彼らをきよめ、彼らにその衣服を洗わせ、
১০যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।
11 三日目までに備えさせなさい。三日目に主が、すべての民の目の前で、シナイ山に下るからである。
১১তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।
12 あなたは民のために、周囲に境を設けて言いなさい、『あなたがたは注意して、山に上らず、また、その境界に触れないようにしなさい。山に触れる者は必ず殺されるであろう。
১২তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’
13 手をそれに触れてはならない。触れる者は必ず石で打ち殺されるか、射殺されるであろう。獣でも人でも生きることはできない』。ラッパが長く響いた時、彼らは山に登ることができる」と。
১৩সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে, তেওঁলৈ শিল দলিওৱা হ’ব বা কাঁড় মৰা হ’ব। পশুৱেই হওক, বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘল কৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্ব্বতৰ নামনিলৈ নামি আহিব।”
14 そこでモーセは山から民のところに下り、民をきよめた。彼らはその衣服を洗った。
১৪তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে।
15 モーセは民に言った、「三日目までに備えをしなさい。女に近づいてはならない」。
১৫তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”
16 三日目の朝となって、かみなりと、いなずまと厚い雲とが、山の上にあり、ラッパの音が、はなはだ高く響いたので、宿営におる民はみな震えた。
১৬তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
17 モーセが民を神に会わせるために、宿営から導き出したので、彼らは山のふもとに立った。
১৭মোচিয়ে ঈশ্বৰক ল’গ ধৰিবলৈ লোকসকলক তম্বুৰ পৰা উলিয়াই আনিলে; আৰু তেওঁলোক পৰ্ব্বতৰ নামনিত থিয় হ’ল।
18 シナイ山は全山煙った。主が火のなかにあって、その上に下られたからである。その煙は、かまどの煙のように立ち上り、全山はげしく震えた。
১৮যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।
19 ラッパの音が、いよいよ高くなったとき、モーセは語り、神は、かみなりをもって、彼に答えられた。
১৯শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে।
20 主はシナイ山の頂に下られた。そして主がモーセを山の頂に召されたので、モーセは登った。
২০এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল।
21 主はモーセに言われた、「下って行って民を戒めなさい。民が押し破って、主のところにきて、見ようとし、多くのものが死ぬことのないようにするためである。
২১যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা।
22 主に近づく祭司たちにもまた、その身をきよめさせなさい。主が彼らを打つことのないようにするためである」。
২২যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমণ নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।”
23 モーセは主に言った、「民はシナイ山に登ることはできないでしょう。あなたがわたしたちを戒めて『山のまわりに境を設け、それをきよめよ』と言われたからです」。
২৩মোচিয়ে যিহোৱাক ক’লে, “লোকসকল চীনয় পৰ্ব্বতৰ ওপৰলৈ আহিব নোৱাৰে; কাৰণ, আপুনি আমাক আজ্ঞা কৰিছে: ‘বিশেষভাৱে যিহোৱাৰ গৌৰৱৰ অৰ্থে পৰ্ব্বতৰ সীমা নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ’।”
24 主は彼に言われた、「行け、下れ。そしてあなたはアロンと共に登ってきなさい。ただし、祭司たちと民とが、押し破って主のところに登ることのないようにしなさい。主が彼らを打つことのないようにするためである」。
২৪তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি পৰ্ব্বতৰ পৰা নামি যোৱা; আৰু হাৰোণক তোমাৰ লগত লৈ আহাঁ; কিন্তু পুৰোহিত আৰু লোকসকলক সীমা অতিক্রম কৰিব নিদিবা। নহ’লে মই তেওঁলোকক আক্ৰমণ কৰিম।”
25 モーセは民の所に下って行って彼らに告げた。
২৫সেয়ে মোচিয়ে লোকসকলৰ ওচৰলৈ নামি গ’ল, আৰু তেওঁলোকৰ আগত সেই কথা ক’লে।

< 出エジプト記 19 >