< エステル 記 2 >

1 これらのことの後、アハシュエロス王の怒りがとけ、王はワシテおよび彼女のしたこと、また彼女に対して定めたことを思い起した。
এই সকলো ঘটনাৰ পাছত, ৰজা অহচবেৰোচৰ ক্ৰোধ শান্ত হ’ল, তাৰ পাছত তেওঁ ৰাণী ৱষ্টী, আৰু তেওঁ কৰা কাৰ্যৰ বষয়ে চিন্তা কৰিলে। তেওঁ ৰাণীৰ বিৰুদ্ধে দিয়া আজ্ঞাৰ বিষয়েও চিন্তা কৰিলে।
2 時に王に仕える侍臣たちは言った、「美しい若い処女たちを王のために尋ね求めましょう。
তেতিয়া ৰজাৰ পৰিচৰ্যা কৰা যুৱক জনে তেওঁক ক’লে, “মহাৰাজৰ বাবে সুন্দৰী যুৱতী কুমাৰী বিচাৰ কৰা হওক।
3 どうぞ王はこの国の各州において役人を選び、美しい若い処女をことごとく首都スサにある婦人の居室に集めさせ、婦人をつかさどる王の侍従ヘガイの管理のもとにおいて、化粧のための品々を彼らに与えてください。
মহাৰাজে নিজৰ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়া সকলক নিযুক্ত কৰক। যাতে তেওঁলোকে সকলো ফালৰ পৰা সুন্দৰী যুৱতী কুমাৰী চুচন ৰাজ-প্রসাদৰ অন্তঃপুৰলৈ আনি গোটাব পাৰে। ৰজাৰ কৰ্মচাৰী নপুংসক হেগয় মহিলা সকলৰ দায়িত্বত আছিল। তেওঁৰ তত্বাৱধানত সুন্দৰী কুমাৰী সকলক ৰখা হওক; আৰু হেগয়ে তেওঁলোকক তেওঁলোকৰ প্রসাধনবোৰ দিয়ক।
4 こうして御意にかなうおとめをとって、ワシテの代りに王妃としてください」。王はこの事をよしとし、そのように行った。
যি গৰাকী যুৱতীয়ে মহাৰাজক সন্তুষ্ট কৰিব, সেই গৰাকীয়েই ৱষ্টীৰ স্থানত ৰাণী হওক।” এই পৰামৰ্শত ৰজাই সন্তুষ্ট হৈ সেই দৰেই কৰিলে।
5 さて首都スサにひとりのユダヤ人がいた。名をモルデカイといい、キシのひこ、シメイの孫、ヤイルの子で、ベニヤミンびとであった。
সেই সময়ত মৰ্দখয় নামেৰে চুচন ৰাজপ্রসাদত এজন যিহুদী লোক আছিল। তেওঁৰ পিতৃ যায়ীৰ, যায়ীৰৰ পিতৃ চিমিয়ী, আৰু চিমিয়ীৰ পিতৃ কীচ আছিল। কীচ এজন বিন্যামীনীয়া লোক আছিল।
6 彼はバビロンの王ネブカデネザルが捕えていったユダの王エコニヤと共に捕えられていった捕虜のひとりで、エルサレムから捕え移された者である。
বাবিলৰ ৰজা নবূখদনেচৰে বন্দী কৰি নিয়া যিহূদাৰ ৰজা যকনিয়াৰ লগত যি লোকসকলক বন্দী কৰি লৈ গৈছিল, তেওঁলোকৰ লগত যিৰূচালেমৰ পৰা মৰ্দখয়কো বন্দী কৰি লৈ গৈছিল।
7 彼はそのおじの娘ハダッサすなわちエステルを養い育てた。彼女には父も母もなかったからである。このおとめは美しく、かわいらしかったが、その父母の死後、モルデカイは彼女を引きとって自分の娘としたのである。
মৰ্দখয়ে নিজৰ দদায়েকৰ জীয়েক হদচ্ছাক অৰ্থাৎ ইষ্টেৰক প্ৰতিপালন কৰিছিল; কাৰণ তেওঁৰ পিতৃ-মাতৃ নাছিল। সেই যুৱতীৰ দেহৰ গঠন সুন্দৰ আৰু বাহ্যিক ৰূপ আকৰ্ষণীয় আছিল। মৰ্দখয়ে তেওঁক নিজৰ ছোৱালীৰ দৰে প্ৰতিপালন কৰিছিল।
8 王の命令と詔が伝えられ、多くのおとめが首都スサに集められて、ヘガイの管理のもとにおかれたとき、エステルもまた王宮に携え行かれ、婦人をつかさどるヘガイの管理のもとにおかれた。
ৰজাৰ আদেশ আৰু নিৰ্দেশ ঘোষণা কৰাৰ পাছত, চুচন ৰাজপ্ৰাসাদলৈ অনেক যুৱতীক অনা হৈছিল। তেওঁলোকক নপুংসক হেগয়ৰ তত্ত্বাৱধানত ৰখা হৈছিল। তেওঁলোকে ইষ্টেৰকো ৰাজপ্ৰাসাদলৈ আনি, মহিলাক তত্বৱাধান লোৱা হেগয়ৰ অধীনত ৰাখিছিল।
9 このおとめはヘガイの心にかなって、そのいつくしみを得た。すなわちヘガイはすみやかに彼女に化粧の品々および食物の分け前を与え、また宮中から七人のすぐれた侍女を選んで彼女に付き添わせ、彼女とその侍女たちを婦人の居室のうちの最も良い所に移した。
ইষ্টেৰে হেগয়ক সন্তুষ্ট কৰি তেওঁৰ অনুগ্রহ লাভ কৰিলে। লগে লগে তেওঁ ইষ্টেৰক প্রসাধন আৰু তেওঁৰ ভাগৰ খাদ্য দিলে। ৰাজপ্রসাদৰ পৰা সাত গৰাকী দাসী তেওঁৰ বাবে নিযুক্ত কৰিলে, আৰু দাসী সকলৰ সৈতে তেওঁক মহিলা গৃহৰ উত্তম ঠাইলৈ স্থানান্তৰ কৰিলে।
10 エステルは自分の民のことをも、自分の同族のことをも人に知らせなかった。モルデカイがこれを知らすなと彼女に命じたからである。
১০ইষ্টেৰে নিজৰ লোকসকলৰ বা সম্পৰ্কীয় সকলৰ বিষয়ে কাকো একো কোৱা নাছিল, কাৰণ মৰ্দখয়ে তেওঁক সেই কথা ক’বলৈ নিষেধ কৰিছিল।
11 モルデカイはエステルの様子および彼女がどうしているかを知ろうと、毎日婦人の居室の庭の前を歩いた。
১১ইষ্টেৰ কেনে দৰে আছে, আৰু তেওঁলৈ কি কৰা হ’ব, সেই কথা জানিবলৈ মৰ্দখয়ে প্ৰতিদিনে মহিলা গৃহৰ বাহিৰত থকা চোতালেদি অহা যোৱা কৰিছিল।
12 おとめたちはおのおの婦人のための規定にしたがって十二か月を経て後、順番にアハシュエロス王の所へ行くのであった。これは彼らの化粧の期間として、没薬の油を用いること六か月、香料および婦人の化粧に使う品々を用いること六か月が定められていたからである。
১২ৰজা অহচবেৰোচৰ ওচৰলৈ যাবৰ বাবে যেতিয়া কোনো এগৰাকী যুৱতীৰ পাল পৰে, তেতিয়া যুৱতী সকললৈ কৰা নিয়ম অনুসাৰে, প্রতি গৰাকী যুৱতীয়ে বাৰমাহ সৌন্দৰ্য চৰ্চা কৰিব লাগে। তাৰে ছমাহ গন্ধৰস তেল, আৰু ছমাহ সুগন্ধি-দ্ৰব্য আৰু প্রসাধনেৰে নিজকে প্রস্তুত কৰিব লাগে।
13 こうしておとめは王の所へ行くのであった。そしておとめが婦人の居室を出て王宮へ行く時には、すべてその望む物が与えられた。
১৩এগৰাকী যুৱতীক যেতিয়া ৰাজপ্রসাদত ৰজাৰ ওচৰলৈ লৈ যোৱা হয়, তেতিয়া সেই যুৱতীয়ে যি ইচ্ছা কৰে, সেয়াই সকলো মহিলা গৃহৰ পৰা তেওঁক দিয়া হয়।
14 そして夕方行って、あくる朝第二の婦人の居室に帰り、そばめたちをつかさどる王の侍従シャシガズの管理に移された。王がその女を喜び、名ざして召すのでなければ、再び王の所へ行くことはなかった。
১৪তেওঁ সন্ধিয়া-বেলা ভিতৰলৈ যাব লাগে, আৰু ৰাতিপুৱা মহিলাৰ দ্বিতীয় গৃহলৈ উভটি আহিব লাগে। উপপত্নী সকলৰ দায়িত্বত থকা ৰজাৰ কৰ্মচাৰী নপুংসক চাচগজৰ তত্ত্ৱাৱধানত তেওঁক ৰখা হয়। ৰজাই তেওঁত সন্তুষ্ট হৈ পুনৰ তেওঁক নমতালৈকে তেওঁ ৰজাৰ ওচৰলৈ পুনৰ নাযায়।
15 さてモルデカイのおじアビハイルの娘、すなわちモルデカイが引きとって自分の娘としたエステルが王の所へ行く順番となったが、彼女は婦人をつかさどる王の侍従ヘガイが勧めた物のほか何をも求めなかった。エステルはすべて彼女を見る者に喜ばれた。
১৫ৰজাৰ ওচৰলৈ যাবৰ বাবে যেতিয়া ইষ্টেৰৰ (অবীহয়িলৰ ছোৱালী ইষ্টেৰৰ দদায়েক মৰ্দখয়ে তেওঁক নিজৰ ছোৱালী দৰে প্রতিপালন কৰিছিল) সময় হ’ল, তেতিয়া তেওঁ মহিলা সকলৰ তদাৰক ৰাজ-নপুংসক হেগয়ে পৰামৰ্শ কৰা বস্তুৰ বাহিৰে তেওঁ আন একো নুখুজিলে। ইষ্টেৰক দেখা সকলোৰে পৰা তেওঁ দয়া লাভ কৰিলে।
16 エステルがアハシュエロス王に召されて王宮へ行ったのは、その治世の第七年の十月、すなわちテベテの月であった。
১৬ৰজা অহচবেৰোচৰ ৰাজপ্রসাদলৈ তেওঁৰ ৰাজত্বৰ সপ্তম বছৰৰ দশম মাহ টেবেৎত ইষ্টেৰক তেওঁৰ ওচৰলৈ লৈ যোৱা হৈছিল।
17 王はすべての婦人にまさってエステルを愛したので、彼女はすべての処女にまさって王の前に恵みといつくしみとを得た。王はついに王妃の冠を彼女の頭にいただかせ、ワシテに代って王妃とした。
১৭ৰজাই আন সকলো মহিলাতকৈ ইষ্টেৰক বহুত ভাল পালে, আৰু আনসকলো কুমাৰীতকৈ তেওঁ ৰজাৰ দৃষ্টিত অধিক মৰম আৰু অনুগ্ৰহ পালে। সেয়ে ৰজাই তেওঁৰ মুৰত ৰাজমুকুট দি ৱষ্টীৰ পদত তেওঁক ৰাণী পাতিলে।
18 そして王は大いなる酒宴を催して、すべての大臣と侍臣をもてなした。エステルの酒宴がこれである。また諸州に免税を行い、王の大きな度量にしたがって贈り物を与えた。
১৮তাৰ পাছত ৰজাই তেওঁৰ সকলো কৰ্মচাৰী আৰু দাস সকলৰ বাবে “ইষ্টেৰৰ ভোজ” বুলি এটা ডাঙৰ ভোজ দিলে; আৰু সকলো প্ৰদেশৰ কৰ ৰেহাই দিবলৈ অনুমতি দিলে। তেওঁ ৰাজকীয় দানশীলতা অনুসাৰে উপহাৰো দিলে।
19 二度目に処女たちが集められたとき、モルデカイは王の門にすわっていた。
১৯দ্বিতীয়বাৰ কুমাৰী সকল গোট খোৱাৰ সময়ত মৰ্দখয়ে ৰাজ-দুৱাৰত বহি আছিল।
20 エステルはモルデカイが命じたように、まだ自分の同族のことをも自分の民のことをも人に知らせなかった。エステルはモルデカイの言葉に従うこと、彼に養い育てられた時と少しも変らなかった。
২০মৰ্দখয়ৰ নিৰ্দেশ অনুসাৰে সেই সময়লৈকে ইষ্টেৰে নিজৰ সম্পৰ্কীয় বা লোকসকলৰ বিষয়ে কাকো কোৱা নাছিল। ইষ্টেৰে মৰ্দখয়ৰ ওচৰত প্ৰতিপালিত হোৱা সময়ত যি দৰে তেওঁৰ পৰামৰ্শ মানি চলিছিল সেই দৰে এতিয়াও চলি আছে।
21 そのころ、モルデカイが王の門にすわっていた時、王の侍従で、王のへやの戸を守る者のうちのビグタンとテレシのふたりが怒りのあまりアハシュエロス王を殺そうとねらっていたが、
২১মৰ্দখয় ৰাজ-দুৱাৰত বহি থকা দিন বোৰত ৰজাৰ কৰ্মচাৰী বিগথন আৰু তেৰচ নামেৰে দুজন দুৱৰীয়ে খং কৰি আৰু চিঞৰি ৰজা অহচবেৰোচৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিলে।
22 その事がモルデカイに知れたので、彼はこれを王妃エステルに告げ、エステルはこれをモルデカイの名をもって王に告げた。
২২সেই কথা মৰ্দখয়ে যেতিয়া গম পালে, তেতিয়া তেওঁ ৰাণী ইষ্টেৰক জনালে। ইষ্টেৰে মৰ্দখয়ৰ হৈ ৰজাক সেই কথা ক’লে।
23 その事が調べられて、それに相違ないことがあらわれたので、彼らふたりは木にかけられた。この事は王の前で日誌の書にかきしるされた。
২৩সেই কথা বিচাৰ কৰি সত্য বুলি প্ৰমাণিত হোৱাৰ পাছত, তেওঁলোক দুয়োকো ফাঁচিকাঠত ফাঁচি দিয়া হ’ল। সেই কথা ৰজাৰ সাক্ষাতে বংশাৱলীত লিপিৱদ্ধ কৰা হ’ল।

< エステル 記 2 >