< 伝道者の書 1 >

1 ダビデの子、エルサレムの王である伝道者の言葉。
দায়ুদৰ পুত্ৰ, যিৰূচালেমত থাকি ৰাজত্ব কৰা উপদেশকৰ কথা।
2 伝道者は言う、空の空、空の空、いっさいは空である。
উপদেশকে কৈছে, “অসাৰৰ অসাৰ! সকলোৱেই অসাৰ।
3 日の下で人が労するすべての労苦は、その身になんの益があるか。
সূৰ্যৰ তলত মানুহে যি যি পৰিশ্ৰম কৰে, সেই সকলো পৰিশ্ৰমত তেওঁৰ কি লাভ?
4 世は去り、世はきたる。しかし地は永遠に変らない。
এক পুৰুষ যায় আৰু এক পুৰুষ আহে; কিন্তু পৃথিৱী চিৰকাল থাকে।
5 日はいで、日は没し、その出た所に急ぎ行く。
সূৰ্য উদয় হয়, সূর্য অস্ত যায়; বেগেৰে নিজৰ উদয় স্থানলৈ ঘূৰি গৈ পুনৰ উদয় হয়।
6 風は南に吹き、また転じて、北に向かい、めぐりにめぐって、またそのめぐる所に帰る。
বতাহ দক্ষিণ দিশলৈ বয়, আৰু চৌপাশে ঘূৰি উত্তৰলৈ যায়; এইদৰে বতাহ নিজৰ পথত ঘূৰি থাকে, আৰু পুনৰ নিজ চক্ৰলৈ উলটি আহে।
7 川はみな、海に流れ入る、しかし海は満ちることがない。川はその出てきた所にまた帰って行く。
সকলো নদী গৈ সমুদ্ৰত পৰে; তথাপি সমুদ্ৰ কেতিয়াও পূর্ণ নহয়; নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰায় একেৰাহে গৈ থাকে।
8 すべての事は人をうみ疲れさせる、人はこれを言いつくすことができない。目は見ることに飽きることがなく、耳は聞くことに満足することがない。
সকলোবোৰ বিষয়েই বিৰক্তিকৰ, তাৰ ব্যাখ্যা দিব পৰা মানুহৰ পক্ষে অসাধ্য। চকুৱে যিমানেই দৰ্শন নকৰক, চকু তৃপ্ত নহয়; কাণে যিমানেই শ্ৰৱণ নকৰক, কাণ তৃপ্ত নহয়।
9 先にあったことは、また後にもある、先になされた事は、また後にもなされる。日の下には新しいものはない。
যি হৈ গ’ল, সেয়ে পুনৰ হ’ব; যি কৰা হ’ল, তাক পুনৰ কৰা হ’ব; সূৰ্যৰ তলত নতুন একোৱেই নাই।
10 「見よ、これは新しいものだ」と言われるものがあるか、それはわれわれの前にあった世々に、すでにあったものである。
১০এনে কিবা আছেনে, যাৰ বিষয়ে মানুহে ক’ব পাৰে যে, ‘চোৱা এইটো নতুন’? যি যি বিদ্যমান, ইতিমধ্যে বহু দিন ধৰি আছিল, আমাৰ যুগৰ আগতেও বিদ্যমান আছিল।
11 前の者のことは覚えられることがない、また、きたるべき後の者のことも、後に起る者はこれを覚えることがない。
১১অতীতত ঘটা বিষয়বোৰৰ কথা কাৰো মনত নাই; অনেক পাছত যি ঘটিছিল, আৰু ভৱিষ্যতেও যি যি হ’ব, সেই বিষয়েও মানুহে সোঁৱৰণ নকৰিব।”
12 伝道者であるわたしはエルサレムで、イスラエルの王であった。
১২মই উপদেশক; মই যিৰূচালেমত ইস্ৰায়েলৰ ওপৰত ৰজা আছিলোঁ।
13 わたしは心をつくし、知恵を用いて、天が下に行われるすべてのことを尋ね、また調べた。これは神が、人の子らに与えて、ほねおらせられる苦しい仕事である。
১৩আকাশৰ তলত যি যি কৰা হয়, তাক জ্ঞানৰ দ্বাৰা পৰীক্ষা আৰু অনুসন্ধান কৰিবৰ কাৰণে মই মনতে স্থিৰ কৰিলোঁ। মই দেখিলোঁ, ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ ই এক দুর্বহ কার্যভাৰ।
14 わたしは日の下で人が行うすべてのわざを見たが、みな空であって風を捕えるようである。
১৪সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা।
15 曲ったものは、まっすぐにすることができない、欠けたものは数えることができない。
১৫যি বেঁকা তাক পোন কৰিব নোৱাৰি! যি অনুপস্থিত, তাক গণনা কৰা অসাধ্য!
16 わたしは心の中に語って言った、「わたしは、わたしより先にエルサレムを治めたすべての者にまさって、多くの知恵を得た。わたしの心は知恵と知識を多く得た」。
১৬মই মনে মনে ক’লো, “মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, সেইসকল লোকতকৈ মই অধিক প্ৰজ্ঞা অর্জন কৰিলোঁ; মোৰ মনে প্ৰজ্ঞা আৰু জ্ঞানৰ মহান অভিজ্ঞতা পালে।”
17 わたしは心をつくして知恵を知り、また狂気と愚痴とを知ろうとしたが、これもまた風を捕えるようなものであると悟った。
১৭তাৰ পাছত মই প্রজ্ঞা, উন্মত্ততা আৰু মুৰ্খতা জানিবলৈ মনোযোগ কৰিলোঁ; তাতে মই বুজিলো যে, ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
18 それは知恵が多ければ悩みが多く、知識を増す者は憂いを増すからである。
১৮কিয়নো প্ৰজ্ঞাৰ বাহুল্যতাত অধিক নৈৰাশ্যতা বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে।

< 伝道者の書 1 >