< 伝道者の書 4 >

1 わたしはまた、日の下に行われるすべてのしえたげを見た。見よ、しえたげられる者の涙を。彼らを慰める者はない。しえたげる者の手には権力がある。しかし彼らを慰める者はいない。
পুনৰ মই সূৰ্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালোঁ। চোৱা, উপদ্রৱ পোৱা লোকসকলে কান্দিছে, কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই; যিসকলে উপদ্রৱ কৰে, তেওঁলোকৰ হাতত ক্ষমতা আছে; কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।
2 それで、わたしはなお生きている生存者よりも、すでに死んだ死者を、さいわいな者と思った。
সেয়ে মই ভাবিলোঁ, যিসকল বৰ্ত্তমান জীয়াই আছে, সেই জীৱিতসকলতকৈ যিসকলৰ আগেয়ে মৃত্যু হ’ল, তেওঁলোক অধিক সৌভাগ্যশালী।
3 しかし、この両者よりもさいわいなのは、まだ生れない者で、日の下に行われる悪しきわざを見ない者である。
কিন্তু এই দুজনতকৈ সেইজন বেছি সৌভাগ্যশালী যিজনৰ এতিয়াও জন্ম হোৱা নাই আৰু সূৰ্যৰ তলত যি দুষ্ট কাৰ্য কৰা হয়, তাক দেখা নাই।
4 また、わたしはすべての労苦と、すべての巧みなわざを見たが、これは人が互にねたみあってなすものである。これもまた空であって、風を捕えるようである。
তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।
5 愚かなる者は手をつかねて、自分の肉を食う。
অজ্ঞান লোকে হাত সাৱটি একো নকৰাকৈ থাকে, তেওঁলোকে নিজকে ধ্বংস কৰে।
6 片手に物を満たして平穏であるのは、両手に物を満たして労苦し、風を捕えるのにまさる。
বতাহক ধৰাৰ চেষ্টা কৰি পৰিশ্রমেৰে দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।
7 わたしはまた、日の下に空なる事のあるのを見た。
পাছত মই পুনৰ সূৰ্যৰ তলত অসাৰতা দেখিলোঁ।
8 ここに人がある。ひとりであって、仲間もなく、子もなく、兄弟もない。それでも彼の労苦は窮まりなく、その目は富に飽くことがない。また彼は言わない、「わたしはだれのために労するのか、どうして自分を楽しませないのか」と。これもまた空であって、苦しいわざである。
কোনো এজন মানুহ একেবাৰে অকলশৰীয়াকৈ থাকে, তেওঁৰ দ্বিতীয়জন বুলিবলৈ কোনো নাই; এনেকি তেওঁৰ পুত্রও নাই, ভাই-ককাই কোনো নাই; তথাপিও তেওঁৰ পৰিশ্ৰমৰ শেষ নাই আৰু ধন-সম্পত্তি লাভৰ বিষয়ত তেওঁৰ চকু তৃপ্ত নহয়। তেওঁ সুধে, “তেন্তে মই কাৰ নিমিত্তে পৰিশ্ৰম কৰিছোঁ? কিয় আমোদ-প্রমোদৰ পৰা নিজক বঞ্চিত কৰিছোঁ?” ইও অসাৰ, অতি দুখজনক অৱস্থা।
9 ふたりはひとりにまさる。彼らはその労苦によって良い報いを得るからである。
এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই অনেক সুফল হয়।
10 すなわち彼らが倒れる時には、そのひとりがその友を助け起す。しかしひとりであって、その倒れる時、これを助け起す者のない者はわざわいである。
১০কাৰণ তেওঁলোকৰ এজন যদি পৰে, তেন্তে তেওঁৰ সঙ্গীয়ে তেওঁক তুলিব পাৰে। কিন্তু হায় সেই অকলে থকা লোক! কিয়নো তেওঁ পৰিলে তেওঁক তুলিবলৈ দ্বিতীয়জন কোনো নাই।
11 またふたりが一緒に寝れば暖かである。ひとりだけで、どうして暖かになり得ようか。
১১তাৰ উপৰি দুজনে একেলগে শুলে উম পায়; কিন্তু এজনে অকলে কেনেকৈ উম পাব?
12 人がもし、そのひとりを攻め撃ったなら、ふたりで、それに当るであろう。三つよりの綱はたやすくは切れない。
১২যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
13 貧しくて賢いわらべは、老いて愚かで、もはや、いさめをいれることを知らない王にまさる。
১৩এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।
14 たとい、その王が獄屋から出て、王位についた者であっても、また自分の国に貧しく生れて王位についた者であっても、そうである。
১৪সেই যুবক দেশৰ ৰজা হ’বলৈ কাৰাগাৰৰ পৰাও ওলাই আহিব পাৰে নাইবা তেওঁ নিজৰ ৰাজ্যৰ এক দৰিদ্র পৰিয়ালতো জন্ম গ্রহণ কৰিব পাৰে।
15 わたしは日の下に歩むすべての民が、かのわらべのように王に代って立つのを見た。
১৫মই দেখিলোঁ যে, যি সকলো জীয়াই আছিল অর্থাৎ সূর্যৰ তলত চলা-ফুৰা কৰি আছিল, তেওঁলোকে সেই বৃদ্ধ ৰজাজনৰ পদত অধিষ্ঠিত হোৱা যুবক ৰজাজনক অনুসৰণ কৰি চলিল।
16 すべての民は果てしがない。彼はそのすべての民を導いた。しかし後に来る者は彼を喜ばない。たしかに、これもまた空であって、風を捕えるようである。
১৬এই নতুন ৰজাই নেতৃত্ব দিয়া লোকসকলৰ সীমা নাছিল; কিন্তু পাছত তেওঁলোকৰ অনেকেই তেওঁৰ ওপৰত সন্তুষ্ট নাছিল। ইও অসাৰ, আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা হয়।

< 伝道者の書 4 >