< アモス書 6 >

1 「わざわいなるかな、安らかにシオンにいる者、また安心してサマリヤの山にいる者、諸国民のかしらのうちの著名な人々で、イスラエルの家がきて従う者よ。
ধিক তোমালোক! তোমালোক যিসকল চিয়োনত নিচিন্তভাৱে আছা আৰু চমৰিয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যি সকলৰ ওচৰলৈ ইস্রায়েল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তোমালোক জাতিবোৰৰ প্রধানসকলৰ মাজত প্রসিদ্ধ লোক।
2 カルネに渡って見よ。そこから大ハマテに行き、またペリシテびとのガテに下って見よ。彼らはこれらの国にまさっているか。彼らの土地はあなたがたの土地よりも大きいか。
তোমালোকে কলনিলৈ গৈ চোৱা; তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত পলেষ্টীয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা; সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্য উত্তম নে? তোমালোকৰ সীমা, সেইবোৰৰ সীমাতকৈ ডাঙৰ নে?
3 あなたがたは災の日を遠ざけ、強暴の座を近づけている。
তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।
4 わざわいなるかな、みずから象牙の寝台に伏し、長いすの上に身を伸ばし、群れのうちから小羊を取り、牛舎のうちから子牛を取って食べ、
যিসকলে হাতীদাঁতৰ পালেঙত শয়ন কৰে আৰু তেওঁলোকৰ শয্যাত আৰামেৰে দীঘল দি পৰে, জাকৰ পৰা মেৰ-ছাগ পোৱালি আৰু গোহালিৰ পৰা দামুৰি ভোজন কৰে;
5 琴の音に合わせて歌い騒ぎ、ダビデのように楽器を造り出し、
যিসকলে বীণা বাদ্যেৰে অসাৰ্থক গীত গায়, দায়ুদৰ নিচিনাকৈ বাদ্য-যন্ত্ৰত গীত ৰচনা কৰে,
6 鉢をもって酒を飲み、いとも尊い油を身にぬり、ヨセフの破滅を悲しまない者たちよ。
যিসকলে পাত্রবোৰৰ পৰা দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে সৈতে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ বিনষ্টৰ কাৰণে তেওঁলোকে দুখ নকৰে!
7 それゆえ今、彼らは捕われて、捕われ人のまっ先に立って行く。そしてかの身を伸ばした者どもの騒ぎはやむであろう」。
গতিকে বন্দী হৈ অন্য দেশলৈ যাব লগা সকলৰ মাজত এইসকলেই প্রথমে দেশান্তৰিত হ’ব; তেতিয়া ভোগবিলাসত আৰামেৰে থকাসকলৰ চিঞৰ-বাখৰ নাইকিয়া হ’ব।
8 主なる神はおのれによって誓われた、(万軍の神、主は言われる、)「わたしはヤコブの誇を忌みきらい、そのもろもろの宮殿を憎む。わたしはこの町とすべてその中にいる者を渡す」。
বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যিহোৱাই নিজৰ নামেৰে শপত খাই কৈছে: “মই যাকোবৰ অহংকাৰ আৰু তেওঁৰ দূর্গবোৰ ঘিণ কৰোঁ; সেই বাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম।”
9 一つの家に十人の者が残っていても、彼らは死に、
তাতে এটা ঘৰত দহজন লোক জীয়াই থাকিলেও, তেওঁলোকৰ মৃত্যু হ’ব।
10 そしてその親戚、すなわちこれを焼く者は、骨を家から運びだすために、これを取り上げ、またその家の奥にいる者に向かって、「まだあなたと共にいる者があるか」と言い、「ない」との答がある時、かの人はまた「声を出すな、主の名をとなえるな」と言うであろう。
১০যেতিয়া কোনোবাজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে শৱটো ঘৰৰ পৰা বাহিৰলৈ দাঙি লবলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক “তোমাৰ লগত আন কোনোবা আছে নেকি” বুলি জানিবলৈ সুধিব; তেতিয়া তেওঁ ক’ব, “নাই।” তাতে সেই আত্মীয়ই ক’ব, “মনে মনে থাকা! আমি যিহোৱাৰ নাম উল্লেখ কৰিব নাপায়।”
11 見よ、主は命じて、大きな家を撃って、みじんとなし、小さな家を撃って、切れ切れとされる。
১১কিয়নো চোৱা, যিহোৱাই আজ্ঞা দিব, ডাঙৰ ডাঙৰ ঘৰ ভাঙি চূৰমাৰ হ’ব আৰু সৰু সৰু ঘৰ টুকুৰা-টুকুৰ কৰা হ’ব।
12 馬は岩の上を走るだろうか。人は牛で海を耕すだろうか。ところがあなたがたは公道を毒に変じ、正義の実をにがよもぎに変じた。
১২ঘোঁৰাবোৰে জানো খলাবমা শিলনিত লৰ মাৰিব পাৰে? কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে? কিন্তু তোমালোকে ন্যায়বিচাৰক বিহলৈ পৰিণত কৰিলা আৰু ধাৰ্মিকতাৰ ফলক তিতা ফাললৈ পৰিবৰ্ত্তন কৰিলা।
13 あなたがたはロデバルを喜び、「われわれは自分の力でカルナイムを得たではないか」と言う。
১৩তোমালোকে লো-দেবাৰত ব্যর্থ আনন্দ কৰিছা; তোমালোকে কোৱা, “আমি জানো নিজৰ শক্তিৰে কার্নয়িম অধিকাৰ কৰা নাই?”
14 それゆえ、万軍の神、主は言われる、「イスラエルの家よ、見よ、わたしは一つの国民を起して、あなたがたに敵対させる。彼らはハマテの入口からアラバの川まであなたがたを悩ます」。
১৪বাহিনীসকলৰ যিহোৱাই কৈছে, “হে ইস্ৰায়েল-বংশ, চোৱা মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উঠাম; সেই জাতিয়ে লিবো হমাতৰ পৰা অৰাবাৰ উপত্যকা পর্যন্ত তোমালোকৰ ওপৰত উপদ্রৱ কৰিব।”

< アモス書 6 >