< アモス書 2 >

1 主はこう言われる、「モアブの三つのとが、四つのとがのために、わたしはこれを罰してゆるさない。これは彼がエドムの王の骨を焼いて灰にしたからである。
যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে।
2 それゆえ、わたしはモアブに火を送り、ケリオテのもろもろの宮殿を焼き滅ぼす。モアブは騒ぎと、ときの声と、ラッパの音の中に死ぬ。
সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেয়ে কৰিয়োতৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব; যুদ্ধৰ ধ্বনি আৰু ভীষণ শিঙাৰ শব্দেৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ’ব।
3 わたしはそのうちから、支配者を断ち、そのすべてのつかさを彼と共に殺す」と主は言われる。
মোৱাবৰ মাজৰ পৰা মই বিচাৰকৰ্ত্তাক উচ্ছন্ন কৰিম আৰু তেওঁৰ লগত সকলো অধিকাৰীকো বধ কৰিম।”
4 主はこう言われる、「ユダの三つのとが、四つのとがのために、わたしはこれを罰してゆるさない。これは彼らが主の律法を捨て、その定めを守らず、その先祖たちが従い歩いた偽りの物に惑わされたからである。
যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ’ল।
5 それゆえ、わたしはユダに火を送り、エルサレムのもろもろの宮殿を焼き滅ぼす」。
সেইবাবে মই যিহূদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে যিৰূচালেমৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।
6 主はこう言われる、「イスラエルの三つのとが、四つのとがのために、わたしはこれを罰してゆるさない。これは彼らが正しい者を金のために売り、貧しい者をくつ一足のために売るからである。
যিহোৱাই এই কথা কৈছে: “ইস্ৰায়েলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্রি কৰে।
7 彼らは弱い者の頭を地のちりに踏みつけ、苦しむ者の道をまげ、また父子ともにひとりの女のところへ行って、わが聖なる名を汚す。
তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে।
8 彼らはすべての祭壇のかたわらに質に取った衣服を敷いて、その上に伏し、罰金をもって得た酒を、その神の家で飲む。
তেওঁলোক প্ৰত্যেক যজ্ঞ-বেদীৰ কাষত বন্ধকত লোৱা কাপোৰৰ ওপৰত শোৱে। জৰিমনা কৰি পোৱা ধনেৰে দ্রাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰত পান কৰে।
9 さきにわたしはアモリびとを彼らの前から滅ぼした。これはその高きこと、香柏のごとく、その強きこと、かしの木のようであったが、わたしはその上の実と、下の根とを滅ぼした。
ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ।
10 わたしはまた、あなたがたをエジプトの地から連れ上り、四十年のあいだ荒野で、あなたがたを導き、アモリびとの地を獲させた。
১০সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ।
11 わたしはあなたがたの子らのうちから預言者を起し、あなたがたの若者のうちからナジルびとを起した。イスラエルの人々よ、そうではないか」と主は言われる。
১১হে ইস্রায়েলবাসী, মই যে তোমালোকৰ সন্তান সকলৰ মাজৰ কোনো কোনোক ভাববাদী আৰু যুৱকসকলৰ মাজৰ কোনো কোনোক নাচৰীয় হিচাবে বাচি ললোঁ, এই কথা জানো সত্য নহয়?” যিহোৱাই ইয়াকে কৈছে।
12 「ところがあなたがたはナジルびとに酒を飲ませ、預言者に命じて『預言するな』と言う。
১২“কিন্তু তোমালোকে সেই নাচৰীয়সকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীসকলক নিষেধ কৰিলা।
13 見よ、わたしは麦束をいっぱい積んだ車が物を圧するように、あなたがたをその所で圧する。
১৩চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম।
14 速く走る者も逃げ場を失い、強い者もその力をふるうことができず、勇士もその命を救うことができない。
১৪সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব;
15 弓をとる者も立つことができず、足早の者も自分を救うことができず、馬に乗る者もその命を救うことができない。
১৫ধনুৰ্দ্ধৰ স্থিৰভাৱে ৰৈ থাকিব নোৱাৰিব; বেগী দৌৰবিদজনে পলাব নোৱাৰিব; এনেকি অশ্বাৰোহীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব নোৱাৰিব।
16 勇士のうちの雄々しい心の者もその日には裸で逃げる」と主は言われる。
১৬যোদ্ধাসকলৰ মাজৰ অতি সাহিয়াল লোকেও সেই দিনা উলঙ্গ হৈ পলাই যাব।” ইয়াক যিহোৱাই কৈছে।

< アモス書 2 >