< サムエル記Ⅱ 21 >

1 ダビデの世に、年また年と三年、ききんがあったので、ダビデが主に尋ねたところ、主は言われた、「サウルとその家とに、血を流した罪がある。それはかつて彼がギベオンびとを殺したためである」。
দায়ূদৰ ৰাজত্ব কালত ক্ৰমান্বয়ে তিনি বছৰলৈকে আকাল হ’ল আৰু সেয়ে দায়ুদে যিহোৱাক বিচাৰিলে৷ তেতিয়া যিহোৱাই ক’লে, “চৌল আৰু তেওঁৰ ৰক্তপাতী বংশৰ কাৰণে এই আকাল তোমালৈ হৈছে কিয়নো তেওঁ গিবিয়োনীয়া লোকসকলক বধ কৰিলে।”
2 そこで王はギベオンびとを召しよせた。ギベオンびとはイスラエルの子孫ではなく、アモリびとの残りであって、イスラエルの人々は彼らと誓いを立てて、その命を助けた。ところがサウルはイスラエルとユダの人々のために熱心であったので、彼らを殺そうとしたのである。
সেই সময়ত গিবিয়োনীয়া সকল ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নাছিল; কিন্তু ইমোৰীয়া সকলৰ অৱশিষ্ট থকা ভাগৰ লোক৷ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিবলৈ শপত কৰিলে কিন্তু চৌলে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু যিহূদাৰ পক্ষে উদ্যোগী হৈ তেওঁলোকক বধ কৰিবলৈ চেষ্টা কৰিছিল।
3 それでダビデはギベオンびとに言った、「わたしはあなたがたのために、何をすればよいのですか。どんな償いをすれば、あなたがたは主の嗣業を祝福するのですか」。
সেই কাৰণে দায়ূদে গিবিয়োনীয়া সকলক একেলগে মাতি আনি ক’লে, “মই আপোনালোকৰ বাবে কি কৰিম? আপোনালোকে যেন যিহোৱাৰ সেই দয়া আৰু বিশ্ৱাসৰ উত্তৰাধিকাৰী সকলক আশীৰ্ব্বাদ কৰে তাৰ বাবে মই কেনেকৈ প্ৰায়শ্চিত্ত কৰিম?”
4 ギベオンびとは彼に言った、「これはわれわれと、サウルまたはその家との間の金銀の問題ではありません。またイスラエルのうちのひとりでも、われわれが殺そうというのでもありません」。ダビデは言った、「わたしがあなたがたのために何をすればよいと言うのですか」。
তেতিয়া গিবিয়োনীয়া সকলে তেওঁক ক’লে, “চৌল কি তেওঁৰ বংশৰ সৈতে আমাৰ ৰূপ বা সোণৰ বিষয়ে বিবাদ নাই আৰু ইস্ৰায়েলৰ মাজত কোনো লোকক বধ কৰা আমাৰ কাম নহয়।” দায়ূদে উত্তৰ দি ক’লে, “আপোনালোকে যিয়ে বিচাৰে মই সেয়াই আপোনালোকৰ বাবে কৰিম।”
5 かれらは王に言った、「われわれを滅ぼした人、われわれを滅ぼしてイスラエルの領域のどこにもおらせないようにと、たくらんだ人、
তাতে তেওঁলোকে ৰজাক ক’লে, “যি মানুহ জনে আমাক সংহাৰ কৰিছিল আৰু আমি বিনষ্ট হৈ ইস্ৰায়েলৰ সীমাৰ মাজৰ কোনো প্ৰদেশত অৱশিষ্ট নাথাকিবৰ কাৰণে আমাৰ বিৰুদ্ধে কু-মন্ত্ৰণা কৰিছিল -
6 その人の子孫七人を引き渡してください。われわれは主の山にあるギベオンで、彼らを主の前に木にかけましょう」。王は言った、「引き渡しましょう」。
সেই মানুহ জনৰ বংশধৰ মাজৰ সাত জন লোকক আমাৰ হাতত সমৰ্পণ কৰি দিয়া হওঁক তাতে আমি যিহোৱা মনোনীত লোক চৌলৰ, গিবিয়াত যিহোৱা উদ্দেশে আৰি থম।” তেতিয়া ৰজাই ক’লে, “মই তোমালোকলৈ তেওঁলোকক সমর্পণ কৰিম।”
7 しかし王はサウルの子ヨナタンの子であるメピボセテを惜しんだ。彼らの間、すなわちダビデとサウルの子ヨナタンとの間に、主をさして立てた誓いがあったからである。
কিন্তু দায়ুদৰ আৰু চৌলৰ পুত্ৰ যোনাথনৰ মাজত যিহোৱাৰ নামেৰে শপতৰ কাৰণে, ৰজাই চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ মফিবোচতক দয়া কৰি ৰক্ষা কৰিলে।
8 王はアヤの娘リヅパがサウルに産んだふたりの子アルモニとメピボセテ、およびサウルの娘メラブがメホラびとバルジライの子アデリエルに産んだ五人の子を取って、
কিন্তু অয়াৰ জীয়েক ৰিস্পাই চৌলৰ ঔৰসত অৰ্মণী আৰু মফীবোচৎ নামেৰে যি দুজন পুত্ৰক জন্ম দিছিল আৰু মহোলাতীয়া বাৰ্জিল্লয়ৰ পুতেক অদ্ৰীয়েলৰ ঔৰসত চৌলৰ জীয়েক মীখলে যি পাঁচোটা পুত্ৰ জন্ম দিছিল, এই সকলক ল’লে।
9 彼らをギベオンびとの手に引き渡したので、ギベオンびとは彼らを山で主の前に木にかけた。彼ら七人は共に倒れた。彼らは刈入れの初めの日、すなわち大麦刈りの初めに殺された。
দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি হ’ল; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল।
10 アヤの娘リヅパは荒布をとって、それを自分のために岩の上に敷き、刈入れの初めから、その人々の死体の上に天から雨が降るまで、昼は空の鳥が死体の上にこないようにし、夜は野の獣を近寄らせなかった。
১০পাছত অয়াৰ জীয়েক ৰিস্পাই চট কাপোৰ লৈ, শস্য দোৱাৰ আৰম্ভণৰে পৰা তেওঁলোকৰ ওপৰত আকাশৰ পৰা বৰষুণ নপৰালৈকে শিলৰ ওপৰত নিজৰ কাৰণে সেই চটখন পাৰি ল’লে। তাই দিনত আকাশৰ চৰাইবোৰক তেওঁলোকৰ ওপৰত পৰিব নিদিলে আৰু ৰাতি বনৰীয়া জন্তুক ওচৰলৈ আহিব নিদিলে।
11 アヤの娘でサウルのめかけであったリヅパのしたことがダビデに聞えたので、
১১পাছত চৌলৰ উপপত্নী অয়াৰ জীয়েক ৰিস্পাই যি কাৰ্য কৰিছিল তাক দায়ুদক জনোৱা গ’ল।
12 ダビデは行ってサウルの骨とその子ヨナタンの骨を、ヤベシギレアデの人々の所から取ってきた。これはペリシテびとがサウルをギルボアで殺した日に、木にかけたベテシャンの広場から、彼らが盗んでいたものである。
১২তেতিয়া পলেষ্টীয়া সকলে গিলবোৱাত চৌলক বধ কৰা দিনা, চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনক আৰি থোৱা বৈৎচানৰ চকৰ পৰা, তেওঁলোকৰ হাড় চুৰ কৰি অনা যাবেচ-গিলিয়দৰ গৃহস্থসকলৰ হাতৰ পৰা দায়ূদে সেইবোৰ লৈ আনিলে৷
13 ダビデはそこからサウルの骨と、その子ヨナタンの骨を携えて上った。また人々はそのかけられた者どもの骨を集めた。
১৩তেওঁ সেই ঠাইৰ পৰা চৌলৰ আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ আনিলে আৰু তেওঁলোকে আৰি থোৱা সেই সাতজন লোকসকলৰো হাড়বোৰ গোটাই হ’ল।
14 こうして彼らはサウルとその子ヨナタンの骨を、ベニヤミンの地のゼラにあるその父キシの墓に葬り、すべて王の命じたようにした。この後、神はその地のために、祈を聞かれた。
১৪তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ বিন্যামীন দেশৰ চেলাত চৌলৰ পিতৃ কীচৰ মৈদামত মৈদাম দিলে৷ তেওঁলোকে ৰজাৰ আজ্ঞা অনুসাৰে সকলো কাৰ্য কৰিলে। তাৰ পাছত ঈশ্বৰে দেশৰ বাবে তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।
15 ペリシテびとはまたイスラエルと戦争をした。ダビデはその家来たちと共に下ってペリシテびとと戦ったが、ダビデは疲れていた。
১৫তেতিয়া পলেষ্টীয়াসকলৰ লগত ইস্ৰায়েলৰ আকৌ যুদ্ধ লাগিল৷ সেই বাবে দায়ূদে নিজৰ সৈন্যসকলৰ সৈতে নামি গৈ পেলেষ্টীয়া সকলৰ সৈতে যুদ্ধ কৰিলে৷ তাতে দায়ুদ ক্লান্ত হ’ল।
16 時にイシビベノブはダビデを殺そうと思った。イシビベノブは巨人の子孫で、そのやりは青銅で重さ三百シケルあり、彼は新しいつるぎを帯びていた。
১৬এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে।
17 しかしゼルヤの子アビシャイはダビデを助けて、そのペリシテびとを撃ち殺した。そこでダビデの従者たちは彼に誓って言った、「あなたはわれわれと共に、重ねて戦争に出てはなりません。さもないと、あなたはイスラエルのともし火を消すでしょう」。
১৭কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে তেওঁক ৰক্ষা কৰি সেই পলেষ্টীয়া জনক আঘাত কৰি তেওঁক বধ কৰিলে। তেতিয়া দায়ূদৰ লোকসকলে তেওঁৰ আগত শপত কৰি ক’লে, “ইস্ৰায়েলৰ প্ৰদীপ নুনুমাবৰ কাৰণে আপুনি আমাৰ লগত আৰু যুদ্ধলৈ নাযাব।”
18 この後、再びゴブでペリシテびととの戦いがあった。時にホシャびとシベカイは巨人の子孫のひとりサフを殺した。
১৮সেই যুদ্ধৰ পাছত আৰু এবাৰ গোবত পলেষ্টীয়াসকলৰ লগত যুদ্ধ হয়৷ সেই সময়ত হূচাতীয়া চিব্বকয়ে চফ নামেৰে ৰফাৰ এজন সন্তানক বধ কৰিলে।
19 ここにまたゴブで、ペリシテびととの戦いがあったが、そこではベツレヘムびとヤレオレギムの子エルハナンは、ガテびとゴリアテを殺した。そのやりの柄は機の巻棒のようであった。
১৯পুনৰাই পলেষ্টীয়াসকলৰ সৈতে গোবত আকৌ যুদ্ধ হোৱাত, যাৰে-ওৰগীমৰ পুত্ৰ বৈৎলেহেমীয়া ইলহাননে গাতীয়া গলিয়াথক বধ কৰিলে যাৰ বৰছাৰটো কুৰা টোলোঠাৰ সমান আছিল।
20 またガテで再び戦いがあったが、そこにひとりの背の高い人があり、その手の指と足の指は六本ずつで、その数は合わせて二十四本であった。彼もまた巨人から生れた者であった。
২০তাৰ পাছত আন এখন যুদ্ধ গাতত হয়৷ সেই যুদ্ধ অতি দীৰ্ঘকায় আৰু প্ৰত্যেক হাতে-ভৰি ছটা ছটা আঙুলি সৰ্বমুঠ চৌবিশটা আঙুলি থকা এজন লোক আছিল৷ তেওঁ ৰফাৰ এজন সন্তান আছিল।
21 彼はイスラエルをののしったので、ダビデの兄弟シメアの子ヨナタンが彼を殺した。
২১যেতিয়া তেওঁ ইস্ৰায়েলক ঠাট্টা-বিদ্ৰূপ কৰিলে, তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
22 これらの四人はガテで巨人から生れた者であったが、ダビデの手とその家来たちの手に倒れた。
২২এই লোকসকল গাতত ৰফাৰ সন্তান সকল আছিল আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতত বধ কৰা হ’ল।

< サムエル記Ⅱ 21 >