< 列王記Ⅱ 22 >

1 ヨシヤは八歳で王となり、エルサレムで三十一年の間、世を治めた。母はボヅカテのアダヤの娘で、名をエデダといった。
আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল।
2 ヨシヤは主の目にかなう事を行い、先祖ダビデの道に歩んで右にも左にも曲らなかった。
যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।
3 ヨシヤ王の第十八年に王はメシュラムの子アザリヤの子である書記官シャパンを主の宮につかわして言った、
যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত, তেওঁ মচুল্লমৰ নাতি অচলিয়াৰ পুত্ৰ ৰজাৰ লেখক চাফনক এই কথা কৈ যিহোৱাৰ গৃহলৈ পঠাই দিলে,
4 「大祭司ヒルキヤのもとへのぼって行って、主に宮にはいってきた銀、すなわち門を守る者が民から集めたものの総額を彼に数えさせ、
“আপুনি প্রধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ যাওঁক আৰু তেওঁক কওঁক যে লোকসকলৰ পৰা পোৱা যিহোৱাৰ গৃহলৈ অনা যি ধন মন্দিৰ-ৰক্ষকসকলে জমা কৰে, তাৰ যেন হিচাপ কৰে।
5 それを工事をつかさどる主の宮の監督者の手に渡させ、彼らから主の宮で工事をする者にそれを渡して、宮の破れを繕わせなさい。
সেই ধন যিহোৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওঁক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহোৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক।
6 すなわち木工と建築師と石工にそれを渡し、また宮を繕う材木と切り石を買わせなさい。
কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”
7 ただし彼らは正直に事を行うから、彼らに渡した銀については彼らと計算するに及ばない」。
কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল।
8 その時大祭司ヒルキヤは書記官シャパンに言った、「わたしは主の宮で律法の書を見つけました」。そしてヒルキヤがその書物をシャパンに渡したので、彼はそれを読んだ。
প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে।
9 書記官シャパンは王のもとへ行き、王に報告して言った、「しもべどもは宮にあった銀を皆出して、それを工事をつかさどる主の宮の監督者の手に渡しました」。
তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।”
10 書記官シャパンはまた王に告げて「祭司ヒルキヤはわたしに一つの書物を渡しました」と言い、それを王の前で読んだ。
১০লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
11 王はその律法の書の言葉を聞くと、その衣を裂いた。
১১ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে।
12 そして王は祭司ヒルキヤと、シャパンの子アヒカムと、ミカヤの子アクボルと、書記官シャパンと、王の大臣アサヤとに命じて言った、
১২ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,
13 「あなたがたは行って、この見つかった書物の言葉について、わたしのため、民のため、またユダ全国のために主に尋ねなさい。われわれの先祖たちがこの書物の言葉に聞き従わず、すべてわれわれについてしるされている事を行わなかったために、主はわれわれにむかって、大いなる怒りを発しておられるからです」。
১৩“আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
14 そこで祭司ヒルキヤ、アヒカム、アクボル、シャパンおよびアサヤはシャルムの妻である女預言者ホルダのもとへ行った。シャルムはハルハスの子であるテクワの子で、衣装べやを守る者であった。その時ホルダはエルサレムの下町に住んでいた。彼らがホルダに告げたので、
১৪এই কথা শুনি পুৰোহিত হিল্কিয়া, অহীকামক, অকবোৰ, চাফন আৰু অচায়াই ভাৱবাদিনী হুল্দাৰ ওচৰলৈ গ’ল। হুল্দা আছিল বস্ত্র ৰখীয়া চল্লুমৰ ভার্যা আৰু চল্লুম আছিল হৰ্হচৰ নাতি তিকবাৰ পুত্ৰ। হুল্দাই যিৰূচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাৱবাদিনী হুল্দাৰ লগত কথোপকথন কৰিলে।
15 ホルダは彼らに言った、「イスラエルの神、主はこう仰せられます、『あなたがたをわたしにつかわした人に言いなさい。
১৫তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ যে,
16 主はこう言われます、見よ、わたしはユダの王が読んだあの書物のすべての言葉にしたがって、災をこの所と、ここに住んでいる民に下そうとしている。
১৬“যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম।
17 彼らがわたしを捨てて他の神々に香をたき、自分たちの手で作ったもろもろの物をもって、わたしを怒らせたからである。それゆえ、わたしはこの所にむかって怒りの火を発する。これは消えることがないであろう』。
১৭কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”
18 ただし主に尋ねるために、あなたがたをつかわしたユダの王にはこう言いなさい、『あなたが聞いた言葉についてイスラエルの神、主はこう仰せられます、
১৮কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’
19 あなたは、わたしがこの所と、ここに住んでいる民にむかって、これは荒れ地となり、のろいとなるであろうと言うのを聞いた時、心に悔い、主の前にへりくだり、衣を裂いてわたしの前に泣いたゆえ、わたしもまたあなたの言うことを聞いたのであると主は言われる。
১৯তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
20 それゆえ、見よ、わたしはあなたを先祖たちのもとに集める。あなたは安らかに墓に集められ、わたしがこの所に下すもろもろの災を目に見ることはないであろう』」。彼らはこの言葉を王に持ち帰った。
২০‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ‍ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।

< 列王記Ⅱ 22 >