< 列王記Ⅱ 21 >

1 マナセは十二歳で王となり、五十五年の間、エルサレムで世を治めた。母の名はヘフジバといった。
মনচি বাৰ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হেফচীবা।
2 マナセは主がイスラエルの人々の前から追い払われた国々の民の憎むべきおこないにならって、主の目の前に悪をおこなった。
যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
3 彼は父ヒゼキヤがこわした高き所を建て直し、またイスラエルの王アハブがしたようにバアルのために祭壇を築き、アシラ像を造り、かつ天の万象を拝んで、これに仕えた。
তেওঁৰ পিতৃ হিষ্কিয়াই ওখ ঠাইৰ যি মঠবোৰ বিনষ্ট কৰিছিল, সেইবোৰ তেওঁ পুনৰ সাজিছিল; ইস্ৰায়েলৰ ৰজা আহাবে যেনেকৈ কৰিছিল, তেনেকৈ তেৱোঁ বাল দেৱতাৰ উদ্দেশ্যে বেদীবোৰ নির্মাণ কৰিছিল আৰু এটা আচেৰা মুর্তিও সাজিছিল; তেওঁ আকাশৰ তৰাবোৰক প্রণাম জনাইছিল আৰু সেইবোৰৰ সেৱাপূজা কৰিছিল।
4 また主の宮のうちに数個の祭壇を築いた。これは主が「わたしの名をエルサレムに置こう」と言われたその宮である。
যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল।
5 彼はまた主の宮の二つの庭に天の万象のために祭壇を築いた。
যিহোৱাৰ গৃহৰ দুয়োখন চোতালতে তেওঁ আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে কিছুমান বেদী নিৰ্ম্মাণ কৰিছিল।
6 またその子を火に焼いてささげ物とし、占いをし、魔術を行い、口寄せと魔法使を用い、主の目の前に多くの悪を行って、主の怒りを引き起した。
তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।
7 彼はまたアシラの彫像を作って主の宮に置いた。主はこの宮についてダビデとその子ソロモンに言われたことがある、「わたしはこの宮と、わたしがイスラエルのすべての部族のうちから選んだエルサレムとに、わたしの名を永遠に置く。
তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।
8 もし、彼らがわたしが命じたすべての事、およびわたしのしもべモーセが命じたすべての律法を守り行うならば、イスラエルの足を、わたしが彼らの先祖たちに与えた地から、重ねて迷い出させないであろう」。
ইস্রায়েলীয়াসকলে যদি কেৱল মোৰ সকলো আজ্ঞা যত্নেৰে পালন কৰে আৰু মোৰ দাস মোচিয়ে তেওঁলোকক দিয়া সকলো বিধান অনুসাৰে চলে, তেন্তে তেওঁলোকৰ পূর্বপুৰুষসকলক মই যি দেশ দিলোঁ, সেই দেশৰ পৰা তেওঁলোকৰ ভৰি লৰচৰ নকৰিম।”
9 しかし彼らは聞きいれなかった。マナセが人々をいざなって悪を行ったことは、主がイスラエルの人々の前に滅ぼされた国々の民よりもはなはだしかった。
কিন্তু লোকসকলে সেই কথা নুশুনিলে; মনচিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিলে; এনেকি যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ লোকসকলৰ সন্মুখৰ পৰা উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিবলৈ ধৰিলে।
10 そこで主はそのしもべである預言者たちによって言われた、
১০তেতিয়া যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই এই কথা ক’লে,
11 「ユダの王マナセがこれらの憎むべき事を行い、彼の先にあったアモリびとの行ったすべての事よりも悪い事を行い、またその偶像をもってユダに罪を犯させたので、
১১“যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম কৰিছে। তেওঁৰ পূৰ্বতে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কুকৰ্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।”
12 イスラエルの神、主はこう仰せられる、見よ、わたしはエルサレムとユダに災をくだそうとしている。これを聞く者は、その耳が二つながら鳴るであろう。
১২সেয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “মই শীঘ্রেই যিৰূচালেম আৰু যিহূদালৈ এনে অমঙ্গল আনিম যে, যেয়ে তাক শুনিব, তেওঁলোক সকলো শিয়ৰি উঠিব।
13 わたしはサマリヤをはかった測りなわと、アハブの家に用いた下げ振りをエルサレムにほどこし、人が皿をぬぐい、これをぬぐって伏せるように、エルサレムをぬぐい去る。
১৩মই যিৰূচালেমৰ ওপৰত চমৰিয়াৰ বিৰুদ্ধে যি মাপ-জৰী আৰু আহাবৰ বংশৰ বিৰুদ্ধে যি উলম্ব-জৰী ব্যৱহাৰ কৰিছিলোঁ, তাক বিস্তৃত কৰিম। মানুহে যেনেকৈ এখন বাচন মচে আৰু মচা হ’লে, তাক তলমুৱাকৈ উবুৰিয়াই থয়, তেনেকৈয়ে মই যিৰূচালেমক মচি চাফা কৰিম।
14 わたしは、わたしの嗣業の民の残りを捨て、彼らを敵の手に渡す。彼らはもろもろの敵のえじきとなり、略奪にあうであろう。
১৪মোৰ লোকসকলৰ বাকী অংশক মই ত্যাগ কৰিম আৰু শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধাই দিম; তাতে তেওঁলোক শত্রুবোৰৰ চিকাৰ হ’ব আৰু তেওঁলোকৰ সকলো বস্তু শত্রুবোৰে লুট কৰি নিব।
15 これは彼らの先祖たちがエジプトを出た日から今日に至るまで、彼らがわたしの目の前に悪を行って、わたしを怒らせたためである」。
১৫কিয়নো মোৰ দৃষ্টিত যি বেয়া তেওঁলোকে তাকেই কৰিলে; যিদিনা তেওঁলোকৰ পূর্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই আহিছিল, সেইদিনাৰ পৰা আজিলৈকে তেওঁলোকে মোক খং উঠাই আহিছে।”
16 マナセはまた主の目の前に悪を行って、ユダに罪を犯させたその罪のほかに、罪なき者の血を多く流して、エルサレムのこの果から、かの果にまで満たした。
১৬তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
17 マナセのその他の事績と、彼がおこなったすべての事およびその犯した罪は、ユダの王の歴代志の書にしるされているではないか。
১৭মনচিৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্য আৰু পাপ কৰ্মৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
18 マナセは先祖たちと共に眠って、その家の園すなわちウザの園に葬られ、その子アモンが代って王となった。
১৮পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
19 アモンは王となった時二十二歳であって、エルサレムで二年の間、世を治めた。母はヨテバのハルツの娘で、名をメシュレメテといった。
১৯বাইশ বছৰ বয়সত আমোন ৰজা হৈছিল আৰু যিৰূচালেমত তেওঁ দুই বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল মচুল্লেমৎ; তেওঁ যটবা নিবাসী হাৰূচৰ জীয়েক আছিল।
20 アモンはその父マナセのおこなったように、主の目の前に悪を行った。
২০আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
21 すなわち彼はすべてその父の歩んだ道に歩み、父の仕えた偶像に仕えて、これを拝み、
২১তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল।
22 先祖たちの神、主を捨てて、主の道に歩まなかった。
২২তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।
23 アモンの家来たちはついに彼に敵して徒党を結び、王をその家で殺したが、
২৩পাছত আমোনৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি ৰাজগৃহতে তেওঁক বধ কৰিলে।
24 国の民は、アモン王に敵して徒党を結んだ者をことごとく撃ち殺した。そして国の民はアモンの子ヨシヤを王としてアモンに代らせた。
২৪কিন্তু যিসকলে ৰজা আমোনৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছিল, দেশৰ লোকসকলে তেওঁলোক সকলোকে বধ কৰিলে আৰু আমোনৰ পুত্ৰ যোচিয়াক তেওঁলোকে ৰজা পাতিলে।
25 アモンのその他の事績は、ユダの王の歴代志の書にしるされているではないか。
২৫আমোনৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
26 アモンはウザの園にある墓に葬られ、その子ヨシヤが代って王となった。
২৬পাছত উজ্জাৰ বাৰীত থকা নিজৰ মৈদামনিত তেওঁক মৈদাম দিলে। তেওঁৰ পুত্ৰ যোচিয়া তেওঁৰ পদত ৰজা হ’ল।

< 列王記Ⅱ 21 >