< 列王記Ⅱ 19 >

1 ヒゼキヤ王はこれを聞いて、衣を裂き、荒布を身にまとって主に宮に入り、
ৰজা হিষ্কিয়াই এই কথা শুনি নিজৰ কাপোৰ ফালিলে আৰু চট কাপোৰ পিন্ধি যিহোৱাৰ গৃহত সোমাল।
2 宮内卿エリアキムと書記官セブナおよび祭司のうちの年長者たちに荒布をまとわせて、アモツの子預言者イザヤのもとにつかわした。
চট কাপোৰ পিন্ধি থকা ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা আৰু পুৰোহিতৰ বয়োজ্যেষ্ঠ লোকসকলক ৰজাই আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ ওচৰলৈ পঠালে।
3 彼らはイザヤに言った、「ヒゼキヤはこう申されます、『きょうは悩みと、懲しめと、はずかしめの日です。胎児がまさに生れようとして、これを産み出す力がないのです。
তেওঁলোকে তেওঁক ক’লে, “হিষ্কিয়াই কৈছে যে, ‘আজিৰ দিনটো হৈছে সঙ্কটৰ; ধমকি আৰু অপমানৰ দিন; কিয়নো সন্তান সকল প্ৰসৱৰ দুৱাৰ মুখলৈ আহিছে, কিন্তু জন্ম দিয়াৰ শক্তি নাই।
4 あなたの神、主はラブシャケがその主君アッスリヤの王につかわされて、生ける神をそしったもろもろの言葉を聞かれたかもしれません。そしてあなたの神、主はその聞いた言葉をとがめられるかもしれません。それゆえ、この残っている者のために祈をささげてください』」。
আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
5 ヒゼキヤ王の家来たちがイザヤのもとに来たとき、
ৰজা হিষ্কিয়াৰ দাসবোৰ যেতিয়া যিচয়াৰ ওচৰলৈ আহিছিল,
6 イザヤは彼らに言った、「あなたがたの主君にこう言いなさい、『主はこう仰せられる、アッスリヤの王の家来たちが、わたしをそしった言葉を聞いて恐れるには及ばない。
তেতিয়া যিচয়াই তেওঁলোকক কৈছিল, “আপোনালোকৰ প্ৰভুক ক’ব যে, যিহোৱাই কৈছে, ‘তুমি যি শুনিছা অর্থাৎ অচুৰৰ ৰজাৰ দাসবোৰে মোক যি সকলো ঠাট্টা-বিদ্রূপ কৰিছে, তালৈ তুমি ভয় নকৰিবা।
7 見よ、わたしは一つの霊を彼らのうちに送って、一つのうわさを聞かせ、彼を自分の国へ帰らせて、自分の国でつるぎに倒れさせるであろう』」。
শুনা, মই তেওঁৰ অন্তৰত এক আত্মা স্থিতি কৰিম; তেওঁ এক সম্বাদ শুনিব আৰু নিজৰ দেশলৈ উভটি যাব; মই তেওঁক নিজৰ সেই ঠাইতে তৰোৱালেৰে নিপাত কৰিম’।”
8 ラブシャケは引き返して、アッスリヤの王がリブナを攻めているところへ行った。彼が王のラキシを去ったことを聞いたからである。
পাছত ৰবচাকিয়ে উভটি আহি শুনিলে যে অচূৰৰ ৰজাই লাখীচ এৰি লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।
9 この時アッスリヤの王はエチオピヤの王テルハカについて、「彼はあなたと戦うために出てきた」と人々がいうのを聞いたので、再び使者をヒゼキヤにつかわして言った、
তাৰ পাছতে অচূৰৰ ৰজা চনহেৰীবে খবৰ পালে যে মিচৰ আৰু কুচ দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিছে। তেতিয়া অচূৰৰ ৰজাই পুনৰ হিষ্কিয়াৰ ওচৰলৈ লোকসকলৰ যোগেদি এক বার্তা পঠাই দিলে:
10 「ユダの王ヒゼキヤにこう言いなさい、『あなたは、エルサレムはアッスリヤの王の手に陥ることはない、と言うあなたの信頼する神に欺かれてはならない。
১০“তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।”
11 あなたはアッスリヤの王たちがもろもろの国々にした事、彼らを全く滅ぼした事を聞いている。どうしてあなたが救われることができようか。
১১চাওঁক, আপুনিতো শুনিছেই যে অচূৰৰ ৰজাই সকলো দেশক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ কেনে ব্যৱহাৰ কৰিছে; তেনেহলে, আপুনি ৰক্ষা পাবনে?
12 わたしの父たちはゴザン、ハラン、レゼフ、およびテラサルにいたエデンの人々を滅ぼしたが、その国々の神々は彼らを救ったか。
১২মোৰ পূর্বপুৰুষসকলে গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ যি জাতি সমূহক বিনষ্ট কৰিছিল, তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছিল?
13 ハマテの王、アルパデの王、セパルワイムの町の王、ヘナの王およびイワの王はどこにいるのか』」。
১৩হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িমৰ নগৰবোৰৰ ৰজা, হেনা আৰু ইব্বাৰ ৰজা ক’ত আছে’?”
14 ヒゼキヤは使者の手から手紙を受け取ってそれを読み、主の宮にのぼっていって、主の前にそれをひろげ、
১৪হিষ্কিয়াই বার্তাবাহকসকলৰ পৰা পত্ৰখন লৈ পঢ়িলে; তেওঁ যিহোৱাৰ গৃহলৈ উঠি গ’ল আৰু যিহোৱাৰ সন্মুখত পত্রখন মেলি ধৰিলে।
15 そしてヒゼキヤは主の前に祈って言った、「ケルビムの上に座しておられるイスラエルの神、主よ、地のすべての国のうちで、ただあなただけが神でいらせられます。あなたは天と地を造られました。
১৫তাৰ পাছত হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, দুই কৰূবৰ মাজত থকা হে ইস্রায়েলৰ ঈশ্বৰ, পৃথিবীৰ সমুদায় ৰাজ্যৰ ওপৰত একমাত্র ঈশ্বৰ আপুনিয়েই; আপুনিয়েই আকাশ-মণ্ডল আৰু পৃথিবীৰ সৃষ্টিকর্তা।
16 主よ、耳を傾けて聞いてください。主よ、目を開いてごらんください。セナケリブが生ける神をそしるために書き送った言葉をお聞きください。
১৬হে যিহোৱা, কাণ পাতি শুনক, হে যিহোৱা, চকু মেলি চাওঁক। জীৱন্ত ঈশ্বৰক নিন্দা কৰিবৰ কাৰণে চনহেৰীবে যি কথা কৈ পঠাইছে, সেয়া শুনক।
17 主よ、まことにアッスリヤの王たちはもろもろの民とその国々を滅ぼし、
১৭হে যিহোৱা, এই কথা সত্য যে, অচূৰৰ ৰজাসকলে জাতিবোৰক আৰু তেওঁলোকৰ দেশবোৰ বিনষ্ট কৰিলে।
18 またその神々を火に投げ入れました。それらは神ではなく、人の手の作ったもので、木や石だから滅ぼされたのです。
১৮তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নাছিল, মনুষ্যৰ হাতেৰে নির্মিত কেৱল কাঠ আৰু শিলৰ শিল্পকাৰ্য্য মাথোন; সেয়ে, অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
19 われわれの神、主よ、どうぞ、今われわれを彼の手から救い出してください。そうすれば地の国々は皆、主であるあなただけが神でいらせられることを知るようになるでしょう」。
১৯এই হেতুকে, হে আমাৰ ঈশ্বৰ যিহোৱা, মই আপোনাক বিনয় কৰোঁ, আপুনি আমাক তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰক, তেতিয়া পৃথিৱীৰ সমগ্র ৰাজ্যই জানিব পাৰিব যে আপুনিয়েই ঈশ্বৰ, কেৱল আপুনিয়েই যিহোৱা।”
20 その時アモツの子イザヤは人をつかわしてヒゼキヤに言った、「イスラエルの神、主はこう仰せられる、『アッスリヤの王セナケリブについてあなたがわたしに祈ったことは聞いた』。
২০তেতিয়া আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ এই কথা কৈ পঠালে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে যে, ‘অচূৰৰ ৰজা চনহেৰীবৰ সম্বন্ধে তুমি যিদৰে প্ৰাৰ্থনা কৰিলা, তাক মই শুনিলো।’
21 主が彼について語られた言葉はこうである、『処女であるシオンの娘はあなたを侮り、あなたをあざける。エルサレムの娘はあなたのうしろで頭を振る。
২১তেওঁৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘চিয়োনৰ যুৱতী কন্যাই তোমাক হেয়জ্ঞান কৰে আৰু তোমাক বিদ্রূপ কৰি হাঁহে; যিৰূচালেমৰ কন্যাই তোমাক দেখি মূৰ জোকাৰে।
22 あなたはだれをそしり、だれをののしったのか。あなたはだれにむかって声をあげ、目を高くあげたのか。イスラエルの聖者にむかってしたのだ。
২২তুমি কাক অপমান কৰিলা? কাক নিন্দা কৰিলা? তুমি কাৰ বিৰুদ্ধে চিঞঁৰি কথা ক’লা আৰু দর্পেৰে সৈতে চকুতুলি চাইছা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই তুমি এইবোৰ কৰিলা।
23 あなたは使者をもって主をそしって言った、「わたしは多くの戦車をひきいて山々の頂にのぼり、レバノンの奥に行き、たけの高い香柏と最も良いいとすぎを切り倒し、またその果の野営地に行き、その密林にはいった。
২৩তুমি নিজ দূতবোৰৰ দ্বাৰাই প্ৰভুৰ নিন্দা কৰি ক’লা, ‘মোৰ অধিক ৰথবোৰেৰে সৈতে পৰ্ব্বতবোৰৰ উচ্চ শিখৰলৈ, লিবানোনৰ আটাইতকৈ ওখ ওখ শিখৰলৈকে উঠি গলোঁ; মই তাৰ ওখ ওখ এৰচ গছবোৰ কাটি পেলাম আৰু তাৰ উত্তম উত্তম দেৱদাৰু গছবোৰ কাটি পেলাম; আৰু মই তাৰ বহুত দূৰলৈকে সোমাই যাম, সকলোতকৈ উত্তম ফলৱতী অৰণ্যৰ ভিতৰলৈ সোমাই যাম।
24 わたしは井戸を掘って外国の水を飲んだ。わたしは足の裏で、エジプトのすべての川を踏みからした」。
২৪মই কুৱাঁ খান্দি বিদেশৰ পানী পান কৰিলোঁ। মই মোৰ ভৰিৰ তলুৱাৰেৰে মিচৰৰ নদীবোৰ শুকুৱালো।’
25 あなたは聞かなかったか、昔わたしがこれを定めたことを。堅固な町々をあなたが荒塚とすることも、いにしえの日からわたしが計画して今これをおこなうのだ。
২৫‘তুমি জানো শুনা নাই যে অনেক আগেয়ে মই ইয়াক কেনেকৈ থিৰ কৰিলোঁ আৰু প্ৰাচীন কালতে মই তাৰ পৰিকল্পনা কৰিছিলোঁ? এতিয়া মই তাক সিদ্ধ কৰি আছোঁ। সেইবাবেইতো তুমি ইয়াত গড়েৰে আবৃত নগৰবোৰ উচ্ছন্ন কৰি ভগ্নাৱশেষ কৰিব পাৰিছা।
26 そのうちに住む民は力弱くおののき、恥をいだいて、野の草のように、青菜のようになり、育たないで枯れる屋根の草のようになった。
২৬সেইবোৰৰ নিবাসীসকল দুর্বলী হ’ল, ভয়তে ব্যাকুল আৰু লজ্জিত হ’ল। সিহঁত পথাৰৰ তৃণ, সেউজীয়া ঘাঁহ-বন, ঘৰৰ চালত বা পথাৰত গজা ঘাহঁৰ নিচিনা, যি বাঢ়ি যোৱাৰ আগেয়েই শুকাই যায়।
27 わたしはあなたのすわること、出入りすること、わたしにむかって怒り叫んだことをも知っている。
২৭কিন্তু মই তোমাৰ বহা, এনেকি তুমি বাহিৰলৈ বা ভিতৰলৈ অহা-যোৱা কৰা আৰু মোৰ বিৰুদ্ধে কৰা খং এই সকলোকে জানো।
28 あなたがわたしにむかって怒り叫んだことと、あなたの高慢がわたしの耳にはいったため、わたしはあなたの鼻に輪をつけ、あなたの口にくつわをはめて、あなたをもときた道へ引きもどすであろう』。
২৮তুমি মোৰ বিৰুদ্ধে কৰা খঙৰ কাৰণে আৰু তোমাৰ অহংকাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে, মই তোমাৰ নাকত মোৰ হাঁকোটা আৰু মুখত মোৰ লাগাম লগাম আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই মই তোমাক ঘূৰাই পঠাম।’
29 『あなたに与えるしるしはこれである。すなわち、ことしは落ち穂からはえたものを食べ、二年目にはまたその落ち穂からはえたものを食べ、三年目には種をまき、刈り入れ、ぶどう畑を作ってその実を食べるであろう。
২৯‘তোমাৰ কাৰণে এয়ে এক চিন হ’ব: এই বছৰত নিজে নিজে যি উৎপন্ন হ’ব, তাকে তোমালোকে খাবা। দ্বিতীয় বছৰত তাৰ পৰা যি উৎপন্ন হ’ব, তোমালোকে তাকে ভোজন কৰিবা; কিন্তু তৃতীয় বছৰত তোমালোকে কঠীয়া সিচিঁ শস্য দাবা, দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।
30 ユダの家ののがれて残る者は再び下に根を張り、上に実を結ぶであろう。
৩০যিহূদাৰ ফৈদৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব, তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব।
31 すなわち残る者がエルサレムから出てき、のがれた者がシオンの山から出て来るであろう。主の熱心がこれをされるであろう』。
৩১কিয়নো যিৰূচালেমৰ পৰা আৰু চিয়োন পর্বতৰ পৰা অৱশিষ্ট জীৱিত লোকসকল আহিব; বাহিনী সমূহৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।’
32 それゆえ、主はアッスリヤの王について、こう仰せられる、『彼はこの町にこない、またここに矢を放たない、盾をもってその前に来ることなく、また塁を築いてこれを攻めることはない。
৩২এই হেতুকে অচূৰৰ ৰজাৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘তেওঁ এই নগৰলৈ নাহিব, এনেকি এপাত কাঁড়ো নামাৰিব। তেওঁ ঢাল লৈ ইয়াৰ সন্মুখলৈ নাহিব নাইবা ইয়াৰ বিৰুদ্ধে অৱৰোধৰ পথ নির্মাণ নকৰিব।
33 彼は来た道を帰って、この町に、はいることはない。主がこれを言う。
৩৩তেওঁ যি পথেদি আহিল, সেই পথেৰেই উলটি যাব; এই নগৰত তেওঁ নোসোমাব; এয়ে হৈছে যিহোৱাৰ ঘোষণা।
34 わたしは自分のため、またわたしのしもべダビデのためにこの町を守って、これを救うであろう』」。
৩৪মই নিজৰ কাৰণে আৰু মোৰ দাস দায়ুদৰ কাৰণে, মই এই নগৰক প্রতিহত কৰি উদ্ধাৰ কৰিম’।”
35 その夜、主の使が出て、アッスリヤの陣営で十八万五千人を撃ち殺した。人々が朝早く起きて見ると、彼らは皆、死体となっていた。
৩৫সেই ৰাতিয়েই যিহোৱাৰ স্বর্গদূতে বাহিৰলৈ ওলাই গৈ, অচূৰীয়াসকলৰ ছাউনিৰ এক লাখ পঁচাশী হাজাৰ সৈন্যক বধ কৰিলে; পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল, তেতিয়া সকলো ঠাইতে মৰা শৱ পৰি থকা দেখিলে।
36 アッスリヤの王セナケリブは立ち去り、帰って行ってニネベにいたが、
৩৬সেয়ে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েলৰ পৰা ঘৰলৈ উভটি গ’ল আৰু নীনবি চহৰত বাস কৰিলে।
37 その神ニスロクの神殿で礼拝していた時、その子アデランメレクとシャレゼルが、つるぎをもって彼を殺し、ともにアララテの地へ逃げて行った。そこでその子エサルハドンが代って王となった。
৩৭এদিন যেতিয়া চনহেৰীবে নিজৰ দেৱতা নিষ্ৰোকৰ মন্দিৰত পূজা কৰি আছিল, তেতিয়া অদ্ৰমেলক আৰু চৰেচৰ নামেৰে তেওঁৰ দুজন পুতেকে তেওঁক তৰোৱালেৰে আঘাত কৰি বধ কৰিলে; পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। চনহেৰীবৰ পদত তেওঁৰ পুত্ৰ এচৰ-হদ্দোন ৰজা হ’ল।

< 列王記Ⅱ 19 >