< 歴代誌Ⅱ 33 >

1 マナセは十二歳で王となり、五十五年の間エルサレムで世を治めた。
মনচিয়ে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল বাৰ বছৰ; তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিলে।
2 彼は主がイスラエルの人々の前から追い払われた国々の民の憎むべき行いに見ならって、主の目の前に悪を行った。
আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতি সমূহক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিণলগা কাৰ্যৰ দৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
3 すなわち、その父ヒゼキヤがこわした高き所を再び築き、またもろもろのバアルのために祭壇を設け、アシラ像を造り、天の万象を拝んで、これに仕え、
কিয়নো তেওঁৰ পিতৃ হিষ্কিয়াই ভাঙি পেলোৱা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে; আৰু তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞবেদীবোৰ স্থাপন কৰিলে, আচেৰা মুৰ্ত্তিবোৰ সাজিলে আৰু আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পুজা কৰিলে।
4 また主が「わが名は永遠にエルサレムにある」と言われた主の宮のうちに数個の祭壇を築き、
আৰু যিহোৱাই যি গৃহৰ বিষয়ে কৈছিল, বোলে, “মোৰ নাম যিৰূচালেমত চিৰকাললৈকে থাকিব,” যিহোৱাৰ সেই গৃহত তেওঁ কেইটামান বিদেশী দেৱতাৰ যজ্ঞ বেদী নিৰ্ম্মাণ কৰিলে।
5 主の宮の二つの庭に天の万象のために祭壇を築いた。
এইদৰে তেওঁ যিহোৱাৰ গৃহৰ দুয়োখন চোতালত আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
6 彼はまたベンヒンノムの谷でその子供を火に焼いて供え物とし、占いをし、魔法をつかい、まじないを行い、口寄せと、占い師を任用するなど、主の前に多くの悪を行って、その怒りをひき起した。
আৰু তেওঁ নিজৰ সন্তান সকলক হিন্নোমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে; গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়া কৰ্ম কৰিলে আৰু ভূত পোহা আৰু গুণমন্ত্ৰ জনাসকলক লগালে৷ যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে।
7 彼はまた刻んだ偶像を造って神の宮に安置した。神はこの宮についてダビデとその子ソロモンに言われたことがある、「わたしはこの宮と、わたしがイスラエルのすべての部族のうちから選んだエルサレムとに、わたしの名を永遠に置く。
আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে৷ সেই গৃহৰ বিষয়ে ঈশ্বৰে দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল, বোলে, “ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু যিৰূচালেম মই মনোনীত কৰিলোঁ, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম;
8 彼らがもし、わたしがすべて命じた事、すなわち、モーセが伝えたすべての律法と定めとおきてとを慎んで行うならば、わたしがあなたがたの先祖のために定めた地から、重ねてイスラエルの足を移すことをしない」と。
আৰু মই তেওঁলোকক দিয়া সকলো আজ্ঞা, অৰ্থাৎ মোচিৰ হতুৱাই দিয়া গোটেই ব্যৱস্থা আৰু বিধি ও শাসন-প্ৰণালীবোৰ যদি তেওঁলোকে পালন কৰে আৰু সেই অনুসাৰে কাৰ্য কৰে, তেনেহলে মই তোমালোকৰ ওপৰ-পিতৃসকলৰ বাবে নিৰূপণ কৰা দেশৰ পৰা ইস্ৰায়েলৰ ভৰি আৰু নুগুচাম।”
9 マナセはこのようにユダとエルサレムの住民を迷わせ、主がイスラエルの人々の前に滅ぼされた国々の民にもまさって悪を行わせた。
তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে।
10 主はマナセおよびその民に告げられたが、彼らは心に留めなかった。
১০আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে।
11 それゆえ、主はアッスリヤの王の軍勢の諸将をこれに攻めこさせられたので、彼らはマナセをかぎで捕え、青銅のかせにつないで、バビロンに引いて行った。
১১এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।
12 彼は悩みにあうに及んで、その神、主に願い求め、その先祖の神の前に大いに身を低くして、
১২তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে।
13 神に祈ったので、神はその祈を受けいれ、その願いを聞き、彼をエルサレムに連れ帰って、再び国に臨ませられた。これによってマナセは主こそ、まことに神にいますことを知った。
১৩তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আৰু বিনয় কৰিবলৈ ধৰিলে; ঈশ্বৰে তেওঁৰ বিনয় শুনি তেওঁৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে আৰু তেওঁক পুনৰাই যিৰূচালেমত তেওঁৰ ৰাজ শাসনলৈ ঘূৰাই আনিলে৷ তেতিয়া যিহোৱাইহে যে ঈশ্বৰ তাক মনচিয়ে জানিলে।
14 この後、彼はダビデの町の外の石がきをギホンの西の方の谷のうちに築き、魚の門の入口にまで及ぼし、またオペルに石がきをめぐらして、非常に高くこれを築き上げ、ユダのすべての堅固な町に軍長を置き、
১৪তাৰ পাছত গীহোনৰ পশ্চিমে উপত্যকাত মৎস্য দুৱাৰৰ সোমোৱা ঠাইলৈকে দায়ুদৰ নগৰৰ এক বাহিৰ গড় সাজিলে৷ আৰু ওফেলৰ চাৰিওফালৰ গড় মেৰামত কৰি তাক অতি ওখ কৰিলে৷ গড়েৰে আবৃত যিহূদাৰ নগৰবোৰত সেনাপতি সকলক ৰাখিলে।
15 また主の宮から、異邦の神々および偶像を取り除き、主の宮の山とエルサレムに自分で築いたすべての祭壇を取り除いて、町の外に投げ捨て、
১৫আৰু তেওঁ যিহোৱাৰ গৃহৰ পৰা বিজাতীয় দেৱতাবোৰ, প্ৰতিমাটো আৰু যিহোৱাৰ গৃহৰ পৰ্বতত আৰু যিৰূচালেমত নিজে নিৰ্ম্মাণ কৰা যজ্ঞবেদিবোৰ গুচাই নগৰৰ বাহিৰলৈ আনি দুৰৈত পেলাই দিলে।
16 主の祭壇を築き直して、酬恩祭および感謝の犠牲を、その上にささげ、ユダに命じてイスラエルの神、主に仕えさせた。
১৬তেওঁ যিহোৱাৰ বেদী মেৰামত কৰি তাৰ ওপৰত মঙ্গলাৰ্থক বলি আৰু ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবলৈ যিহূদাক আজ্ঞা দিলে।
17 しかし民は、なお高き所で犠牲をささげた。ただしその神、主にのみささげた。
১৭তথাপি তেতিয়াও লোকসকলে ওখ ঠাইবোৰত বলিদান কৰিছিল যদিও কেৱল তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যেহে কৰিছিল।
18 マナセのそのほかの行為、その神にささげた祈、およびイスラエルの神、主の名をもって彼に告げた先見者たちの言葉は、イスラエルの列王の記録のうちにしるされている。
১৮চোৱা, মনচিৰ অৱশিষ্ট বৃত্তান্ত, নিজ ঈশ্বৰৰ আগত তেওঁ কৰা প্ৰাৰ্থনা আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁৰ আগত কোৱা দৰ্শকসকলৰ বাক্য, ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
19 またその祈と、祈の聞かれた事、そのもろもろの罪と、とが、その身を低くする前に高き所を築いて、アシラ像および刻んだ像を立てた場所などは、先見者の記録のうちにしるされている。
১৯আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্যলঙ্ঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেয়ে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আচেৰা মুৰ্ত্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল, সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে।
20 マナセはその先祖たちと共に眠ったので、その家に葬られた。その子アモンが彼に代って王となった。
২০পাছত মনচি তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁৰ ঘৰৰ ভিতৰতে তেওঁক মৈদাম দিলে৷ তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
21 アモンは王となった時二十二歳で、二年の間エルサレムで世を治めた。
২১আমোনে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স বাইশ বছৰ আছিল৷ তেওঁ যিৰূচালেমত দুবছৰ কাল ৰাজত্ব কৰিলে।
22 彼はその父マナセのしたように主の前に悪を行った。すなわちアモンはその父マナセが造ったもろもろの刻んだ像に犠牲をささげて、これに仕え、
২২তেওঁৰ বাপেক মনচিয়ে কৰাৰ নিচিনাকৈ তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁৰ পিতৃ মনচিয়ে কৰা আটাই কটা-প্ৰতিমাৰ উদ্দেশ্যে তেওঁ বলিদান কৰিলে আৰু সেইবোৰক সেৱা-পুজা কৰিলে।
23 その父マナセが身を低くしたように主の前に身を低くしなかった。かえってこのアモンは、いよいよそのとがを増した。
২৩আৰু তেওঁৰ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল, তেনেকৈ তেওঁ যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে৷ কিন্তু এই আমোনে দোষৰ ওপৰি দোষ কৰিলে।
24 その家来たちは党を結んで彼にそむき、彼をその家で殺した。
২৪পাছত তেওঁৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰি তেওঁৰ গৃহতে তেওঁক বধ কৰিলে।
25 しかし国の民は、党を結んでアモン王にそむいた者どもをことごとく撃ち殺した。そして国の民はその子ヨシヤを王となして、そのあとを継がせた。
২৫কিন্তু দেশৰ লোকসকলে আমোন ৰজাৰ বিৰুদ্ধে চক্ৰান্ত কৰা সকলোকে বধ কৰিলে; আৰু দেশৰ লোকসকলে তেওঁৰ পুত্ৰ যোচিয়াক তেওঁৰ পদত ৰজা পাতিলে।

< 歴代誌Ⅱ 33 >