< 歴代誌Ⅱ 3 >

1 ソロモンはエルサレムのモリアの山に主の宮を建てることを始めた。そこは父ダビデに主が現れられた所、すなわちエブスびとオルナンの打ち場にダビデが備えた所である。
তেতিয়া যি ঠাইত যিহোৱাই চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, সেই যিৰূচালেমৰ মোৰিয়া পৰ্বতত যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দায়ূদে নিৰূপণ কৰি ৰখা যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইতে তেওঁ এয়া যুগুত কৰিলে।
2 ソロモンが宮を建て始めたのは、その治世の四年の二月であった。
তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনা তেওঁ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
3 ソロモンの建てた神の宮の基の寸法は次のとおりである。すなわち昔の尺度によれば長さ六十キュビト、幅二十キュビト、
চলোমনে ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ যি ভিত্তিমূল স্থাপন কৰিলে, তাৰ জোখ এই - পূৰ্বকালৰ হাতৰ জোখেৰে তাৰ দীৰ্ঘ আছিল ষাঠি হাত আৰু বহলে বিশ হাত আছিল।
4 宮の前の廊は宮の幅に従って長さ二十キュビト高さ百二十キュビトで、その内部は純金でおおった。
আৰু গৃহৰ বহল আনুসাৰে গৃহৰ সন্মুখৰ বাৰাণ্ডা বিশ হাত দীঘল আছিল৷ ইয়াৰ উচ্চতাও বিশ হাত ওখ আছিল আৰু চলোমনে তাৰ ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে।
5 またその拝殿はいとすぎの板で張り、精金をもってこれをおおい、その上にしゅろと鎖の形を施した。
তেওঁ বৰ গৃহৰ দেৱালত দেবদাৰু কাঠ লগালে আৰু তেওঁ তাত উত্তম সোণৰ পতা মাৰিলে আৰু তাত খাজুৰ গছ আৰু শিকলিৰ আকৃতি কৰি দিলে।
6 また宝石をはめ込んで宮を飾った。その金はパルワイムの金であった。
আৰু তেওঁ শুভনীয় কৰিবলৈ গৃহটি মূল্যৱান পাথৰেৰে বিভূষিত কৰিলে; সেই সোণ পৰ্বয়িমৰ সোণ আছিল।
7 彼はまた金をもってその宮、すなわち、梁、敷居、壁および戸をおおい、壁の上にケルビムを彫りつけた。
তেওঁ গৃহৰ চতিত, দুৱাৰ-ডলিত, দেৱালত আৰু দুৱাৰত সোণৰ পতা মাৰিলে আৰু দেৱালত কৰূবৰ আকৃতি কাটিলে।
8 彼はまた至聖所を造った。その長さは宮の長さにしたがって二十キュビト、幅も二十キュビトである。彼は精金六百タラントをもってこれをおおった。
আৰু তেওঁ অতি পবিত্ৰ গৃহ নিৰ্ম্মাণ কৰিলে৷ সেই গৃহৰ দীঘ বহল অনুসাৰে বিশ হাত আৰু বহল বিশ হাত৷ তেওঁ তাতে ছশ কিক্কৰ উত্তম সোণ লগালে।
9 その釘の金の重さは五十シケルであった。彼はまた階上の室も金でおおった。
গজালৰ সোণৰ জোখ পঞ্চাশ চেকল। তেওঁ ওপৰৰ কোঁঠালিবোৰতো সোণ লগালে।
10 彼は至聖所に木を刻んだケルビムの像を二つ造り、これを金でおおった。
১০সেই অতি পবিত্ৰ গৃহত, তেওঁ খনিকৰৰ কাৰ্যেৰে দুটা কৰূব নিৰ্ম্মাণ কৰিলে আৰু কাৰিকৰৰ দ্ৱাৰাই তাত সোণৰ পতা মাৰিলে।
11 ケルビムの翼の長さは合わせて二十キュビトあった。すなわち一つのケルブの一つの翼は五キュビトで、宮の壁に届き、ほかの翼も五キュビトで、他のケルブの翼に届き、
১১সেই কৰূব দুটাৰ ডেউকা বিশ হাত দীঘল; সেয়ে গৃহৰ দেৱাল ঢুকি পোৱাকৈ এটাৰ এখন ডেউকা পাঁচ হাত দীঘল; সেয়ে দ্বিতীয় কৰূবৰ ডেউকা ঢুকি পোৱাকৈ আনখনো পাঁচ হাত দীঘল।
12 他のケルブの一つの翼も五キュビトで、宮の壁に届き、ほかの翼も五キュビトで、先のケルブの翼に接していた。
১২গৃহৰ দেৱাল ঢুকি পোৱাকৈ আন কৰূবৰো এখন ডেউকা পাঁচ হাত দীঘল; আৰু সেয়ে আনটো কৰূবৰ ডেউকাত লাগি থকাকৈ আন খনো পাঁচ হাত দীঘল।
13 これらのケルビムの翼は広げると二十キュビトあった。かれらは共に足で立ち、その顔は拝殿に向かっていた。
১৩সেই কৰূব কেইটা ডেউকা মেলিলে বিশ হাত ঠাই জুৰে৷ সেই দুটাই গৃহৰ ফাললৈ মুখ কৰি ভৰিত ভৰ দি থিয় হৈ আছিল।
14 ソロモンはまた青糸、紫糸、緋糸および亜麻糸で垂幕を造り、その上にケルビムの縫い取りを施した。
১৪তেওঁ নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু সেন্দুৰ বৰণীয়া সূতা ও মিহি শণ সূতাৰে প্ৰভেদক বস্ত্ৰখন যুগুত কৰিলে আৰু তাত কৰূবৰ আকৃতি তুলি দিলে।
15 彼は宮の前に柱を二本造った。その高さは三十五キュビト、おのおのの柱の頂に五キュビトの柱頭を造った。
১৫আৰু তেওঁ গৃহৰ সন্মুখত পঁয়ত্ৰিশ হাত ওখ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে; এটা এটা স্তম্ভৰ মুৰৰ মাথলা পাঁচ হাতকৈ আছিল।
16 彼は首飾のような鎖を造って、柱の頂につけ、ざくろ百を造ってその鎖の上につけた。
১৬আৰু তেওঁ শিকলি বনাই স্তম্ভৰ চাৰিওফালৰ মুৰত লগাই দিলে, আৰু এশ ডালিমো বনাই সেই শিকলিত লগাই দিলে।
17 彼はこの柱を神殿の前に、一本を南の方に、一本を北の方に立て、南の方のをヤキンと名づけ、北の方のをボアズと名づけた。
১৭সেই দুটা স্তম্ভ তেওঁ মন্দিৰৰ আগত সোঁফালে এটা আৰু বাওঁফালে এটা স্থাপন কৰিলে; সোঁ ফালৰটোৰ নাম যাখীন আৰু বাওঁ ফালৰটোৰ নাম বোৱাজ ৰাখিলে।

< 歴代誌Ⅱ 3 >