< 歴代誌Ⅱ 29 >

1 ヒゼキヤは王となった時二十五歳で、二十九年の間エルサレムで世を治めた。その母はアビヤと言って、ゼカリヤの娘である。
হিষ্কিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ অবিয়া, জখৰিয়াৰ জীয়েক আছিল।
2 ヒゼキヤは父ダビデがすべてなしたように主の良しと見られることをした。
তেওঁ ওপৰ পিতৃ দায়ূদে কৰা কৰ্মৰ দৰে সকলো কৰ্ম কৰিছিল, তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিল।
3 彼はその治世の第一年の一月に主の宮の戸を開き、かつこれを繕った。
তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।
4 彼は祭司とレビびとを連れていって、東の広場に集め、
তেওঁ পুৰোহিত আৰু লেবীয়াসকলক মাতি আনি, পূবফালে থকা চোতালত তেওঁলোকক এক গোট কৰিছিল৷
5 彼らに言った、「レビびとよ、聞きなさい。あなたがたは今、身を清めて、あなたがたの先祖の神、主の宮を清め、聖所から汚れを除き去りなさい。
তেওঁ তেখেতসকলক ক’লে, “হে লেবীয়াসকল, আপোনালোকে মোৰ কথা শুনক! আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অশুচি বস্তুবোৰ উলিয়াই পেলাওঁক।
6 われわれの先祖は罪を犯し、われわれの神、主の悪と見られることを行って、主を捨て、主のすまいに顔をそむけ、うしろを向けた。
কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে।
7 また廊の戸を閉じ、ともしびを消し、聖所でイスラエルの神に香をたかず、燔祭をささげなかった。
তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে; তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম-বলি নিদিলে।
8 それゆえ、主の怒りはユダとエルサレムに臨み、あなたがたが目に見るように、主は彼らを恐れと驚きと物笑いにされた。
এই কাৰণে যিহূদা আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে আৰু আপোনালোকে নিজ চকুৰে এতিয়া দেখাৰ দৰে, ত্ৰাসৰ বিষয়, আচৰিত আৰু ঘৃণাৰ বিষয় হ’বলৈ তেওঁ তেওঁলোকক শোধাই দিলে।
9 見よ、われわれの父たちはつるぎにたおれ、われわれのむすこたち、むすめたち、妻たちはこれがために捕虜となった。
এই কাৰণে আমাৰ পিতৃসকল তৰোৱালৰ আঘাতত পতিত হ’ল, আৰু আমাৰ পো, জী আৰু ভাৰ্য্যাসকলক এই কাৰণেই বন্দী কৰি নিয়া হ’ল।
10 今わたしは、イスラエルの神、主と契約を結ぶ志をもっている。そうすればその激しい怒りは、われわれを離れるであろう。
১০আমাৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যেন আতৰে, তাৰ বাবে তেৱেঁ সৈতে এটি নিয়ম-চুক্তি স্থাপন কৰিবলৈ এতিয়া মোৰ মনে স্থিৰ কৰিছে।
11 わが子らよ、今は怠ってはならない。主はあなたがたを選んで、主の前に立って仕えさせ、ご自分に仕える者となし、また香をたく者とされたからである」。
১১হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন যিহোৱাৰ আগত থিয় হৈ তেওঁৰ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক ও ধূপ জ্বলাওঁতা হোৱা, এই কাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে।”
12 そこでレビびとは立ち上がった。すなわちコハテびとの子孫のうちでは、アマサイの子マハテおよびアザリヤの子ヨエル。メラリの子孫では、アブデの子キシおよびエハレレルの子アザリヤ。ゲルションびとのうちでは、ジンマの子ヨアおよびヨアの子エデン。
১২তেতিয়া সেই লেবীয়াসকল উঠিল: কহাতৰ সন্তান সকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ যোৱেল, মৰাৰীৰ সন্তান সকলৰ মাজৰ অব্দীৰ পুত্ৰ কীচ আৰু যিহল্লেলৰ পুত্ৰ অজৰিয়া; গেৰ্চোনীয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ যোৱাহ আৰু যোৱাহৰ পুত্ৰ এদন;
13 エリザパンの子孫のうちでは、シムリとエイエル。アサフの子孫のうちでは、ゼカリヤとマッタニヤ。
১৩ইলিচাফনৰ সন্তান সকলৰ মাজৰ চিম্ৰী আৰু যুৱেল; আচফৰ সন্তান সকলৰ মাজৰ জখৰিয়া আৰু মত্তনিয়া;
14 ヘマンの子孫のうちでは、エヒエルとシメイ。エドトンの子孫のうちでは、シマヤとウジエルである。
১৪হেমনৰ সন্তান সকলৰ মাজৰ যিহীয়েল আৰু চিমিয়ী আৰু যিদূথূনৰ সন্তান সকলৰ মাজৰ চময়িয়া আৰু উজ্জীয়েল৷
15 彼らはその兄弟たちを集めて身を清め、主の言葉による王の命令に従って、主の宮を清めるためにはいって来た。
১৫তেওঁলোকে নিজৰ ভাইসকলক গোটাই নিজক পবিত্ৰ কৰিলে আৰু যিহোৱাৰ বাক্য অনুসাৰে অহা ৰজাৰ আজ্ঞা পালন কৰি যিহোৱাৰ গৃহ শুচি কৰিবলৈ সোমাল।
16 祭司たちが主の宮の奥にはいってこれを清め、主の宮にあった汚れた物をことごとく主の宮の庭に運び出すと、レビびとはそれを受けて外に出し、キデロン川に持って行った。
১৬পুৰোহিতসকলে শুচি কৰিবৰ অৰ্থে যিহোৱাৰ গৃহৰ ভিতৰলৈ গ’ল৷ যিহোৱাৰ মন্দিৰৰ ভিতৰত যি যি অশুচি বস্তু তেওঁলোকে পালে, সেই সকলোকে উলিয়াই আনি যিহোৱাৰ গৃহৰ চোতালত ৰাখিলে৷ পাছত লেবীয়াসকলে সেইবোৰ বাহিৰলৈ উলিয়াই আনিলে আৰু কিদ্ৰোণ জুৰিত পেলাই দিবৰ কাৰণে সেইবোৰ কঢ়িয়াই লৈ গ’ল।
17 彼らは正月の元日に清めることを始めて、その月の八日に主の宮の廊に達した。それから主の宮を清めるのに八日を費し、正月の十六日にこれを終った。
১৭এইদৰে তেওঁলোকে প্ৰথম মাহৰ প্ৰথম দিনা সেই গৃহ পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাহৰ অষ্টম দিনত যিহোৱাৰ গৃহৰ বাৰাণ্ডা পাইছিল৷ তেওঁলোকে আঠ দিনৰ ভিতৰত যিহোৱাৰ গৃহ পবিত্ৰ কৰিছিল; আৰু প্ৰথম মাহৰ ষোল্ল দিনৰ দিনা তেওঁলোকে কাম শেষ কৰিছিল।
18 そこで彼らはヒゼキヤ王の所へ行って言った、「われわれは主の宮をことごとく清め、また燔祭の壇とそのすべての器物、および供えのパンの机とそのすべての器物とを清めました。
১৮পাছত তেওঁলোকে ৰজা হিষ্কিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “আমি যিহোৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোম-বেদি আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন-পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ।
19 またアハズ王がその治世に罪を犯して捨てたすべての器物をも整えて清めました。それらは主の祭壇の前にあります」。
১৯তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্যলঙ্ঘন কৰি যি যি পাত্ৰ পেলাই দিছিল, সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওঁক, সেইবোৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত আছে।”
20 そこでヒゼキヤ王は朝早く起きいで、町のつかさたちを集めて、主の宮に上って行き、
২০তেতিয়া হিষ্কিয়া ৰজাই অতি পুৱাই উঠি নগৰৰ অধ্যক্ষসকলক গোট খুৱালে আৰু তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গ’ল।
21 雄牛七頭、雄羊七頭、小羊七頭、雄やぎ七頭を引いてこさせ、国と聖所とユダのためにこれを罪祭とし、アロンの子孫である祭司たちに命じてこれを主の祭壇の上にささげさせた。
২১তেতিয়া তেওঁলোকে ৰাজ্যৰ, ধৰ্মধামৰ আৰু যিহূদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে সাতোটা ভতৰা, সাতোটা মতা ভেড়া, সাতোটা ভেড়া পোৱালি আৰু সাতোটা মতা ছাগলী অানিলে৷ তাতে তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰোণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে।
22 すなわち、雄牛をほふると、祭司たちはその血を受けて祭壇にふりかけ、また雄羊をほふると、その血を祭壇にふりかけ、また小羊をほふると、その血を祭壇にふりかけた。
২২এই হেতুকে, তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে; আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে; আৰু ভেড়া পোৱালিবোৰ মাৰি, সেইবোৰৰ তেজ বেদীত ছটিয়ালে।
23 そして罪祭の雄やぎを王と会衆の前に引いて来たので、彼らはその上に手を置いた。
২৩পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে৷ তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে।
24 そして祭司たちはこれをほふり、その血を罪祭として祭壇の上にささげてイスラエル全国のためにあがないをした。これは王がイスラエル全国のために燔祭および罪祭をささげることを命じたためである。
২৪তাতে পুৰোহিতসকলে সেইবোৰ মাৰি গোটেই ইস্ৰায়েলক প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে, বেদীত পাপনাশক নৈবেদ্ৰস্বৰূপে সেইবোৰৰ তেজ চতিয়াই দিলে; কিয়নো গোটেই ইস্ৰায়েলৰ কাৰণে হোমবলি আৰু পাপাৰ্থক বলি দান কৰিবলৈ ৰজাই আজ্ঞা দিছিল।
25 王はまたレビびとを主の宮に置き、ダビデおよび王の先見者ガドと預言者ナタンの命令に従って、これにシンバル、立琴および琴をとらせた。これは主がその預言者によって命じられたところである。
২৫হিষ্কিয়াই ৰজা দায়ূদৰ দৰ্শক গাদ আৰু নাথন ভাববাদীৰ আজ্ঞা অনুসাৰে তাল, নেবল আৰু বীণা লোৱা লেবীয়াসকলক যিহোৱাৰ গৃহত উপস্থিত কৰালে; কিয়নো যিহোৱাই তেওঁৰ ভাববাদীসকলৰ দ্বাৰাই ইয়াকে কৰিবলৈ আজ্ঞা দিছিল।
26 こうしてレビびとはダビデの楽器をとり、祭司はラッパをとって立った。
২৬এই হেতুকে লেবীয়াসকলে দায়ূদৰ বাদ্যযন্ত্ৰ আৰু পুৰোহিতসকলে তুৰী হাতত লৈ থিয় হ’ল।
27 そこでヒゼキヤは燔祭を祭壇の上にささげることを命じた。燔祭をささげ始めた時、主の歌をうたい、ラッパを吹き、イスラエルの王ダビデの楽器をならし始めた。
২৭পাছত হিষ্কিয়াই যজ্ঞবেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে৷ যেতিয়া হোমৰ আৰম্ভ হ’ল, তেতিয়া তুৰীৰ লগতে ইস্ৰায়েলৰ ৰজা দায়ূদৰ বাদ্যযন্ত্ৰৰে সৈতে যিহোৱাৰ গান আৰম্ভ হ’ল।
28 そして会衆は皆礼拝し、歌うたう者は歌をうたい、ラッパ手はラッパを吹き鳴らし、燔祭が終るまですべてこのようであったが、
২৮তাতে গোটেই সমাজে প্ৰণিপাত কৰিলে৷ গায়কসকলে গীত গালে আৰু তুৰী বজোৱাসকলে তুৰী বজালে; হোম-বলি শেষ নোহোৱালৈকে এনেদৰেই চলি থাকিল।
29 ささげる事が終ると、王および彼と共にいた者はみな身をかがめて礼拝した。
২৯হোম-বলি শেষ হোৱাৰ পাছত, ৰজা আৰু তেওঁৰ লগৰ সকলো মানুহে আঁঠুকাঢ়ি প্ৰণিপাত কৰিলে।
30 またヒゼキヤ王およびつかさたちはレビびとに命じて、ダビデと先見者アサフの言葉をもって主をさんびさせた。彼らは喜んでさんびし、頭をさげて礼拝した。
৩০ইয়াৰ বাহিৰেও হিষ্কিয়া আৰু অধ্যক্ষসকলে, দায়ুদ আৰু আচফ দৰ্শকে লিখা বাক্যেৰে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবীয়াসকলক আজ্ঞা দিলে৷ তেওঁলোকে আনন্দেৰে প্ৰশংশাৰ গান কৰিলে আৰু মূৰ দোঁৱাই প্ৰণিপাত কৰিলে।
31 その時、ヒゼキヤは言った、「あなたがたはすでに主に仕えるために身を清めたのであるから、進みよって、主の宮に犠牲と感謝の供え物を携えて来なさい」と。そこで会衆は犠牲と感謝の供え物を携えて来た。また志ある者は皆燔祭を携えて来た。
৩১তেতিয়া হিষ্কিয়াই উত্তৰ দি ক’লে, “এতিয়া আপোনালোকে যিহোৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে; আপোনালোক ওচৰলৈ আহক আৰু যিহোৱাৰ গৃহলৈ মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক।” তেতিয়া সমাজে মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি অানিলে আৰু যিমান লোকৰ ইচ্ছা আছিল, সেই সকলোৱেও হোম-বলি আনিলে।
32 会衆の携えて来た燔祭の数は雄牛七十頭、雄羊百頭、小羊二百頭、これらは皆主に燔祭としてささげるものであった。
৩২সমাজে অনা হোম-বলিৰ সংখ্যা এনে; সত্তৰটা ষাঁড়, এশ মতা মেৰ-ছাগ আৰু দুশ মেৰ-ছাগ পোৱালি৷ এই সকলো যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি আছিল।
33 また奉納物は牛六百頭、小羊三千頭であった。
৩৩আৰু ছশ ষাঁড়, তিনি হাজাৰ মেৰ-ছাগ আৰু ছাগলী পবিত্ৰ কৰা হ’ল।
34 ところが祭司が少なくてその燔祭の物の皮を、はぎつくすことができなかったので、その兄弟であるレビびとがこれを助けて、そのわざをなし終え、その間に他の祭司たちは身を清めた。これはレビびとが祭司たちよりも、身を清めることに、きちょうめんであったからである。
৩৪কিন্তু পুৰোহিতসকল তাকৰ হোৱা বাবে, তেওঁলোকে আটাইবোৰ হোম-বলিৰ ছাল বখলিয়াবলৈ অসমৰ্থক হ’ল; এই বাবে সেই কাম নোহোৱালৈকে, আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে; কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবীয়াসকলৰ মন অধিক সৰল আছিল।
35 このほかおびただしい燔祭があり、また、酬恩祭の脂肪および燔祭の灌祭もあった。こうして、主の宮の勤めは回復された。
৩৫তাৰ ওপৰিও মঙ্গলাৰ্থক বলিবোৰৰ তেলেৰে আৰু হোম-বলিবোৰৰ উপযুক্ত পেয় নৈবেদ্যেৰে সৈতে সেই হোম-বলি অধিক আছিল। এইদৰে যিহোৱাৰ গৃহৰ সম্বন্ধীয় কাৰ্য পৰিপাটিকৈ চলিছিল।
36 この事は、にわかになされたけれども、神がこのように民のために備えをされたので、ヒゼキヤおよびすべての民は喜んだ。
৩৬ঈশ্বৰে এইদৰে লোকসকলৰ মন যুগুত কৰা বাবে, হিষ্কিয়া আৰু আন সকলো লোকে আনন্দ কৰিলে; কিয়নো এই কাম সোনকালে কৰা হৈছিল।

< 歴代誌Ⅱ 29 >