< 歴代誌Ⅱ 23 >

1 第七年になって、エホヤダは勇気をだしてエロハムの子アザリヤ、ヨハナンの子イシマエル、オベデの子アザリヤ、アダヤの子マアセヤ、ジクリの子エリシャパテなどの百人の長たちを招いて契約を結ばせた。
পাছত সপ্তম বছৰত যিহোয়াদাই প্ৰভাৱশালীৰে কার্য কৰিলে৷ তেওঁ শতপতিসকলক, যিৰোহমৰ পুত্ৰ অজৰিয়াক; যিহোহাননৰ পুত্ৰ ইশ্মায়েলক; ওবেদৰ পুত্ৰ অজৰিয়াক; অদায়াৰ পুত্ৰ মাচেয়াক; আৰু জিখ্ৰীৰ পুত্ৰ ইলীচাফটক লৈ নিজৰে সৈতে এটি নিয়ম কৰিলে।
2 そこで彼らはユダを行きめぐって、ユダのすべての町からレビびとを集め、またイスラエルの氏族の長たちを集めて、エルサレムに来た。
তাৰ পাছত তেওঁলোকে যিহূদা দেশত ফুৰি, যিহূদাৰ সকলো নগৰৰ পৰা লেবীয়াসকলক আৰু ইস্ৰায়েলৰ পিতৃ-বংশৰ মুখীয়ালসকলক গোটাই লৈ তেওঁলোকে যিৰূচালেমলৈ আহিল।
3 そしてその会衆は皆神の宮で王と契約を結んだ。その時エホヤダは彼らに言った、「主がダビデの子孫のことについて言われたように、王の子が位につくべきです。
পাছত গোটেই সমাজে ঈশ্বৰৰ গৃহত ৰজাৰ লগত এটি নিয়ম কৰিলে। যিহোয়াদাই তেওঁলোকক কলে, “চোৱা, দায়ূদৰ সন্তান সকলৰ বিষয়ে কোৱা যিহোৱাৰ বাক্য অনুসাৰে ৰজাৰ পুত্ৰই ৰাজত্ৱ কৰিব।
4 あなたがたのなすべき事はこれです。すなわちあなたがた祭司およびレビびとの安息日にはいって来る者の、三分の一は門を守る者となり、
এইটোৱেই হৈছে তোমালোকে কৰিবই লাগিব: তোমালোকৰ পুৰোহিত আৰু লেবীয়াসকলৰ যিমান লোক বিশ্ৰাম-বাৰত সেৱা কৰিব তেওঁলোকৰ তিনি ভাগৰ এভাগে দুৱৰী হ’ব;
5 三分の一は王の家におり、三分の一は礎の門におり、民は皆、主の宮の庭にいなさい。
দ্বিতীয় ভাগ ৰাজগৃহত থাকিব; আৰু তৃতীয় ভাগে প্ৰৱেশ দুৱাৰত থাকিব৷ সকলো লোক যিহোৱাৰ গৃহৰ চোতালত থাকিব।
6 祭司と、勤めをするレビびとのほかは、だれも主の宮に、はいってはならない。彼らは聖なる者であるから、はいることができる。民は皆、主の命令を守らなければならない。
কিন্তু পুৰোহিতসকল আৰু পৰিচৰ্যা কৰোঁতা লেবীয়াসকলৰ বাহিৰে আন কোনো লোকক যিহোৱাৰ গৃহত প্ৰৱেশ কৰিবলৈ নিদিবা; তেওঁলোকহে সোমাব, কাৰণ তেওঁলোকে সেই ঠাইতে কার্য কৰে৷ সকলোৱে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিব লাগিব।
7 レビびとはめいめい手に武器をとって王のまわりに立たなければならない。宮にはいる者をすべて殺しなさい。あなたがたは王がはいる時にも出る時にも、王と共にいなさい」。
আৰু লেবীয়াসকলৰ প্ৰতিজনে নিজ হাতত অস্ত্ৰ লৈ ৰজাক আবৰি ৰাখিব লাগিব৷ যি জন লোকেই গৃহৰ ভিতৰত সোমাব, তেওঁক বধ কৰা হওঁক৷ ৰজাই যেতিয়া ভিতৰলৈ আহে বা বাহিৰলৈ ওলাই যায়, তেতিয়া তোমালোকে তেওঁৰ লগে লগে থাকিবা৷”
8 そこでレビびとおよびユダの人々は、祭司エホヤダがすべて命じたように行い、めいめいその組の者で、安息日にはいって来るべき者と、安息日に出て行くべき者を率いていた。祭司エホヤダが組の者を去らせなかったからである。
তাতে যিহোয়াদা পুৰোহিতে যি যি আজ্ঞা দিছিল, লেবীয়াসকল আৰু গোটেই যিহূদাই সেইদৰে সকলো সেৱা কৰিলে৷ তেওঁলোক প্ৰতিজনে বিশ্ৰাম বাৰে সোমোৱা আৰু বিশ্ৰাম বাৰে ওলোৱা নিজ নিজ লোকসকলক ল’লে, কিয়নো যিহোয়াদা পুৰোহিতে পাল আদায় হোৱা লোকসকলক বিদায় নিদিলে।
9 また祭司エホヤダは、神の宮にあるダビデ王のやりおよび大盾、小盾を百人の長たちに渡し、
তাৰ পাছত দায়ুদ ৰজাৰ যি যি বৰচা, ঢাল আৰু বাৰূ ঈশ্বৰৰ গৃহত আছিল, যিহোয়াদা পুৰোহিতে সেইবোৰ শতপতিসকলক দিলে।
10 また王を守るために、すべての民にめいめい手に武器をとらせ、宮の南側から北側にわたって、祭壇と宮に沿って立たせた。
১০তেওঁ সকলো লোকক গৃহৰ সোঁ কাষৰ পৰা বাওঁ কাষলৈকে যজ্ঞবেদীৰ আৰু গৃহৰ মাজ ঠাইত ৰজাৰ চাৰিওফালে ৰাখিলে; তেওঁলোকৰ প্ৰতিজনৰ হাতত অস্ত্ৰ আছিল।
11 こうして王の子を連れ出して、これに冠をいただかせ、あかしの書を渡して王となし、エホヤダおよびその子たちが彼に油を注いだ。そして「王万歳」と言った。
১১তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱি হওঁক।”
12 アタリヤは民の走りながら王をほめる声を聞いたので、主の宮に入り、民の所へ行って、
১২যেতিয়া অথলিয়াই লোকসকলক লৰাঢাপৰা কৰা আৰু ৰজাক প্ৰশংসা কৰি চিঞৰ-বাখৰ কৰা শুনিলে তেতিয়া তেওঁ যিহোৱাৰ গৃহলৈ লোকসকলৰ ওচৰলৈ আহিল;
13 見ると、王は入口で柱のかたわらに立ち、王のかたわらには将軍たちとラッパ手が立っており、また国の民は皆喜んでラッパを吹き、歌をうたう者は楽器をもってさんびしていたので、アタリヤは衣を裂いて「反逆だ、反逆だ」と叫んだ。
১৩আৰু চাই দেখিলে যে, সোমোৱা ঠাইত ৰজা নিজ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে আৰু শতপতিসকল ও তুৰী বজোৱাসকল ৰজাৰ ওচৰত আছে৷ দেশৰ সকলো লোকসকলে আনন্দ কৰি আছিল, তুৰী বজাই আছিল আৰু প্ৰশংসা কৰিব জনা নিপুণ গায়কসকলে বাদ্যযন্ত্ৰ লৈ গীত গাই আছিল। তেতিয়া অথলিয়াই নিজৰ কাপোৰ ফালি, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!” বুলি চিঞৰি চিঞৰি ক’লে।
14 その時エホヤダは軍勢を統率する百人の長たちを呼び出し、「列の間から彼女を連れ出せ、彼女に従う者をつるぎで殺せ」と言った。祭司が彼女を主の宮で殺してはならないと言ったからである。
১৪কিন্তু যিহোয়াদা পুৰোহিতে সৈন্যৰ অধ্যক্ষ শতপতিসকলক বাহিৰলৈ আনি ক’লে, “তাইক দুই শাৰীৰ মাজেদি বাহিৰলৈ লৈ যোৱা; যি জন লোক তাইৰ পাছত যাব, তেওঁক তৰোৱালেৰে বধ কৰা হওক।” কিয়নো পুৰোহিতে কৈছিল, “যিহোৱাৰ গৃহৰ ভিতৰত তাইক বধ নকৰিবা।”
15 そこで人々は彼女に手をかけ、王の家の馬の門の入口まで連れて行き、その所で彼女を殺した。
১৫তেতিয়া লোকসকলে তেওঁৰ বাবে বাট এৰি দিলে আৰু তেওঁ অশ্ব-দুৱাৰৰ সোমোৱা ঠাইলৈ গৈ ৰাজগৃহত সোমাল আৰু সেই ঠাইতে তেওঁলোকে তেওঁক বধ কৰিলে।
16 エホヤダは自分とすべての民と王との間に、彼らは皆、主の民となるとの契約を結んだ。
১৬তাৰ পাছত লোকসকলে যেন যিহোৱাৰ প্ৰজা হয়, এই ভাবেৰে যিহোয়াদাই নিজৰ আৰু আটাই প্ৰজা ও ৰজাৰ মাজত এটি নিয়ম কৰিলে।
17 そこですべての民はバアルの家に行って、それをこわし、その祭壇とその像とを打ち砕き、バアルの祭司マッタンを祭壇の前で殺した。
১৭তেতিয়া সকলো লোক বালৰ ঘৰলৈ গৈ সেই ঘৰ ভাঙি পেলালে৷ তাতে তাৰ বেদী ও মূৰ্ত্তিবোৰ ডোখৰ ডোখৰ কৰিলে আৰু বেদীবোৰৰ আগত বালৰ পুৰোহিত মত্তনক বধ কৰিলে।
18 エホヤダはまた主の宮の守衛を、祭司とレビびとの指揮のもとに置いた。このレビびとは昔ダビデがモーセの律法にしるされているように、喜びと歌とをもって主に燔祭をささげるために、主の宮に配置したものであって、今そのダビデの例にならったものである。
১৮আৰু দায়ূদৰ আদেশ অনুসাৰে, আনন্দেৰে আৰু গানেৰে সৈতে, মোচিৰ ব্যৱস্থাত লিখামতে, যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ, দায়ূদে যিহোৱাৰ গৃহত যি লেবীয়া পুৰোহিতসকলক ভাগ ভাগ কৰি দিছিল, তেওঁলোকৰ হাতত যিহোয়াদাই যিহোৱাৰ গৃহৰ কাৰ্য্যভাৰৰ বাবে তেওঁলোকক নিযুক্ত কৰিলে।
19 彼はまた主の宮のもろもろの門に門衛を置き、汚れた者は何によって汚れた者でも、はいらせないようにした。
১৯যাতে কোনো প্ৰকাৰ অশুচি লোকে যেন নোসোমায়, এই কাৰণে তেওঁ যিহোৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰী ৰাখিলে।
20 こうしてエホヤダは百人の長たち、貴族たち、民のつかさたちおよび国のすべての民を率いて、主の宮から王を連れ下り、上の門から王の家に進み、王を国の位につかせた。
২০পাছত যিহোয়াদাই শতপতিসকলক, মান্যৱন্ত লোকসকলক, লোকসকলৰ শাসনকৰ্ত্তাসকলক আৰু দেশৰ সকলো লোকক লগত লৈ ৰজাক যিহোৱাৰ গৃহৰ পৰা নমাই আনিলে; তেওঁলোকে ওপৰ দুৱাৰেদি আহি ৰাজ গৃহত সোমাই ৰাজ সিংহাসনত ৰজাক বহুৱালে।
21 国の民は皆喜んだ。町はアタリヤがつるぎで殺された後、穏やかであった。
২১তেতিয়া দেশৰ সকলো মানুহে আনন্দ কৰিলে আৰু নগৰ সুথিলে থাকিল। কিন্তু অথলিয়াক হ’লে লোকসকলে তৰোৱালেৰে বধ কৰিলে৷

< 歴代誌Ⅱ 23 >