< 歴代誌Ⅱ 10 >

1 レハベアムはシケムへ行った。すべてのイスラエルびとが彼を王にしようとシケムへ行ったからである。
পাছত ৰহবিয়াম চিখিমলৈ গ’ল; কিয়নো তেওঁক ৰজা পাতিবলৈ গোটেই ইস্ৰায়েল চিখিমলৈ গৈছিল।
2 ネバテの子ヤラベアムは、ソロモンを避けてエジプトにのがれていたが、これを聞いてエジプトから帰ったので、
এনেতে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাৰ্ত্তা পালে, কিয়নো তেওঁ মিচৰত আছিল, চলোমন ৰজাৰ ভয়ত তেওঁ মিচৰলৈ পলাই গৈছিল; তাৰ পাছত তেওঁ মিচৰৰ পৰা উলটি আহিল৷
3 人々は人をつかわして彼を招いた。そこでヤラベアムとすべてのイスラエルは来て、レハベアムに言った、
কিয়নো লোকসকলে মানুহ পঠিয়াই তেওঁক মতাই আনিছিল; তাৰ পাছত যাৰবিয়াম আৰু গোটেই ইস্ৰায়েলে আহি ৰহবিয়ামক এই কথা ক’লে,
4 「あなたの父は、われわれのくびきを重くしましたが、今あなたの父のきびしい使役と、あなたの父が、われわれに負わせた重いくびきを軽くしてください。そうすればわたしたちはあなたに仕えましょう」。
“আপোনাৰ পিতৃয়ে আমাৰ ওপৰত সহিব নোৱাৰা যুৱলি দি গ’ল৷ এই হেতুকে আপোনাৰ পিতৃয়ে আমাক যি সহিব নোৱাৰা দাস্যকৰ্মত লগাই দি গধুৰ যুৱলি দি গ’ল, আপুনি তাৰ কিছু লঘূ কৰক, তেতিয়া আমি আপোনাৰ দাস হৈ থাকিম।”
5 レハベアムは彼らに答えた、「三日の後、またわたしの所に来なさい」。それで民は去った。
তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনৰ পাছত তোমালোকে আকৌ মোৰ ওচৰলৈ আহিবা।” তেতিয়া লোকসকল গুচি গ’ল।
6 レハベアム王は父ソロモンの存命中ソロモンに仕えた長老たちに相談して言った、「あなたがたはこの民にどう返答すればよいと思いますか」。
পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীৱিত থকা কালত যি বৃদ্ধসকল তেওঁৰ আগত থিয় দি আছিল তেওঁলোকৰ লগত মন্ত্ৰণা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ তোমালোকে কি পৰামৰ্শ দিয়া?”
7 彼らはレハベアムに言った、「あなたがもしこの民を親切にあつかい、彼らを喜ばせ、ねんごろに語られるならば彼らは長くあなたのしもべとなるでしょう」。
তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি সেই লোকসকললৈ মৰমীয়াল হৈ তেওঁলোকক সন্তুষ্ট কৰে আৰু তেওঁলোকক ভাল কথা কয়, তেন্তে তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
8 しかし彼は長老たちが与えた勧めをすてて、自分と一緒に大きくなって自分に仕えている若者たちに相談して、
কিন্তু ৰহবিয়ামক বৃদ্ধসকলে দিয়া পৰামৰ্শ অৱজ্ঞা কৰি, যিসকল তেওঁৰে লগত একে সমানে ডাঙৰ-দীঘল হোৱা ডেকাসকল তেওঁৰ আগত থিয় দি আছিল, তেওঁলোকৰ সৈতে মন্ত্ৰণা কৰিলে।
9 彼らに言った、「あなたがたは、この民がわたしに向かって、『あなたの父上が、われわれに負わせたくびきを軽くしてください』と言うのに、われわれはなんと返答すればよいと思いますか」。
তেওঁ তেওঁলোকক ক’লে, “মোৰ আগত কোৱা সেই লোকসকলক আমি উত্তৰ দিবৰ বাবে তোমালোকে কি পৰামৰ্শ দিবা, সেই লোকসকলে মোক এইদৰে ক’লে, বোলে, ‘আপোনাৰ পিতৃয়ে আমাৰ ওপৰত যি যুৱলি দি গ’ল, তাৰ কিছু লঘূ কৰক’?”
10 彼と一緒に大きくなった若者たちは彼に言った、「あなたに向かって、『あなたの父は、われわれのくびきを重くしたが、あなたは、それをわれわれのために軽くしてください』と言ったこの民に、こう言いなさい、『わたしの小指は父の腰よりも太い、
১০তেওঁৰ একে সমানে ডাঙৰ-দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে আমাৰ ওপৰত গধুৰ যুৱলি দি গ’ল কিন্তু আপুনি তাৰ কিছু লঘূ কৰক বুলি আপোনাৰ আগত কোৱা লোকসকলক সেই কথা কওঁক, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
11 父はあなたがたに重いくびきを負わせたが、わたしはさらに、あなたがたのくびきを重くしよう。父はむちであなたがたを懲らしたが、わたしはさそりであなたがたを懲らそう』」。
১১এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধূৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধূৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’, এইদৰেই আপুনি তেওঁলোকক কওক৷”
12 さてヤラベアムと民は皆、王が「三日目にわたしのところに来なさい」と言ったとおりに、三日目にレハベアムのところへ行った。
১২পাছত “তৃতীয়দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
13 王は荒々しく彼らに答えた。すなわちレハベアム王は長老たちの勧めをすて、
১৩তাতে ৰজাই তেওঁলোকক টান টান কথাৰে উত্তৰ দিলে; ৰহবিয়াম ৰজাই বৃদ্ধসকলৰ পৰামৰ্শ অৱজ্ঞা কৰিলে৷
14 若者たちの勧めに従い、彼らに告げて言った、「父はあなたがたのくびきを重くしたが、わたしは更にこれを重くしよう。父はむちであなたがたを懲らしたが、わたしはさそりであなたがたを懲らそう」。
১৪সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক তেওঁ এই কথা কলে, “মোৰ পিতৃয়ে তোমালোকক দিয়া যুৱলি তাতোকৈ অধিক গধুৰ কৰিম; ইয়াত মই পুনৰ যোগ দিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম।”
15 このように王は民の言うことを聞きいれなかった。これは主が、かつてシロびとアヒヤによって、ネバテの子ヤラベアムに言われた言葉を成就するために、神がなされたのであった。
১৫এইদৰে ৰজাই লোকসকলৰ কথা নুশুনিলে; কিয়নো চীলোনীয়া অহীয়াৰ দ্বাৰাই দিয়া নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে ঈশ্বৰৰ পৰাহে এই ঘটনা ঘটিল।
16 イスラエルの人々は皆、王が自分たちの言うことを聞きいれないのを見たので、民は王に答えて言った、「われわれはダビデのうちに何の分があろうか。われわれはエッサイの子のうちに嗣業がない。イスラエルよ、めいめいの天幕に帰れ。ダビデよ、今あなたの家を見よ」。そしてイスラエルは皆彼らの天幕へ去って行った。
১৬যেতিয়া ইস্ৰায়েলৰ লোকসকলে দেখিলে যে, ৰজাই তেওঁলোকৰ কথা শুনা নাই তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দিলে আৰু ক’লে, “দায়ূদৰ ওচৰত আমাৰ কি অংশ আছে? যিচয়ৰ পুত্ৰৰ ওচৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল, তোমালোকে নিজ নিজ তম্বুলৈ যোৱা৷ হে দায়ুদ, তুমি এতিয়া নিজ বংশলৈ চোৱা।” এইদৰে সমুদায় ইস্ৰায়েল নিজ নিজ তম্বুলৈ পুনৰ উভতি গ’ল।
17 しかしレハベアムはユダの町々に住んでいるイスラエルの人々を治めた。
১৭কিন্তু যিহূদাৰ নগৰবোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত হ’লে ৰহবিয়ামে ৰাজত্ব কৰি থাকিল।
18 レハベアム王は徴募人の監督であったアドラムをつかわしたが、イスラエルの人々が石で彼を撃ち殺したので、レハベアム王は急いで車に乗り、エルサレムに逃げた。
১৮পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাসকলৰ অধ্যক্ষ হদোৰামক পঠিয়াওতে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলৈ এনেদৰে শিল দলিয়ালে যে, যাৰ ফলত তেওঁ তাতে মৰিল৷ ৰজা ৰহবিয়ামে নিজৰ ৰথত উঠি বেগাবেগীকৈ যিৰূচালেমলৈ পলাই গ’ল।
19 こうしてイスラエルはダビデの家にそむいて今日に至った。
১৯এইদৰে ইস্ৰায়েলে দায়ূদৰ বংশৰ বিৰুদ্ধে আজিলৈকে সেই ভাবেৰেই বিদ্ৰোহ আচৰণ কৰি আছে।

< 歴代誌Ⅱ 10 >