< サムエル記Ⅰ 14 >

1 ある日、サウルの子ヨナタンは、その武器を執る若者に「さあ、われわれは向こう側の、ペリシテびとの先陣へ渡って行こう」と言った。しかしヨナタンは父には告げなかった。
এদিন চৌলৰ পুত্ৰ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহাঁ আমি পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলৰ আন দিশে যাওঁ।” কিন্তু তেওঁ এই কথা পিতৃক নক’লে।
2 サウルはギベアのはずれで、ミグロンにある、ざくろの木の下にとどまっていたが、共にいた民はおおよそ六百人であった。
সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,
3 またアヒヤはエポデを身に着けて共にいた。アヒヤはアヒトブの子、アヒトブはイカボデの兄弟、イカボデはピネハスの子、ピネハスはシロにおいて主の祭司であったエリの子である。民はヨナタンが出かけることを知らなかった。
তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল।
4 ヨナタンがペリシテびとの先陣に渡って行こうとする渡りには、一方に険しい岩があり、他方にも険しい岩があり、一方の名をボゼヅといい、他方の名をセネといった。
যিবোৰ বাটেৰে যোনাথনে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলৰ ওচৰলৈ যাব খুজিছিল, সেইবোৰ বাটৰ দুয়োকাষে ওখ শিলৰ পাহাৰ আছিল। এফালৰ শিলৰ পাহাৰটোৰ নাম বোচেচ আৰু আন ফালৰ পাহাৰটোৰ নাম চেনি।
5 岩の一つはミクマシの前にあって北にあり、一つはゲバの前にあって南にあった。
তাৰ মাজৰ এটা উত্তৰফালে মিকমচৰ সন্মুখত আৰু দ্বিতীয়টো দক্ষিণফালে গেবাৰ সন্মুখত জোঙা হৈ উঠিছিল।
6 ヨナタンはその武器を執る若者に言った、「さあ、われわれは、この割礼なき者どもの先陣へ渡って行こう。主がわれわれのために何か行われるであろう。多くの人をもって救うのも、少ない人をもって救うのも、主にとっては、なんの妨げもないからである」。
যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”
7 武器を執る者は彼に言った、「あなたの望みどおりにしなさい。わたしは一緒にいます。わたしはあなたと同じ心です」。
তেওঁৰ অস্ত্ৰবাহকে ক’লে, “আপুনি মনত যি ভাবিছে তাকেই কৰক; আপুনি আগুৱাই যাওক; মই আপোনাৰ লগত আছোঁ, আপুনি যি আদেশ দিয়ে মই পালন কৰিম।”
8 ヨナタンはまた言った、「われわれは、あの人々の所に渡っていって、彼らに身を現そう。
তাৰ পাছত যোনাথনে ক’লে, “আমি সেই লোক সকলৰ ফালে আগুৱাই গৈ তেওঁলোকক দেখা দিওঁ।
9 そして、もし彼らがわれわれに、『こちらから行くまで待て』と言うならば、われわれはその場にとどまり、彼らの所に上っていかないであろう。
যদি তেওঁলোকে আমাক কয়, ‘আমি তোমালোকৰ ওচৰলৈ নোযোৱালৈকে অপেক্ষা কৰা, তেনেহ’লে আমি নিজ ঠাইতে থাকিম, তেওঁলোকৰ ওচৰলৈ নাযাওঁ।
10 しかし、もし彼らが『われわれのところへ上ってこい』と言うならば、われわれは上って行こう。主が彼らをわれわれの手に渡されるからである。これをもってしるしとしよう」。
১০কিন্তু তেওঁলোকে যদি কয়, ‘আমাৰ ওচৰলৈ আহাঁ’, তেনেহ’লে আমি যাম; কাৰণ যিহোৱাই যে, তেওঁলোকক আমাৰ হাতত শোধাই দিলে; এয়ে আমালৈ চিন হ’ব।”
11 こうしてふたりはペリシテびとの先陣に、その身を現したので、ペリシテびとは言った、「見よ、ヘブルびとが、隠れていた穴から出てくる」。
১১তাৰ পাছত তেওঁলোক দুয়োজনে পলেষ্টীয়াসকলৰ সৈন্যদলৰ আগত নিজক দেখা দিওঁতে পলেষ্টীয়াসকলে ক’লে, “সৌৱা চোৱা, ইব্ৰীয়াসকল যি যি গাতত লুকাই আছিল সেইবোৰৰ এতিয়া ওলাই আহিছে।”
12 先陣の人々はヨナタンと、その武器を執る者に叫んで言った、「われわれのところに上ってこい。目に、もの見せてくれよう」。ヨナタンは、その武器を執る者に言った、「わたしのあとについて上ってきなさい。主は彼らをイスラエルの手に渡されたのだ」。
১২পাছত সেই নগৰ ৰক্ষী সৈন্যদলৰ লোকসকলে যোনাথন আৰু অস্ত্ৰবাহকক মাতি ক’লে, “আমাৰ ওচৰলৈ উঠি আহাঁ, আমি তোমালোকক কিছুমান বস্তু দেখুৱাম।” যোনাথনে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “মোৰ পাছে পাছে উঠি আহাঁ, কাৰণ যিহোৱাই তেওঁলোকক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিলে।”
13 そしてヨナタンはよじ登り、武器を執る者もそのあとについて登った。ペリシテびとはヨナタンの前に倒れた。武器を執る者も、あとについていってペリシテびとを殺した。
১৩যোনাথনে হাতে-ভৰিয়ে বগাই উঠি গ’ল আৰু তেওঁৰ অস্ত্ৰবাহক তেওঁৰ পাছত গ’ল; সেই সময়ত লোকসকল যোনাথনৰ সন্মুখত মৃত্যু মুখত পৰিল আৰু তেওঁৰ অস্ত্ৰবাহকে তাৰে কিছুমানক বধ কৰিলে।
14 ヨナタンとその武器を執る者とが、手始めに殺したものは、おおよそ二十人であって、このことは一くびきの牛の耕す畑のおおよそ半分の内で行われた。
১৪যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকে কৰা এই প্ৰথম আক্ৰমণত এক একৰ মাটিৰ প্ৰায় আধা সীৰলু দৈর্ঘ্যত প্ৰায় বিশ জন মান লোকক বধ কৰিলে।
15 そして陣営にいる者、野にいるもの、およびすべての民は恐怖に襲われ、先陣のもの、および略奪隊までも、恐れおののいた。また地は震い動き、非常に大きな恐怖となった。
১৫তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল।
16 ベニヤミンのギベアにいたサウルの番兵たちが見ると、ペリシテびとの群衆はくずれて右往左往していた。
১৬তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোক সমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে।
17 その時サウルは、共にいる民に言った、「人数を調べて、われわれのうちのだれが出て行ったかを見よ」。人数を調べたところ、ヨナタンとその武器を執る者とがそこにいなかった。
১৭তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক’লে, “গণি চোৱা আমাৰ মাজৰ কোন হেৰাল।” যেতিয়া তেওঁলোকে গণি চালে, তেতিয়া যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকক নাপালে।
18 サウルはアヒヤに言った、「エポデをここに持ってきなさい」。その時、アヒヤはイスラエルの人々の前でエポデを身に着けていたからである。
১৮চৌলে অহিয়াক ক’লে, “ঈশ্বৰৰ কার্যৰ বাবে ব্যৱহাৰিত হোৱা এফোদ বস্ত্ৰ ইয়ালৈ আনা।” কাৰণ সেই দিনা ইস্ৰায়েলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফোদ বস্ত্ৰ পিন্ধি আছিল।
19 サウルが祭司に語っている間にも、ペリシテびとの陣営の騒ぎはますます大きくなったので、サウルは祭司に言った、「手を引きなさい」。
১৯যেতিয়া চৌলে পুৰোহিতৰ লগত কথা পাতি আছিল, তেতিয়া পলেষ্টীয়াসকলৰ ছাউনিত একেৰাহে উত্তেজনা বৃদ্ধি হৈ গৈছিল। তাতে চৌলে পুৰোহিতক ক’লে, “আপোনাৰ হাত গুচাওক।”
20 こうしてサウルおよび共にいる民は皆、集まって戦いに出た。ペリシテびとはつるぎをもって同志打ちしたので、非常に大きな混乱となった。
২০তাৰ পাছত চৌল আৰু তেওঁৰ লগত থকা লোকসকল গোট খাই ৰণলৈ গ’ল। প্ৰত্যেক জন ফিলষ্টীয়ানৰ তৰোৱাল তেওঁৰ দেশৰ লোকসকলৰ বিৰুদ্ধে উঠিল আৰু তাত অধিক ভুল বুজা-বুজি হ’ল।
21 また先にペリシテびとと共にいて、彼らと共に陣営にきていたヘブルびとたちも、翻ってサウルおよびヨナタンと共にいるイスラエルびとにつくようになった。
২১পূর্বৰে পৰা পলেষ্টীয়াসকলৰ লগত থকা ইব্ৰীয়াসকল, আৰু যি সকল তেওঁলোকৰ লগত ছাউনিলৈ গৈছিল, তেওঁলোকেও চৌল আৰু যোনাথনৰ লগত থকা ইস্ৰায়েলী লোক সকলৰ লগত যোগ দিছিল।
22 またエフライムの山地に身を隠していたイスラエルびとたちも皆、ペリシテびとが逃げると聞いて、彼らもまた戦いに出て、それを追撃した。
২২যেতিয়া ইস্ৰায়েল লোকসকল ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত লুকাই আছিল, তেতিয়া তেওঁলোকে পলেষ্টীয়াসকলৰ পলোৱাৰ বাতৰি শুনাৰ পাছতো তেওঁলোকৰ পাছে পাছে যুদ্ধ ক্ষেত্ৰলৈ খেদি গ’ল।
23 こうして主はその日イスラエルを救われた。そして戦いはベテアベンに移った。
২৩সেয়ে যিহোৱাই সেইদিনাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে আৰু বৈৎ-আবন অতিক্ৰম কৰি যুদ্ধ কৰি গ’ল।
24 しかしその日イスラエルの人々は苦しんだ。これはサウルが民に誓わせて「夕方まで、わたしが敵にあだを返すまで、食物を食べる者は、のろわれる」と言ったからである。それゆえ民のうちには、ひとりも食物を口にしたものはなかった。
২৪সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনেও আহাৰ গ্ৰহণ নকৰিলে।
25 ところで、民がみな森の中にはいると、地のおもてに蜜があった。
২৫তাৰ পাছত সকলো লোক অৰণ্যলৈ সোমাই গ’ল আৰু তাত মাটিৰ ওপৰত মৌ আছিল।
26 民は森にはいった時、蜜のしたたっているのを見た。しかしだれもそれを手に取って口につけるものがなかった。民が誓いを恐れたからである。
২৬যেতিয়া তেওঁলোক অৰণ্যত সোমাই গৈছিল, তেতিয়া সেই মৌ বৈ থকা দেখিও কোনেও নাখালে কাৰণ লোকসকলে সেই শপতলৈ ভয় কৰিলে।
27 しかしヨナタンは、父が民に誓わせたことを聞かなかったので、手を伸べてつえの先を蜜ばちの巣に浸し、手に取って口につけた。すると彼は目がはっきりした。
২৭কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল হ’ল।
28 その時、民のひとりが言った、「あなたの父は、かたく民に誓わせて『きょう、食物を食べる者は、のろわれる』と言われました。それで民は疲れているのです」。
২৮তেতিয়া লোকসকলৰ মাজৰ এজনে ক’লে, “আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃঢ় আজ্ঞা কৰিছিল যে, যিজনে আজি আহাৰ কৰিব, সি অভিশপ্ত হব; যদিও লোকসকল ভোকত দুৰ্বল হ’য়।”
29 ヨナタンは言った、「父は国を悩ませました。ごらんなさい。この蜜をすこしなめたばかりで、わたしの目がこんなに、はっきりしたではありませんか。
২৯তেতিয়া যোনাথনে ক’লে, “মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ’ল!
30 まして、民がきょう敵からぶんどった物を、じゅうぶん食べていたならば、さらに多くのペリシテびとを殺していたでしょうに」。
৩০কিমান ভাল হ’লহেতেন! আজি যদি শত্ৰুবোৰৰ লুটদ্ৰব্যৰ পৰা পোৱা আহাৰ লোকসকলে ইচ্ছামতে ভোজন কৰিবলৈ পালেহেঁতেন? কিয়নো এতিয়াও পলেষ্টীয়াসকলৰ মাজত মহা-সংহাৰ হোৱা নাই।”
31 その日イスラエルびとは、ペリシテびとを撃って、ミクマシからアヤロンに及んだ。そして民は、ひじょうに疲れたので、
৩১সেইদিনা তেওঁলোকে মিকমচৰ পৰা অয়ালোনলৈকে পলেষ্টীয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হ’ল।
32 ぶんどり物に、はせかかって、羊、牛、子牛を取って、それを地の上に殺し、血のままでそれを食べた。
৩২তাতে লোকসকল লুভীয়া লোকৰ দৰে লুটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ, ছাগলী, গৰু, আৰু দামুৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে।
33 人々はサウルに言った、「民は血のままで食べて、主に罪を犯しています」。サウルは言った、「あなたがたはそむいている。この所へ、わたしのもとに大きな石をころがしてきなさい」。
৩৩তেতিয়া তেওঁলোকে চৌলক ক’লে, “চাওক, লোক সকলে তেজেৰে সৈতে মঙহ ভোজন কৰি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছে।” চৌলে ক’লে, “তোমালোক অবিশ্বাসীৰ দৰে কাম কৰিছা, এতিয়া, মোৰ ওচৰলৈ এটা ডাঙৰ শিল আনা”;
34 サウルはまた言った、「あなたがたは分れて、民の中にはいって、彼らに言いなさい、『おのおの牛または、羊を引いてきてここでほふって食べなさい。血のままで食べて、主に罪を犯してはならない』」。そこで民は皆、その夜、おのおの牛を引いてきて、それを、その所でほふった。
৩৪চৌলে পুনৰ ক’লে, “তোমালোকে লোকসকলৰ মাজলৈ যোৱা আৰু এইদৰে তেওঁলোকক কোৱা, ‘তোমালোক প্ৰতিজনে নিজ নিজ গৰু, মেৰ আৰু ছাগলী মোৰ ওচৰলৈ আনি ইয়াতে বধ কৰি ভোজন কৰা; কিন্তু তেজেৰে সৈতে মঙহ খাই যিহোৱাৰ বিৰুদ্ধে পাপ নকৰিবা’।” সেয়ে প্ৰত্যেকজন লোকে নিজ নিজ গৰু লগত আনি সেই ৰাতি সেই ঠাইতে বধ কৰিলে।
35 こうしてサウルは主に一つの祭壇を築いた。これはサウルが主のために築いた最初の祭壇である。
৩৫চৌলে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; যিহোৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা সেয়ে প্ৰথম বেদি।
36 サウルは言った、「われわれは夜のうちにペリシテびとを追って下り、夜明けまで彼らをかすめて、ひとりも残らぬようにしよう」。人々は言った、「良いと思われることを、なんでもしてください」。しかし祭司は言った、「われわれは、ここで、神に尋ねましょう」。
৩৬তাৰ পাছত চৌলে ক’লে, “আহা আমি এই ৰাতি পলেষ্টীয়াসকলৰ পাছত খেদি গৈ, ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখোহক;” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক।” তেতিয়া পুৰোহিতে ক’লে, “আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপোঁহক।”
37 そこでサウルは神に伺った、「わたしはペリシテびとを追って下るべきでしょうか。あなたは彼らをイスラエルの手に渡されるでしょうか」。しかし神はその日は答えられなかった。
৩৭তাৰ পাছত চৌলে ঈশ্বৰ গুৰিত সুধিলে, “মই পলেষ্টীয়াসকলৰ পাছত যামনে? তুমি সিহঁতক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিবানে?” কিন্তু সেইদিনা যিহোৱাই উত্তৰ নিদিলে।
38 そこでサウルは言った、「民の長たちよ、みなこの所に近よりなさい。あなたがたは、よく見きわめて、きょうのこの罪が起きたわけを知らなければならない。
৩৮তেতিয়া চৌলে ক’লে, “হে লোকসকলৰ অধিপতি সকল, তোমালোক ওচৰ চাপি আহাঁ, আৰু আজিৰ এই পাপ কি দোষত হ’ল, তাৰ বুজ-বিচাৰ কৰি চোৱা।
39 イスラエルを救う主は生きておられる。たとい、それがわたしの子ヨナタンであっても、必ず死ななければならない」。しかし民のうちにはひとりも、これに答えるものがいなかった。
৩৯কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।” কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে।
40 サウルはイスラエルのすべての人に言った、「あなたがたは向こう側にいなさい。わたしとわたしの子ヨナタンはこちら側にいましょう」。民はサウルに言った、「良いと思われることをしてください」。
৪০পাছত তেওঁ গোটেই ইস্ৰায়েলক ক’লে, “তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ যোনাথন আনফালে থাকিম।” তাতে লোকসকলে চৌলক ক’লে, “আপোনাৰ দৃ্ষ্টিত যি ভাল দেখে, তাকেই কৰক।”
41 そこでサウルは言った、「イスラエルの神、主よ、あなたはきょう、なにゆえしもべに答えられなかったのですか。もしこの罪がわたしにあるか、またはわたしの子ヨナタンにあるのでしたら、イスラエルの神、主よ、ウリムをお与えください。しかし、もしこの罪が、あなたの民イスラエルにあるのでしたらトンミムをお与えください」。こうしてヨナタンとサウルとが、くじに当り、民はのがれた。
৪১তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক’লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ’ল, কিন্তু লোক সমূহ এৰা পৰিল।
42 サウルは言った、「わたしか、わたしの子ヨナタンかを決めるために、くじを引きなさい」。くじはヨナタンに当った。
৪২তেতিয়া চৌলে ক’লে, “মোৰ আৰু মোৰ পুত্ৰ যোনাথনৰ মাজত চিঠি খেল কৰা।” তাতে যোনাথনক নিৰ্ণয় কৰা হ’ল।
43 サウルはヨナタンに言った、「あなたがしたことを、わたしに言いなさい」。ヨナタンは言った、「わたしは確かに手にあったつえの先に少しばかりの蜜をつけて、なめました。わたしはここにいます。死は覚悟しています」。
৪৩তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।”
44 サウルは言った、「神がわたしをいくえにも罰してくださるように。ヨナタンよ、あなたは必ず死ななければならない」。
৪৪পাছত চৌলে ক’লে, “যদি তুমি নমৰা, তেনেহলে ঈশ্বৰে মোলৈকে অধিক কৰক, কাৰণ হে যোনাথন তুমি অৱশ্যে মৰিব লাগিব।”
45 その時、民はサウルに言った、「イスラエルのうちにこの大いなる勝利をもたらしたヨナタンが死ななければならないのですか。決してそうではありません。主は生きておられます。ヨナタンの髪の毛一すじも地に落してはなりません。彼は神と共にきょう働いたのです」。こうして民はヨナタンを救ったので彼は死を免れた。
৪৫তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল।
46 サウルはペリシテびとを追うことをやめて引きあげ、ペリシテびとはその国へ帰った。
৪৬পাছত চৌলে পলেষ্টীয়াসকলক খেদি যোৱাৰ পৰা উভটি আহিল; আৰু ফিলিষ্টীয়া সকলো নিজ নিজ ঠাইলৈ গুচি গ’ল।
47 サウルはイスラエルの王となって、周囲のもろもろの敵、すなわちモアブ、アンモンの人々、エドム、ゾバの王たちおよびペリシテびとと戦い、すべて向かう所で勝利を得た。
৪৭চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল।
48 サウルは勇ましく働き、アマレクびとを撃って、イスラエルびとを略奪者の手から救い出した。
৪৮চৌল অতি সাহিয়াল আছিল। তেওঁ অমালেকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইস্ৰায়েলসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইস্ৰায়েলক তেওঁ ৰক্ষা কৰিছিল।
49 さて、サウルのむすこたちはヨナタン、エスイ、およびマルキシュアである。ふたりの娘の名は次のとおりである。すなわち姉の名はメラブ、妹の名はミカルである。
৪৯চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল।
50 サウルの妻の名はアヒノアムといい、アヒマアズの娘である。また軍の長の名はアブネルといい、サウルのおじネルの子である。
৫০চৌলৰ ভাৰ্য্যাৰ নাম আছিল অহীনোৱম, তেওঁ অহামাচৰ জীয়েক আছিল; আৰু তেওঁৰ সেনাপতিৰ নাম অবনেৰ, তেওঁ চৌলৰ দদায়েক নেৰৰ পুত্ৰ আছিল।
51 サウルの父キシとアブネルの父ネルとは、アビエルの子である。
৫১চৌলৰ পিতৃৰ নাম আছিল, কীচ। আৰু অবনেৰৰ পিতৃৰ নাম নেৰ, তেওঁ অবিয়েলৰ পুত্ৰ আছিল।
52 サウルの一生の間、ペリシテびとと激しい戦いがあった。サウルは力の強い人や勇気のある人を見るごとに、それを召しかかえた。
৫২চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল; সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষক দেখিলেই নিজৰ লগত ৰাখিছিল।

< サムエル記Ⅰ 14 >