< コリント人への手紙第一 15 >

1 兄弟たちよ。わたしが以前あなたがたに伝えた福音、あなたがたが受けいれ、それによって立ってきたあの福音を、思い起してもらいたい。
হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে;
2 もしあなたがたが、いたずらに信じないで、わたしの宣べ伝えたとおりの言葉を固く守っておれば、この福音によって救われるのである。
আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
3 わたしが最も大事なこととしてあなたがたに伝えたのは、わたし自身も受けたことであった。すなわちキリストが、聖書に書いてあるとおり、わたしたちの罪のために死んだこと、
কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
4 そして葬られたこと、聖書に書いてあるとおり、三日目によみがえったこと、
আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু ধৰ্মশাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ’ল;
5 ケパに現れ、次に、十二人に現れたことである。
আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক,
6 そののち、五百人以上の兄弟たちに、同時に現れた。その中にはすでに眠った者たちもいるが、大多数はいまなお生存している。
আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাই আৰু ভনি সকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল।
7 そののち、ヤコブに現れ、次に、すべての使徒たちに現れ、
পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে।
8 そして最後に、いわば、月足らずに生れたようなわたしにも、現れたのである。
সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে।
9 実際わたしは、神の教会を迫害したのであるから、使徒たちの中でいちばん小さい者であって、使徒と呼ばれる値うちのない者である。
কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।
10 しかし、神の恵みによって、わたしは今日あるを得ているのである。そして、わたしに賜わった神の恵みはむだにならず、むしろ、わたしは彼らの中のだれよりも多く働いてきた。しかしそれは、わたし自身ではなく、わたしと共にあった神の恵みである。
১০তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
11 とにかく、わたしにせよ彼らにせよ、そのように、わたしたちは宣べ伝えており、そのように、あなたがたは信じたのである。
১১এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে।
12 さて、キリストは死人の中からよみがえったのだと宣べ伝えられているのに、あなたがたの中のある者が、死人の復活などはないと言っているのは、どうしたことか。
১২কিন্তু খ্ৰীষ্টক যে মৃতবোৰৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেনেহলে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো কোনো লোকে কেনেকৈ কয়?
13 もし死人の復活がないならば、キリストもよみがえらなかったであろう。
১৩যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
14 もしキリストがよみがえらなかったとしたら、わたしたちの宣教はむなしく、あなたがたの信仰もまたむなしい。
১৪আৰু খ্ৰীষ্টক যদি তোলা নহ’ল, তেনেহলে আমাৰ ঘোষণা বৃথা, আপোনালোকৰ বিশ্বাসো বৃথা।
15 すると、わたしたちは神にそむく偽証人にさえなるわけだ。なぜなら、万一死人がよみがえらないとしたら、わたしたちは神が実際よみがえらせなかったはずのキリストを、よみがえらせたと言って、神に反するあかしを立てたことになるからである。
১৫আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে, তেওঁ খ্ৰীষ্টক তুলিলে;
16 もし死人がよみがえらないなら、キリストもよみがえらなかったであろう。
১৬কিয়নো, যদি মৃতবোৰক তোলা নহয়, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
17 もしキリストがよみがえらなかったとすれば、あなたがたの信仰は空虚なものとなり、あなたがたは、いまなお罪の中にいることになろう。
১৭আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে।
18 そうだとすると、キリストにあって眠った者たちは、滅んでしまったのである。
১৮তেনেহ’লে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে।
19 もしわたしたちが、この世の生活でキリストにあって単なる望みをいだいているだけだとすれば、わたしたちは、すべての人の中で最もあわれむべき存在となる。
১৯খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয়, তেনেহলে আমি সকলো মানুহতকৈ অধিক দয়া নপোৱাকৈ আছোঁ।
20 しかし事実、キリストは眠っている者の初穂として、死人の中からよみがえったのである。
২০কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷
21 それは、死がひとりの人によってきたのだから、死人の復活もまた、ひとりの人によってこなければならない。
২১কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল।
22 アダムにあってすべての人が死んでいるのと同じように、キリストにあってすべての人が生かされるのである。
২২কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।
23 ただ、各自はそれぞれの順序に従わねばならない。最初はキリスト、次に、主の来臨に際してキリストに属する者たち、
২৩কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত, তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব।
24 それから終末となって、その時に、キリストはすべての君たち、すべての権威と権力とを打ち滅ぼして、国を父なる神に渡されるのである。
২৪ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব।
25 なぜなら、キリストはあらゆる敵をその足もとに置く時までは、支配を続けることになっているからである。
২৫কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।
26 最後の敵として滅ぼされるのが、死である。
২৬শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব।
27 「神は万物を彼の足もとに従わせた」からである。ところが、万物を従わせたと言われる時、万物を従わせたかたがそれに含まれていないことは、明らかである。
২৭কিয়নো ‘তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে’। কিন্তু ‘সকলোৱে বশীভূত হ’ব’ বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়।
28 そして、万物が神に従う時には、御子自身もまた、万物を従わせたそのかたに従うであろう。それは、神がすべての者にあって、すべてとなられるためである。
২৮আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷
29 そうでないとすれば、死者のためにバプテスマを受ける人々は、なぜそれをするのだろうか。もし死者が全くよみがえらないとすれば、なぜ人々が死者のためにバプテスマを受けるのか。
২৯আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?
30 また、なんのために、わたしたちはいつも危険を冒しているのか。
৩০আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো?
31 兄弟たちよ。わたしたちの主キリスト・イエスにあって、わたしがあなたがたにつき持っている誇にかけて言うが、わたしは日々死んでいるのである。
৩১হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু-মুখত আছোঁ।
32 もし、わたしが人間の考えによってエペソで獣と戦ったとすれば、それはなんの役に立つのか。もし死人がよみがえらないのなら、「わたしたちは飲み食いしようではないか。あすもわからぬいのちなのだ」。
৩২মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।
33 まちがってはいけない。「悪い交わりは、良いならわしをそこなう」。
৩৩আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।
34 目ざめて身を正し、罪を犯さないようにしなさい。あなたがたのうちには、神について無知な人々がいる。あなたがたをはずかしめるために、わたしはこう言うのだ。
৩৪ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
35 しかし、ある人は言うだろう。「どんなふうにして、死人がよみがえるのか。どんなからだをして来るのか」。
৩৫কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?”
36 おろかな人である。あなたのまくものは、死ななければ、生かされないではないか。
৩৬হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে;
37 また、あなたのまくのは、やがて成るべきからだをまくのではない。麦であっても、ほかの種であっても、ただの種粒にすぎない。
৩৭আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;
38 ところが、神はみこころのままに、これにからだを与え、その一つ一つの種にそれぞれのからだをお与えになる。
৩৮কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
39 すべての肉が、同じ肉なのではない。人の肉があり、獣の肉があり、鳥の肉があり、魚の肉がある。
৩৯সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
40 天に属するからだもあれば、地に属するからだもある。天に属するものの栄光は、地に属するものの栄光と違っている。
৪০স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে; কিন্তু স্বৰ্গীয়বোৰৰ কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবোৰৰ কান্তি এক প্ৰকাৰ।
41 日の栄光があり、月の栄光があり、星の栄光がある。また、この星とあの星との間に、栄光の差がある。
৪১সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।
42 死人の復活も、また同様である。朽ちるものでまかれ、朽ちないものによみがえり、
৪২সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ;
43 卑しいものでまかれ、栄光あるものによみがえり、弱いものでまかれ、強いものによみがえり、
৪৩যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি;
44 肉のからだでまかれ、霊のからだによみがえるのである。肉のからだがあるのだから、霊のからだもあるわけである。
৪৪যিহক ৰোৱা যায়, সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেনেহলে আত্মিক দেহো আছে।
45 聖書に「最初の人アダムは生きたものとなった」と書いてあるとおりである。しかし最後のアダムは命を与える霊となった。
৪৫এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।
46 最初にあったのは、霊のものではなく肉のものであって、その後に霊のものが来るのである。
৪৬তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল।
47 第一の人は地から出て土に属し、第二の人は天から来る。
৪৭প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।
48 この土に属する人に、土に属している人々は等しく、この天に属する人に、天に属している人々は等しいのである。
৪৮সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷
49 すなわち、わたしたちは、土に属している形をとっているのと同様に、また天に属している形をとるであろう。
৪৯আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
50 兄弟たちよ。わたしはこの事を言っておく。肉と血とは神の国を継ぐことができないし、朽ちるものは朽ちないものを継ぐことがない。
৫০কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।
51 ここで、あなたがたに奥義を告げよう。わたしたちすべては、眠り続けるのではない。終りのラッパの響きと共に、またたく間に、一瞬にして変えられる。
৫১চাওক, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম।
52 というのは、ラッパが響いて、死人は朽ちない者によみがえらされ、わたしたちは変えられるのである。
৫২এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
53 なぜなら、この朽ちるものは必ず朽ちないものを着、この死ぬものは必ず死なないものを着ることになるからである。
৫৩কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।
54 この朽ちるものが朽ちないものを着、この死ぬものが死なないものを着るとき、聖書に書いてある言葉が成就するのである。
৫৪পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”
55 「死は勝利にのまれてしまった。死よ、おまえの勝利は、どこにあるのか。死よ、おまえのとげは、どこにあるのか」。 (Hadēs g86)
৫৫“হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?” (Hadēs g86)
56 死のとげは罪である。罪の力は律法である。
৫৬মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
57 しかし感謝すべきことには、神はわたしたちの主イエス・キリストによって、わたしたちに勝利を賜わったのである。
৫৭কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
58 だから、愛する兄弟たちよ。堅く立って動かされず、いつも全力を注いで主のわざに励みなさい。主にあっては、あなたがたの労苦がむだになることはないと、あなたがたは知っているからである。
৫৮এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।

< コリント人への手紙第一 15 >