< 歴代誌Ⅰ 4 >

1 ユダの子らはペレヅ、ヘヅロン、カルミ、ホル、ショバルである。
যিহূদাৰ বংশধৰ পেৰচ, হিষ্ৰোণ, কৰ্ম্মী, হূৰ, আৰু চোবল।
2 ショバルの子レアヤはヤハテを生み、ヤハテはアホマイとラハデを生んだ。これらはザレアびとの一族である。
চোবলৰ পুত্র ৰায়া। ৰায়াৰ পুত্র যহৎ। যহতৰ পুত্র অহূময় আৰু লহদ; এওঁলোক চৰায়ীয়াৰ গোষ্ঠী।
3 エタムの子らはエズレル、イシマおよびイデバシ、彼らの姉妹の名はハゼレルポニである。
এওঁলোক এটমৰ নগৰৰ গোষ্ঠীৰ মূল লোক আছিল: যিজ্ৰিয়েল, যিচমা, আৰু যিদবচ। তেওঁলোকৰ ভনীয়েকৰ নাম হচ্ছলেলপোন;
4 ゲドルの父はペヌエル、ホシャの父はエゼルである。これらはベツレヘムの父エフラタの長子ホルの子らである。
গদোৰ নগৰৰ পনূৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হূচাৰ গোষ্ঠীৰ মূল লোক আছিল। হূৰৰ বংশধৰ এওঁলোক, ইফ্ৰাথাৰ প্ৰথম সন্তান আৰু বৈৎলেহেমৰ মূল বংশ।
5 テコアの父アシュルにはふたりの妻ヘラとナアラとがあった。
তকোৱাৰ পিতৃ অচহূৰৰ দুগৰাকী ভাৰ্য্যাৰ নাম হেলা আৰু নাৰা।
6 ナアラはアシュルによってアホザム、ヘペル、テメニおよびアハシタリを産んだ。これらはナアラの子である。
নাৰাৰ ঔৰসত অহূজ্জম, হেফৰ, তৈমিনী, আৰু হহস্তাৰী জন্ম হ’ল। এওঁলোক নাৰাৰ সন্তান।
7 ヘラの子らはゼレテ、エゾアル、エテナンである。
হেলাৰ পুত্রসকল হ’ল চেৰৎ, যিচহৰ, আৰু ইৎনন।
8 コヅはアヌブとゾベバを生んだ。またハルムの子アハルヘルの氏族も彼から出た。
আৰু হক্কোচৰ পুত্ৰসকল হ’ল আনূব, চোবেবা, আৰু এওঁলোক হাৰুমৰ পুত্র অহৰ্হেলৰ বংশধৰ।
9 ヤベヅはその兄弟のうちで最も尊ばれた者であった。その母が「わたしは苦しんでこの子を産んだから」と言ってその名をヤベヅと名づけたのである。
যাবেচ তেওঁৰ ভাই-ককায়েকৰ মাজত সকলোতকৈ সন্মানীয় লোক আছিল। তেওঁৰ মাতৃয়ে তেওঁক যাবেচ নাম দিছিল। তেওঁ কৈছিল, “কাৰণ মই তাক দুখেৰে জন্ম দিলোঁ।”
10 ヤベヅはイスラエルの神に呼ばわって言った、「どうか、あなたが豊かにわたしを恵み、わたしの国境を広げ、あなたの手がわたしとともにあって、わたしを災から免れさせ、苦しみをうけさせられないように」。神は彼の求めるところをゆるされた。
১০যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।
11 シュワの兄弟ケルブはメヒルを生んだ。メヒルはエシトンの父、
১১কলূবৰ ভয়েক চূহা মহীৰৰ পিতৃ আছিল, এও ইষ্টোনৰো পিতৃ আছিল।
12 エシトンはベテラパ、パセアおよびイルナハシの父テヒンナを生んだ。これらはレカの人々である。
১২ইষ্টোনৰ পুত্র বৈৎৰাফা, পাচেহ, আৰু তহিন্না, এওঁলোক ঈৰনাহচ নগৰৰ মূল লোক। এওঁলোকই ৰেকা নগৰৰ মূল লোক।
13 ケナズの子らはオテニエルとセラヤ。オテニエルの子らはハタテとメオノタイ。
১৩কনজৰ পুত্র অৎনীয়েল আৰু চৰায়া। অৎনীয়েলৰ পুত্র হথৎ আৰু মিয়োনোথৰ।
14 メオノタイはオフラを生み、セラヤはゲハラシムの父ヨアブを生んだ。彼らは工人であったのでゲハラシムと呼ばれたのである。
১৪মিয়োনোথৰ পুত্র অফ্ৰা, আৰু চৰায়াৰ পুত্র যোৱাব, যিহাৰাচিমৰ মূল লোক, যাৰ লোকসকলে শিল্পকৰ্ম কৰিছিল।
15 エフンネの子カレブの子らはイル、エラおよびナアム。エラの子はケナズ。
১৫যিফুন্নিৰ পুত্ৰ যি কালেব, তেওঁৰ পুত্র ঈৰ, এলা, আৰু নয়ম। এলাৰ পুত্র কনজ আছিল।
16 エハレレルの子らはジフ、ジバ、テリア、アサレルである。
১৬যিহল্লেলৰ পুত্র জীফ, জীফা, তীৰিয়া আৰু অচৰেল।
17 エズラの子らはエテル、メレデ、エペル、ヤロン。次のものはメレデがめとったパロの娘ビテヤの子らである。すなわち彼女はみごもってミリアム、シャンマイおよびイシバを産んだ。イシバはエシテモアの父である。
১৭ইজ্ৰাৰ পুত্র যেথৰ, মেৰদ, এফৰ, আৰু যালোন। মেগেদৰ মিচৰীয়া ভাৰ্যাই মৰিয়ম, চম্ময়, আৰু যিচবহক জন্ম দিয়ে, যিচবহ ইষ্টমোৱাৰ পিতৃ আছিল।
18 彼の妻はユダヤ人で、ゲドルの父エレデとソコの父ヘベルとザノアの父エクテエルを産んだ。
১৮তেওঁৰ যিহূদীয়া ভাৰ্যা যেৰদক জন্ম দিয়ে, যি জন গদোৰৰ পিতৃ হ’ল, হেবৰ চোকোৰৰ পিতৃ হ’ল। আৰু যিকোথীয়েলক জানোহৰ পিতৃ হ’ল। এওঁলোক মেৰদে বিয়া কৰোঁৱা ফৰৌণৰ জীয়েক বিথিয়াৰ সন্তান।
19 ナハムの姉妹であるホデヤの妻の子らはガルムびとケイラの父およびマアカびとエシテモアである。
১৯হোদিয়াৰ ভাৰ্যা নহমৰ ভনীয়েকৰ দুজন পুত্র, এজন গৰ্মীয়া কয়ীলাৰ পিতৃ হ’ল, আৰু আন জন মাখাথীয়া ইষ্টমোৱাৰ।
20 シモンの子らはアムノン、リンナ、ベネハナン、テロンである。イシの子らはゾヘテとベネゾヘテである。
২০চীমোনৰ সন্তান অম্নোন, ৰিম্না, বিন-হানন, আৰু তীলোন। যিচীৰ পুত্র জোহেৎ আৰু বিনজোহেৎ।
21 ユダの子シラの子らはレカの父エル、マレシャの父ラダおよびベテアシベアの亜麻布織の家の一族、
২১যিহূদাৰ পুত্র চেলাৰ সন্তান সকল এওঁলোক: লেকাৰ পিতৃ এৰ, মাৰেচাৰ পিতৃ লদ্দা, অচবেয়াৰ বংশত জন্ম হোৱা লোক এওঁলোকে মিহি শণ সূতাৰে কাপোৰ বোৱা গোষ্ঠীৰ।
22 ならびにモアブを治めてレヘムに帰ったヨキム、コゼバの人々、ヨアシおよびサラフである。その記録は古い。
২২যোকীম, কোজেবাৰ লোক, যোৱাচ আৰু চাৰফৰ মোৱাবত সম্পত্তি আছিল, কিন্তু তেওঁলোক বৈৎলেহেমলৈ ঘূৰি আহিল। এইসকলো তথ্য পুৰণি লিপিৱদ্ধ তথ্যৰ পৰা পোৱা
23 これらの者は陶器を造る人で、ネタイムおよびゲデラに住み、王の用をするため、王とともに、そこに住んだ。
২৩তেওঁলোক কুমাৰ আছিল, তেওঁলোক নটয়িম আৰু গদেৰা নিবাসী, তেওঁলোক ৰজাৰ উদ্দেশে কাম কৰিছিল।
24 シメオンの子らはネムエル、ヤミン、ヤリブ、ゼラ、シャウル。
২৪চিমিয়োনৰ বংশধৰ নমূৱেল, যামীন, যাৰীব, জেৰহ, আৰু চৌল;
25 シャウルの子はシャルム、その子はミブサム、その子はミシマ。
২৫চৌলৰ পুত্র চল্লুম, চল্লুমৰ পুত্র মিবচম, মিবচমৰ পুত্র মিচমা।
26 ミシマの子孫は、その子はハムエル、その子はザックル、その子はシメイ。
২৬মিচমাৰ বংশধৰ তেওঁৰ পুত্র হমূৱেল, জক্কুৰ তেওঁৰ নাতি ল’ৰা, আৰু চিমিয়ী তেওঁৰ পৰিনাতি আছিল।
27 シメイには男の子十六人、女の子六人あったが、その兄弟たちには多くの子はなかった。またその氏族の者はすべてユダの子孫ほどにはふえなかった。
২৭চিমিয়ীৰ ষোল্ল জন পুত্র আৰু ছয় জনী জীয়েক আছিল; কিন্তু তেওঁৰ ভায়েকসকলৰ সন্তান বেছি নাছিল, সেয়ে তেওঁলোকৰ সকলো গোষ্ঠী যিহূদাৰ সন্তান সকলৰ দৰে নাবাঢ়িল।
28 彼らの住んだ所はベエルシバ、モラダ、ハザル・シュアル、
২৮তেওঁলোক বেৰ-চেবা মোলাদা, আৰু হচৰ-চূৱালত বাস কৰিছিল।
29 ビルハ、エゼム、トラデ、
২৯তেওঁলোকে বিলহাত, এচমত, তোলদত,
30 ベトエル、ホルマ、チクラグ、
৩০বথূৱেলত, হৰ্মাত, চিক্লগত,
31 ベテ・マルカボテ、ハザル・スシム、ベテ・ビリ、およびシャライムである。これらはダビデの世に至るまで彼らの町であった。
৩১বৈৎ-মাৰ্কাবোতত, হচৰ-চূচীমত, বৈৎ-বিৰীত, আৰু চাৰয়িমতো বাস কৰিছিল; দায়ূদৰ ৰাজত্বলৈকে এইবোৰ নগৰ তেওঁলোকৰ হৈ আছিল।
32 その村里はエタム、アイン、リンモン、トケン、アシャンの五つの町である。
৩২এটম, ঐন, ৰিম্মোন, তোখন, আৰু আচন, এই পাঁচখন গাওঁ তেওঁলোকৰ আছিল।
33 またこれらの町々の周囲に多くの村があって、バアルまでおよんだ。彼らのすみかは以上のとおりで、彼らはおのおの系図をもっていた。
৩৩আৰু তাৰ লগতে চাৰিওফালে বাললৈকে থকা গাওঁ তেওঁলোকৰ আছিল। এয়ে তেওঁলোকৰ বাস কৰা ঠাই। তেওঁলোকে নিজৰ বংশাৱলিত লিপিৱদ্ধ কৰি ৰাখিছিল।
34 メショバブ、ヤムレク、アマジヤの子ヨシャ、
৩৪মচোবব, যম্লেক, অমচিয়াৰ পুত্র যোচা,
35 ヨエル、アシエルのひこ、セラヤの孫、ヨシビアの子エヒウ。
৩৫যোৱেল আৰু অচীয়েলৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যোচিবিয়া, যোচিবিয়াৰ পুত্র যেহূ;
36 エリオエナイ、ヤコバ、エショハヤ、アサヤ、アデエル、エシミエル、ベナヤ、
৩৬ইলিয়োঐনয়, যাকোব, যিচোহায়া, অচায়া, অদীয়েল, যিচিমীয়েল, বনায়া,
37 およびシピの子ジザ。シピはアロンの子、アロンはエダヤの子、エダヤはシムリの子、シムリはシマヤの子である。
৩৭আৰু চময়িয়াৰ পুত্র চিম্ৰী, চিম্ৰীৰ পুত্র যদায়া যদায়াৰ পুত্র অল্লোন, অল্লোনৰ পুত্র চিফি, চিফিৰ পুত্র জীজা, এওঁলোক গোষ্ঠীৰ নেতৃত্বত আছিল।
38 ここに名をあげた者どもはその氏族の長であって、それらの氏族は大いにふえ広がった。
৩৮ওপৰত উল্লেখিত নামৰ লোকসকলৰ নিজৰ নিজৰ গোষ্ঠীৰ অধ্যক্ষ আছিল। আৰু তেওঁলোকৰ বংশ অতিশয়ৰূপে বৃদ্ধি পালে।
39 彼らは群れのために牧場を求めてゲドルの入口に行き、谷の東の方まで進み、
৩৯তেওঁলোকে নিজৰ পশুৰ জাকবোৰ চৰাবলৈ ঠাই বিচাৰিলে, আৰু গদোৰৰ পৰা বাহিৰলৈ ওলাই গৈ উপত্যকাৰ পূব দিশে গ’ল।
40 ついに豊かな良い牧場を見いだした。その地は広く穏やかで、安らかであった。その地の前の住民はハムびとであったからである。
৪০তাতে তেওঁলোকে বহুত ঘাঁহ থকা উত্তম চৰণীয়া ঠাই পালে; সেই দেশ বহল, নিৰ্জন, আৰু শান্তিপূৰ্ণ আছিল। সেই ঠাইত বাস কৰা পূৰ্বৰ লোকসকল হামৰ বংশৰ আছিল।
41 これらの名をしるした者どもはユダの王ヒゼキヤの世に行って、彼らの天幕と、そこにいたメウニびとを撃ち破り、彼らをことごとく滅ぼして今日に至っている。そこには、群れのための牧場があったので、彼らはそこに住んだ。
৪১যিহূদাৰ ৰজা হিষ্কিয়া ৰাজত্ব কৰা সময়ত, ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়োনীয়াসকলক আক্রমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে সেই লোকসকলক নিঃশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয়া ঠাই বিচাৰি পোৱাত, তেওঁলোকে তাতে বাস কৰিলে।
42 またシメオンびとのうちの五百人はイシの子らペラテヤ、ネアリヤ、レパヤ、ウジエルをかしらとしてセイル山に行き、
৪২তেওঁলোকৰ কেইজন মান লোক, অৰ্থাৎ চিমিয়োনৰ সন্তান সকলৰ মাজৰ পাঁচ শ জনে যিচীৰ পুত্র পলটিয়া, নিয়ৰিয়া, ৰফায়া, আৰু উজ্জীয়েলক সেনাপতি পাতি চেয়ীৰ পৰ্বতলৈ গ’ল।
43 アマレクびとで、のがれて残っていた者を撃ち滅ぼして、今日までそこに住んでいる。
৪৩পাছত অমালেকীয়া সকলৰ মাজৰ পৰা যি সকল লোক পলাই গৈ তাতে ৰক্ষা পাই আছিল, সেই লোকসকলক তেওঁলোকে বধ কৰিলে আৰু তেওঁলোকে পাছত তাতে নিবাস কৰিব ল’লে। আজিলৈকে তেওঁলোক তাতেই নিবাস কৰি আছে।

< 歴代誌Ⅰ 4 >