< 歴代誌Ⅰ 18 >

1 この後ダビデはペリシテびとを撃ってこれを征服し、ペリシテびとの手からガテとその村々を取った。
তাৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে।
2 彼はまたモアブを撃った。モアブびとはダビデのしもべとなって、みつぎを納めた。
তাৰ পাছত তেওঁ মোৱাবক পৰাজয় কৰিলে, আৰু মোৱাবীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিবলৈ ধৰিলে।
3 ダビデはまた、ハマテのゾバの王ハダデゼルがユフラテ川のほとりに、その記念碑を建てようとして行ったとき彼を撃った。
ফৰাৎ নদীৰ ওচৰত হদৰেজৰে নিজৰ শাসন স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে চোবাৰ ৰজা হদদেজৰক হমাতত পৰাজয় কৰিলে।
4 そしてダビデは彼から戦車一千、騎兵七千人、歩兵二万人を取った。ダビデは一百の戦車の馬を残して、そのほかの戦車の馬はみなその足の筋を切った。
দায়ূদে এক হাজাৰ ৰথ, সাত হাজাৰ অশ্বাৰোহী, আৰু বিশ হাজাৰ পদাতিক সৈন্য বন্দী কৰি ল’লে। আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছ-ঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
5 その時ダマスコのスリヤびとがゾバの王ハダデゼルを助けるために来たので、ダビデはそのスリヤびと二万二千人を殺した。
যেতিয়া দম্মেচকৰ অৰামীয়াসকলে চোবাৰ ৰজা হদদেজৰে সহায় কৰিবলৈ আহিলে, তেতিয়া দায়ূদে বাইশ হাজাৰ অৰামীয়ালোকক বধ কৰিলে।
6 そしてダビデはダマスコのスリヤに守備隊を置いた。スリヤびとはみつぎを納めてダビデのしもべとなった。主はダビデにすべてその行く所で勝利を与えられた。
তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত দুৰ্গৰক্ষক সৈন্যৰ দল ভিতৰলৈ সুমুৱালে; আৰু অৰামীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিলে। দায়ূদে যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হবলৈ দিয়ে।
7 ダビデはハダデゼルのしもべらが持っていた金の盾を奪って、エルサレムに持ってきた。
দায়ূদে হদদেজৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ আহিল।
8 またハダデゼルの町テブハテとクンからダビデは非常に多くの青銅を取った。ソロモンはそれを用いて青銅の海、柱および青銅の器を造った。
হদদেজৰ টিভৎ আৰু কূন নগৰৰ পৰা দায়ূদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্ৱাৰাই চলোমনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ, আৰু পিতলৰ পাত্ৰবোৰ নিৰ্ম্মাণ কৰিছিল।
9 時にハマテの王トイはダビデがゾバの王ハダデゼルのすべての軍勢を撃ち破ったことを聞き、
যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদদেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে।
10 その子ハドラムをダビデ王につかわして、彼にあいさつさせ、かつ祝を述べさせた。ハダデゼルはかつてしばしばトイと戦いを交えたが、ダビデはハダデゼルと戦って、これを撃ち破ったからである。ハドラムは金、銀および青銅のさまざまの器を贈ったので、
১০তেতিয়া তোৱোয়ে নিজৰ পুত্ৰ হদোৰামক দায়ুদ ৰজাক প্রণাম জনাবলৈ আৰু আশীৰ্ব্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে, কাৰণ দায়ূদে হদদেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে, আৰু কাৰণ তোয়োৱৰ বিৰুদ্ধে হদৰেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদোৰাম নিজৰ লগত ৰূপ, সোণ, আৰু পিতল বস্তু লৈ আহিছিল।
11 ダビデ王はこれをエドム、モアブ、アンモンの人々、ペリシテびと、アマクレなどの諸国民のうちから取ってきた金銀とともに、主にささげた。
১১দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।
12 ゼルヤの子アビシャイは塩の谷で、エドムびと一万八千を撃ち殺した。
১২চৰূয়াৰ পুত্ৰ অবীচয়ে লৱণ উপত্যকাত ওঠৰ হাজাৰ ইদোমীয়ালোকক বধ কৰিলে।
13 ダビデはエドムに守備隊を置き、エドムびとは皆ダビデのしもべとなった。主はダビデにすべてその行く所で勝利を与えられた。
১৩তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ুদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে।
14 こうしてダビデはイスラエルの全地を治め、そのすべての民に公道と正義を行った。
১৪দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ নিজৰ সকলো লোকৰ ন্যায় বিচাৰ আৰু ধৰ্মনিষ্ঠাৰে পৰিচালনা কৰিলে।
15 ゼルヤの子ヨアブは軍の長、アヒルデの子ヨシャパテは史官、
১৫চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহীলূদৰ পুত্র যিহোচাফট্‌ বৃত্তান্ত লিখক আছিল।
16 アヒトブの子ザドクとアビヤタルの子アビメレクは祭司、シャウシャは書記官、
১৬অহীটুবৰ পুত্ৰ চাদোক, আৰু অবিয়াথৰৰ পুত্ৰ অবীমেলক পুৰোহিত আছিল, চবচা ৰাজলিখক আছিল;
17 エホヤダの子ベナヤはケレテびととペレテびとの長、ダビデの子たちは王のかたわらにはべる大臣であった。
১৭যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত আছিল; আৰু দায়ূদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শদাতা আছিল।

< 歴代誌Ⅰ 18 >