< 歴代誌Ⅰ 14 >

1 ツロの王ヒラムはダビデに使者をつかわし、彼のために家を建てさせようと香柏および石工と木工を送った。
তাৰ পাছত তূৰৰ ৰজা হীৰমে দায়ুদৰ ওচৰলৈ বাৰ্তাবহক পঠালে, আৰু তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ এৰচ কাঠ, কাঠমিস্ত্রী, আৰু ৰাজমিস্ত্ৰীসকলক পঠালে।
2 ダビデは主が自分を堅く立ててイスラエルの王とされたことと、その民イスラエルのために彼の国を大いに興されたことを悟った。
দায়ূদে বুজিলে যে, যিহোৱাই ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা অভিষিক্ত কৰিলে, আৰু তেওঁৰ ৰাজ্য ইস্ৰায়েলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ’ল।
3 ダビデはエルサレムでまた妻たちをめとった。そしてダビデにまたむすこ、娘が生れた。
দায়ূদে যিৰূচালেমত বহুতো ভাৰ্যা গ্ৰহণ কৰিলে, তেওঁলোকৰ পৰা তেওঁ অনেক পুত্র ও কণ্যাৰ পিতৃ হ’ল।
4 彼がエルサレムで得た子たちの名は次のとおりである。すなわちシャンマ、ショバブ、、ナタン、ソロモン、
যিৰূচালেমত তেওঁৰ জন্ম হোৱা পুত্ৰসকলৰ নামবোৰ হ’ল: চম্মুৱা, চোবব, নাথন, চলোমন,
5 イブハル、エリシュア、エルペレテ、
যিভৰ, ইলীচূৱা ইল্পেলট,
6 ノガ、ネペグ、ヤピア、
নোগহ, নেফগ, যাফীয়া,
7 エリシャマ、ベエリアダ、エリペレテである。
ইলীচামা, বিলিয়াদা, আৰু ইলীফেলট।
8 さてペリシテびとはダビデが油を注がれて全イスラエルの王になったことを聞いたので、ペリシテびとはみな上ってきてダビデを捜した。ダビデはこれを聞いてこれに当ろうと出ていったが、
দায়ূদক সমস্ত ইস্ৰায়েলৰ ওপৰত ৰজা স্ৱৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টীয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দায়ূদক চাবলৈ ওলাই গ’ল। কিন্তু দায়ূদে এইকথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ’ল।
9 ペリシテびとはすでに来て、レパイムの谷を侵した。
সেই সময়ত পলেষ্টীয়াসকলে আহি, ৰফায়ীম সমথলত লুট কৰিছিল।
10 ダビデは神に問うて言った、「ペリシテびとに向かって上るべきでしょうか。あなたは彼らをわたしの手にわたされるでしょうか」。主はダビデに言われた、「上りなさい。わたしは彼らをあなたの手にわたそう」。
১০তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।”
11 そこで彼はバアル・ペラジムへ上っていった。その所でダビデは彼らを打ち敗り、そして言った、「神は破り出る水のように、わたしの手で敵を破られた」。それゆえ、その所の名はバアル・ペラジムと呼ばれている。
১১সেয়ে তেওঁলোক বালপৰাচীমলৈ আহিল, আৰু দায়ূদে তেওঁলোকক তাত পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰিছিল, “ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্রুবোৰক বানপানীয়ে ভেটা ভঙাৰ দৰে ভাঙিলে।” সেয়ে এই ঠাইৰ নাম বাল-পৰাচীম হ’ল।
12 彼らが自分たちの神をそこに残して退いたので、ダビデは命じてこれを火で焼かせた。
১২সেই ঠাইতে তেওঁলোকে নিজৰ দেৱ-মুৰ্ত্তিবোৰ এৰি গ’ল, আৰু দায়ূদৰ আজ্ঞাত সেইবোৰ জুইত পোৰা হ’ল।
13 ペリシテびとは再び谷を侵した。
১৩তাৰ পাছত পলেষ্টীয়াসকলে পুনৰ সেই সমথলত লুট কৰিলে।
14 ダビデが再び神に問うたので神は言われた、「あなたは彼らを追って上ってはならない。遠回りしてバルサムの木の前から彼らを襲いなさい。
১৪সেয়ে দায়ূদে পুনৰ সহায়ৰ বাবে ঈশ্ৱৰক সুধিলে, ঈশ্বৰে তেওঁক ক’লে, “তুমি তেওঁলোকক সন্মুখৰ পৰা আক্রমণ নকৰিবা, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালছম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা।
15 バルサムの木の上に行進の音が聞えたならば、あなたは行って戦いなさい。神があなたの前に出てペリシテびとの軍勢を撃たれるからです」。
১৫যেতিয়া বালছম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্রমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টীয়াসকলৰ সৈন্যসকলক আক্রমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ’ব।
16 ダビデは神が命じられたようにして、ペリシテびとの軍勢を撃ち破り、ギベオンからゲゼルに及んだ。
১৬সেয়ে দায়ূদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ গিবিয়োনৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলৰ সৈন্যক পৰাজিত কৰিলে।
17 そこでダビデの名はすべての国々に聞えわたり、主はすべての国びとに彼を恐れさせられた。
১৭এইদৰে দায়ূদৰ সুখ্যাতি দেশৰ সকলো ফালে বিয়পি গ’ল, আৰু যিহোৱাই তেওঁৰ প্রতি সকলো দেশীয় লোকৰ ভয় জন্মালে।

< 歴代誌Ⅰ 14 >