< 歴代誌Ⅰ 11 >

1 ここにイスラエルの人は皆ヘブロンにいるダビデのもとに集まって来て言った、「われわれは、あなたの骨肉です。
তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়।
2 先にサウルが王であった時にも、あなたはイスラエルを率いて出入りされました。そしてあなたの神、主はあなたに『あなたはわが民イスラエルを牧する者となり、わが民イスラエルの君となるであろう』と言われました」。
আগেয়ে যেতিয়া চৌল আমাৰ ওপৰত ৰজা আছিল, তেতিয়া আপুনিয়েই ইস্ৰায়েলৰ সৈন্যসকলক নেতৃত্ব দিছিল। আপোনাৰ ঈশ্ৱৰ যিহোৱাই আপোনাক কৈছিল, ‘তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ৰখীয়া হবা, আৰু তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত শাসনকৰ্ত্তা হ’বা।’”
3 このようにイスラエルの長老が皆ヘブロンにいる王のもとに来たので、ダビデはヘブロンで主の前に彼らと契約を結んだ。そして彼らは、サムエルによって語られた主の言葉に従ってダビデに油を注ぎ、イスラエルの王とした。
সেয়ে ইস্ৰায়েলৰ সকলো বৃদ্ধ লোক হিব্ৰোণৰ ৰজাৰ ওচৰলৈ আহিল, আৰু দায়ূদে হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে, যিহোৱাই চমূৱেলৰ দ্ৱাৰাই কোৱা বাক্য অনুসাৰে তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা অভিষেক কৰিলে।
4 ダビデとすべてのイスラエルはエルサレムへ行った。エルサレムはすなわちエブスであって、そこにはその地の住民であるエブスびとがいた。
দায়ুদ আৰু সকলো ইস্ৰায়েলীয়া লোকসকলে যিৰূচালেমলৈ গ’ল সেই ঠাইয়ে যিবুচ। সেই সময়ত যিবুচ নিবাসী যিবুচীয়া লোকসকল সেই ঠাইত আছিল।
5 エブスの住民はダビデに言った、「あなたはここにはいってはならない」。しかし、ダビデはシオンの要害を取った。これがすなわちダビデの町である。
তাতে যিবুচ নিবাসী লোকসকলে দায়ূদক ক’লে, “আপুনি এই ঠাইত সোমাব নোৱাৰে।” কিন্তু দায়ূদে চিয়োন দুৰ্গ অধিকাৰ কৰি ল’লে, সেয়ে দায়ূদৰ নগৰ।
6 この時ダビデは言った、「だれでも第一にエブスびとを撃つ者を、かしらとし、将とする」。ゼルヤの子ヨアブが第一にのぼっていったので、かしらとなった。
দায়ূদে ক’লে, “যি কোনোৱে প্ৰথমে যিবুচীয়াসকলক আক্রমণ কৰিব, তেওঁ প্ৰধান সেনাপতি হ’ব।” চৰূয়াৰ পুত্ৰ যোৱাবে প্ৰথমে আক্ৰমণ কৰিলে, সেই বাবে তেওঁকে প্ৰধান সেনাপতি পাতিলে।
7 そしてダビデがその要害に住んだので人々はこれをダビデの町と名づけた。
তাৰ পাছত দায়ুদ সেই দুৰ্গত বাস কৰিলে। সেই বাবে তেওঁলোকে এই নগৰক ‘দায়ূদৰ নগৰ’ বুলি ক’লে।
8 ダビデはまたその町の周囲すなわちミロから四方に石がきを築き、ヨアブは町のほかの部分を繕った。
তেওঁ মিল্লোৰ পৰা নগৰৰ চাৰিওফালে দেৱাল বান্ধিলে। যোৱাবে নগৰৰ অৱশিষ্ট ঠাইবোৰ মেৰামত কৰিলে।
9 こうしてダビデはますます大いなる者となった。万軍の主が彼とともにおられたからである。
দায়ুদ মহানৰ পৰা মহান হ’ল, কাৰণ যিহোৱা, বাহিনীসকলৰ ঈশ্ৱৰ তেওঁৰ লগত আছিল।
10 ダビデの勇士のおもなものは次のとおりである。彼らはイスラエルのすべての人とともにダビデに力をそえて国を得させ、主がイスラエルについて言われた言葉にしたがって、彼を王とした人々である。
১০ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখুৱালে।
11 ダビデの勇士の数は次のとおりである。すなわち三人の長であるハクモニびとの子ヤショベアム、彼はやりをふるって三百人に向かい、一度にこれを殺した者である。
১১এই খন এখন দায়ুদৰ শ্রেষ্ঠ সৈন্যসকলৰ তালিকা: হকমোনীয়াৰ পুত্ৰ যাচবিয়াম, তেওঁ ত্ৰিশ জনৰ ওপৰত প্ৰধান সেনাপতি আছিল, তেওঁ তিনি শ লোকৰ বিৰুদ্ধে যাঠীৰে তেওঁলোকক একে সময়তে বধ কৰিলে।
12 彼の次はアホアびとドドの子エレアザルで、三勇士のひとりである。
১২তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ, তেওঁ আছিল তিনিজন পৰাক্ৰমী পুৰুষৰ মাজৰ এজন।
13 彼はダビデとともにパスダミムにいたが、ペリシテびとがそこに集まって来て戦った。そこに一面に大麦のはえた地所があった。民はペリシテびとの前から逃げた。
১৩তেওঁ পচদম্মীমত দায়ুদৰ লগত আছিল। যি ঠাই ডোখৰত যৱ ধান গুড়ি কৰিছিল, সেই পথাৰ খনত যুদ্ধৰ বাবে পলেষ্টীয়াসকলে গোট খালে; আৰু তাত পলেষ্টীয়াসকলৰ সন্মূখৰ পৰা সৈন্যসকল পলাইছিল।
14 しかし彼は地所の中に立ってこれを防ぎ、ペリシテびとを殺した。そして主は大いなる勝利を与えて彼らを救われた。
১৪তেওঁলোকে পাছত সেই পথাৰৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক তৰোৱালেৰে আঘাত কৰিলে। যিহোৱাই মহাজয়েৰে তেওঁলোকক উদ্ধাৰ কৰিলে।
15 三十人の長たちのうちの三人は下っていってアドラムのほらあなの岩の所にいるダビデのもとへ行った。時にペリシテびとの軍勢はレパイムの谷に陣を取っていた。
১৫ত্ৰিশ জন প্ৰধান লোকৰ মাজৰ তিনিজন লোক শিলটোলৈ অৰ্থাৎ দায়ুদ থকা অদুল্লম গুহাৰ ওচৰলৈ নামি গ’ল। তেতিয়া পলেষ্টীয়াসকলৰ সৈন্যসকলে ৰফায়ীমৰ উপত্যকাত ছাউনি পাতি আছিল।
16 その時ダビデは要害におり、ペリシテびとの先陣はベツレヘムにあったが、
১৬সেই সময়ত দায়ুদ তেওঁৰ দুৰ্গৰ এটা গুহাত আছিল, তেতিয়া বৈৎলেহেমত পলেষ্টীয়াসকলৰ সৈন্যদল প্ৰতিষ্ঠিত আছিল।
17 ダビデはせつに望んで、「だれかベツレヘムの門のかたわらにある井戸の水をわたしに飲ませてくれるとよいのだが」と言った。
১৭দায়ূদে পানীৰ বাবে হেঁপাহ কৰি ক’লে, “যদি কোনো এজন লোক বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ পৰা মোক খাবলৈ পানী আনি দিলেহেঁতেন!”
18 そこでその三人はペリシテびとの陣を突き通って、ベツレヘムの門のかたわらにある井戸の水をくみ取って、ダビデのもとに携えて来た。しかしダビデはそれを飲もうとはせず、それを主の前に注いで、
১৮তেতিয়া সেই তিনি জন পৰাক্ৰমী পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যদল ভেদ কৰি বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ কাষলৈ গ’ল, আৰু তাৰ পৰা পানী তুলি লৈ দায়ূদৰ ওচৰলৈ আহিল। কিন্তু দায়ূদে তাক পান কৰিবলৈ ইচ্ছা নকৰি যিহোৱাৰ উদ্দেশ্যে ঢালি দিলে।
19 言った、「わが神よ、わたしは断じてこれをいたしません。命をかけて行ったこの人たちの血をどうしてわたしは飲むことができましょう。彼らは命をかけてこの水をとって来たのです」。それゆえ、ダビデはこの水を飲もうとはしなかった。三勇士はこのことをおこなった。
১৯তেতিয়া তেওঁ ক’লে, “নিশ্চয়ে এয়া মই পান কৰিম নে, এনে কৰ্ম যিহোৱাই মোৰ পৰা নিষেধ কৰক; কিয়নো নিজৰ যে মই নিশ্চয়ে এইটো পান কৰিব লাগে। নিজৰ প্ৰাণৰ ক্ষতি স্বীকাৰ কৰা এই মানুহ কেইজনৰ তেজ মই পান কৰিম নে?” কাৰণ তেওঁলোকে প্ৰাণৰ ক্ষতি স্বীকাৰ কৰি এই পানী তুলি আনি দিছিল। সেয়ে তেওঁ তাক পান কৰিবলৈ অস্বীকাৰ কৰিলে। এই কৰ্ম সেই তিনি জন পৰাক্ৰমী পুৰুষে কৰিছিল।
20 ヨアブの兄弟アビシャイは三十人の長であった。彼はやりをふるって三百人に立ち向かい、これを殺して三人のほかに名を得た。
২০এই তিনি জনৰ মাজত যোৱাবৰ ভায়েক অবীচয় প্ৰধান আছিল; তেওঁ তিনি শ লোকৰ বিৰুদ্ধে গৈ নিজৰ যাঠীৰে সিহঁতক বধ কৰিছিল, সেয়ে তিনি জন সৈনিকৰ মাজত তেওঁৰ নাম বাৰে বাৰে উল্লেখিত হৈছিল।
21 彼は三十人のうち、最も尊ばれた者で、彼らのかしらとなった。しかし、かの三人には及ばなかった。
২১সেই তিনি জনৰ মাজত তেওঁ অধিক মৰ্য্যদাৱন্ত আছিল আৰু তেওঁলোকৰ প্ৰধান সেনাপতি হৈছিল। তথাপি তেওঁ সেই তিনি জন বিখ্যাত সৈনিকৰ সমান বিখ্যাত হোৱা নাছিল।
22 エホヤダの子ベナヤは、カブジエル出身の勇士であって、多くのてがらを立てた。彼はモアブのアリエルのふたりの子を撃ち殺した。彼はまた雪の日に下っていって、穴の中でししを撃ち殺した。
২২যিহোয়াদাৰ পুত্ৰ বনায়া এজন বীৰপুৰুষ আছিল, তেওঁ মহৎ কাৰ্য কৰিছিল। তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুত্রক বধ কৰিছিল। তেওঁ হিম পৰাৰ সময়ত গাতৰ ভিতৰলৈ গৈ এটা সিংহকো বধ কৰিছিল।
23 彼はまた身のたけ五キュビトばかりのエジプトびとを撃ち殺した。そのエジプトびとは手に機の巻棒ほどのやりを持っていたが、ベナヤはつえをとって彼の所へ下って行き、エジプトびとの手から、やりをもぎとり、そのやりをもって彼を殺した。
২৩ইয়াৰ বাহিৰে তেওঁ পাঁচ হাত ওখ এজন মিচৰীয়াকো বধ কৰিছিল। সেই মিচৰীয়াৰ হাতত তাঁতৰ টোলোঠাৰ সমান এপাত যাঠী আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ ওচৰলৈ নামি গৈছিল আৰু তাৰ হাতৰ পৰা যাঠী পাত কাঢ়ি লৈ, তাৰ যাঠীৰে তাক বধ কৰিছিল।
24 エホヤダの子ベナヤは、これらの事を行って三勇士のほかに名を得た。
২৪যিহোয়াদাৰ পুত্ৰ বনায়াই এইবোৰ কাৰ্য কৰিছিল, আৰু তেওঁ সেই তিনি জন পৰাক্ৰমী পুৰুষৰ মাজত নাম পাইছিল।
25 彼は三十人のうちに有名であったが、かの三人には及ばなかった。ダビデは彼を侍衛の長とした。
২৫তেওঁ ত্ৰিশ জন সাধাৰণ সৈনিকৰ মাজত অধিক মৰ্য্যদা পাইছিল, তথাপি তেওঁ সেই তিনি জন সৈনিকৰ সমান মৰ্যদ্যা পোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ অঙ্গৰক্ষকসকলৰ ওপৰত অধ্যক্ষ পাতিছিল।
26 軍団のうちの勇士はヨアブの兄弟アサヘル。ベツレヘム出身のドドの子エルハナン。
২৬পৰাক্ৰমী বীৰপুৰুষসকলৰ নাম: যোৱাবৰ ভায়েক অচাহেল, বৈৎলেহেমৰ দোদৰ পুত্ৰ ইলহানন,
27 ハロデ出身のシャンマ。ペロンびとヘレヅ。
২৭হৰোৰীয়া চম্মোৎ, পলোনীয়া হেলচ,
28 テコア出身のイッケシの子イラ。アナトテ出身のアビエゼル。
২৮তকোৱায়ীয়া ইক্কেচৰ পুত্ৰ ঈৰা, অনাথোতীয়া অবীয়েজৰ,
29 ホシャテびとシベカイ。アホアびとイライ。
২৯হূচাতীয়া চিব্বকয়, অহোহীয়া ঈলয়,
30 ネトパ出身のマハライ。ネトパ出身のバアナの子ヘレデ。
৩০নটোফাতীয়া মহৰয়, নটোফাতীয়া বানাৰ পুত্ৰ হেলদ,
31 ベニヤミンびとのギベアから出たリバイの子イタイ。ピラトンのベナヤ。
৩১বিন্যামীনৰ বংশৰ গিবিয়াৰ ৰীবয়ৰ পুত্ৰ ইথয়, পিৰাথোনীয়া বনায়া,
32 ガアシの谷のホライ。アルバテびとアビエル。
৩২গাচ উপত্যকাৰ হূৰয়, অৰ্বাতীয়া অবীয়েল,
33 バハルム出身のアズマウテ。シャルボン出身のエリヤバ。
৩৩বহৰূমীয়া অজমাবৎ, চালবোনীয়া ইলিয়হবা,
34 ギゾンびとハセム。ハラルびとシャゲの子ヨナタン。
৩৪গিজোনীয়া হাচেমৰ পুত্ৰসকল, হৰাৰীয়া চাগিৰ পুত্ৰ যোনাথন,
35 ハラルびとサカルの子アヒアム。ウルの子エリパル。
৩৫হৰাৰীয়া চাখৰৰ পুত্ৰ অহীয়াম, ঊৰৰ পুত্ৰ ইলীফাল,
36 メケラテびとヘペル。ペロンびとアヒヤ。
৩৬মখেৰাতীয়া হেফৰ, পলোনীয়া অহিয়া,
37 カルメル出身のヘズロ。エズバイの子ナアライ。
৩৭কৰ্মিলীয়া হিষ্ৰো, ইজবয়ৰ পুত্ৰ নাৰয়,
38 ナタンの兄弟ヨエル。ハグリの子ミブハル。
৩৮নাথনৰ ভায়েক যোৱেল, হগ্ৰীৰ পুত্ৰ মিভৰ,
39 アンモンびとゼレク。ゼルヤの子ヨアブの武器を執るもの、ベエロテ出身のナハライ。
৩৯অম্মোনীয়া চেলক, চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহক বেৰোতীয়া নহৰয়,
40 イテルびとイラ。イテルびとガレブ。
৪০যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
41 ヘテびとウリヤ。アハライの子ザバデ。
৪১হিত্তীয়া ঊৰিয়া, অহলয়ৰ পুত্ৰ জাবদ,
42 ルベンびとシザの子アデナ。彼はルベンびとの長であって、三十人を率いた。
৪২ৰূবেণীয়া চীজাৰ পুত্ৰ ৰূবেণীয়াসকলৰ সেনাপতি অদীনা, আৰু তেওঁৰ লগত ত্ৰিশ জন লোক,
43 またマアカの子ハナン。ミテニびとヨシャパテ。
৪৩মাখাৰ পুত্ৰ হানন আৰু মিত্নীয়া যোচাফট,
44 アシテラテびとウジヤ。アロエルびとホタムの子らシャマとエイエル。
৪৪অষ্টাৰোতীয়া উজ্জিয়া, অৰোয়েৰীয়া হোথমৰ দুজন পুত্ৰ চামা আৰু যিয়ীয়েল,
45 テジびとシムリの子エデアエルおよびその兄弟ヨハ。
৪৫চিম্ৰীৰ পুত্ৰ যিদীয়েল, আৰু তেওঁৰ ভায়েক তীচীয়া যোহা,
46 マハブびとエリエル。エルナアムの子らエリバイおよびヨシャビヤ。モアブびとイテマ。
৪৬মহবীয়া ইলীয়েল, ইলনামৰ দুজন পুত্ৰ যিৰীবয় আৰু যোচবিয়া, আৰু মোৱাবীয়া যিথমা;
47 エリエル、オベデおよびメゾバびとヤシエルである。
৪৭ইলীয়েল, ওবেদ, আৰু মচোবায়ীয়া যাচীয়েল।

< 歴代誌Ⅰ 11 >