< ルカの福音書 22 >

1 さて,過ぎ越しと呼ばれる種なしパンの祭りが近づいていた。
সেই সময় খমিৰ নোহোৱা পর্বৰ ওচৰ হোৱাত, এই পর্বক নিস্তাৰ-পৰ্ব বোলা হয়,
2 祭司長たちと律法学者たちは,どうしたら彼を死に至らせることができるかを探り求めていた。彼らは民を恐れていたのである。
তেতিয়া প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক বধ কৰিব পাৰে, তাৰে উপায় বিচাৰিলে; কিয়নো তেওঁলোকে লোক সকলক ভয় কৰিছিল।
3 サタンが,またの名をイスカリオトといい,十二人の中に数えられていたユダに入り込んだ。
তেতিয়া বাৰ জন পাঁচনিৰ মাজৰ যিহূদা, যাৰ উপনাম ঈষ্কৰিয়োতীয়া, তেওঁৰ ভিতৰত চয়তান সোমাল।
4 彼は出て行き,祭司長たちや指揮官たちと,どうしたら彼がイエスを彼らに引き渡せるかについて話し合った。
তাতে তেওঁ গৈ, কেনেকৈ যীচুক তেওঁলোকৰ হাতত শোধাই দিব পাৰে, সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতি সকলৰ সৈতে কথা-বাৰ্ত্তা হ’ল।
5 彼らは喜び,彼にお金を与えることに決めた。
তেতিয়া তেওঁলোকে আনন্দিত হ’ল আৰু তেওঁক ধন দিবলৈ সন্মত হ’ল।
6 彼は承諾し,群衆のいないときにイエスを引き渡す機会を探り求めた。
তাতে তেওঁ মান্তি হ’ল আৰু লোক সকল নথকা সময়ত, তেওঁলোকৰ হাতত তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিলে।
7 種なしパンの日がやって来た。過ぎ越しの犠牲がささげられなければならない日である。
খমিৰ নোহোৱা পিঠাৰ দিন, যিদিনা নিস্তাৰপৰ্বৰ মেৰ বলি দিব লাগে, সেইদিন উপস্থিত হোৱাত,
8 彼はペトロとヨハネを遣わして,こう言った,「行って,わたしたちのために過ぎ越しの食事を用意しなさい」 。
যীচুৱে পিতৰ আৰু যোহনক পঠিয়াই দি ক’লে, “তোমালোক যোৱা, আমি ভোজন কৰিবলৈ নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰাগৈ।”
9 彼らは彼に言った,「どこに用意をすることをお望みですか」。
তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি ক’ত যুগুত কৰাতো আপুনি ইচ্ছা কৰে?”
10 彼は彼らに言った,「見よ,あなた方が市内に入ると,水がめを運んでいる男があなた方に出会うだろう。その人に付いて行き,彼の入る家に行きなさい。
১০তেওঁ তেওঁলোকক ক’লে, “চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই, পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব৷ তেওঁ যি ঘৰত সোমায়, তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাবা৷
11 その家の主人にこう言いなさい。『先生が,「わたしが弟子たちと共に過ぎ越しの食事をする客室はどこか」と言っています』。
১১তেতিয়া ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে তোমাক কবলৈ কৈছে, বোলে মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠালি ক’ত আছে’?
12 彼はあなた方に,席の整えられた大きな階上の部屋を見せてくれるだろう。その場所で準備をしなさい」 。
১২তাতে সেই মানুহে সজোৱা ওপৰ-মহলৰ এটা ডাঙৰ কোঁঠালি তোমালোকক দেখুৱাই দিব৷ তাতে তোমালোকে যুগুত কৰিবা।”
13 彼らは出て行き,彼が自分たちに告げたとおりのことを見いだした。それで彼らは過ぎ越しの用意をした。
১৩তেতিয়া তেওঁলোক গ’ল আৰু তেওঁ কোৱাৰ দৰে তাত সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।
14 その時刻になると,彼は十二人の使徒たちと共に席に着いた。
১৪সময় হোৱাত, তেওঁ পাঁচনি সকলৰ সৈতে ভোজনত বহিল।
15 彼は彼らに言った,「わたしは,自分が苦しみを受ける前に,あなた方と一緒にこの過ぎ越しの食事をしたいと,熱烈に願っていた。
১৫তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ দুখভোগৰ আগেয়ে তোমালোকে সৈতে এই নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ।
16 あなた方に告げるが,神の王国でこれが満たされるまで,わたしはもはやこの食事をすることはないからだ」 。
১৬কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এয়ে সিদ্ধ নোহোৱালৈকে, মই এই ভোজ পুনৰ নাখাওঁ।”
17 杯を受け取り,感謝をささげてから,彼らに言った,「これを取って,互いに分け合いなさい。
১৭পাছত যীচুৱে পান-পাত্ৰ লৈ স্তুতি কৰি ক’লে, “এইটো লোৱা আৰু তোমালোকৰ মাজত ভগাই লোৱা;
18 あなた方に告げるが,神の王国が来るまで,わたしはもはやブドウの木の産物を飲むことはないからだ」 。
১৮কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য আহি নোপোৱালৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।”
19 パンを取り,感謝をささげてからそれを裂き,彼らに与えてこう言った。「これはあなた方のために与えられるわたしの体だ。わたしの思い出として,これを行ないなさい」 。
১৯তাৰ পাছত পিঠা লৈ তেওঁ স্তুতি কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “এয়ে তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ; মোক সুৱঁৰিবলৈ ইয়াকে কৰিবা।”
20 同じように,晩さんの後で杯を取ってこう言った。「この杯は,あなた方のために流されるわたしの血による新しい契約だ。
২০পিঠা ভোজন কৰাৰ পাছত, সেইদৰে পান-পাত্ৰকো লৈ ক’লে, “তোমালোকৰ কাৰণে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, সেয়ে এই৷
21 だが,見よ,わたしを売り渡す者の手が,わたしと共に食卓にある。
২১কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁতা জন মোৰে সৈতে মেজতে আছে।
22 確かに人の子は定められたとおりに去って行く。だが,彼を売り渡すその人は災いだ!」
২২কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল, তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ’ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হব, তেওঁ সন্তাপৰ পাত্ৰ!”
23 彼らは,彼らの中でだれがそんなことをしようとしているのか,互いに尋ね始めた。
২৩তাতে তেওঁলোকৰ মাজৰ কোনে এই কৰ্ম কৰিব, সেই বিষয়ে ইজনে সিজনে সোধা-সুধি কৰিবলৈ ধৰিলে।
24 彼らの間ではまた,自分たちの中でだれが一番偉いと思われるかに関する口論も生じた。
২৪তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হ’ব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হ’ল।
25 彼は彼らに言った,「異邦人たちの王たちは人々に対して威張り散らし,人々の上に権力のある者たちは『恩人』と呼ばれている。
২৫কিন্তু তেওঁ তেওঁলোকক ক’লে, “অনা-ইহুদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়।
26 だが,あなた方はそうではない。むしろ,あなた方の間で一番偉い者は一番若い者のように,支配する者は仕える者のようになりなさい。
২৬কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক।
27 というのは,食卓に着いている者と仕える者では,どちらが偉いのか。食卓に着いている者ではないか。それでも,わたしは仕える者としてあなた方の中にいる。
২৭কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ৷
28 だが,あなた方はわたしの数々の試練のときに,ずっとわたしと共にいてくれた者たちだ。
২৮কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷
29 わたしの父がわたしに王国を授けてくださったように,わたしはあなた方にそれを授ける。
২৯মোৰ পিতৃয়ে যেনেকৈ মোক ৰাজ্য দান কৰিলে, সেইদৰে তোমালোককো মই ৰাজ্যদান কৰিলোঁ,
30 あなた方がわたしの王国で,わたしの食卓に着いて食べたり飲んだりするためだ。あなた方は座に着き,イスラエルの十二部族を裁くだろう」 。
৩০মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
31 主は言った,「シモン,シモン,見よ,サタンは,あなた方を小麦のようにふるいにかけるために,あなた方を手に入れることを求めた。
৩১চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি ল’ব খুজিলে;
32 だがわたしは,あなたの信仰が尽きないように,あなたのために祈った。あなたは,いったん立ち返ったなら,あなたの兄弟たちを強めなさい」 。
৩২কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰুতুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।”
33 ペトロは彼に言った,「主よ,わたしは,ろうやにも,死に至るまでも,あなたと一緒に行く用意ができています!」
৩৩পাছত পিতৰে তেওঁক ক’লে, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছোঁ।”
34 彼は言った,「ペトロよ,あなたに告げる。あなたが三度わたしを知っていることを否認するまでは,今日,おんどりが鳴くことはないだろう」 。
৩৪তেতিয়া যীচুৱে ক’লে, “হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক জানা, ইয়াকে তিনি বাৰ অস্বীকাৰ নকৰালৈকে, আজি কুকুৰাই ডাক নিদিব।”
35 彼は彼らに言った,「わたしがあなた方を,財布も袋も履物も持たせずに遣わした時,何かに不足したか」 。 彼らは言った,「何にも不足しませんでした」。
৩৫পাছত যীচুৱে তেওঁলোকক ক’লে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।”
36 すると彼は彼らに言った,「だが今は,財布のある者はそれを取り,袋も同じようにしなさい。何も持っていない者は,自分の外衣を売って,剣を買いなさい。
৩৬তেতিয়া তেওঁ তেওঁলোকক ক’লে, “কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে, তেওঁ তাক লওঁক; সেইদৰে জোলোঙাও লওঁক; আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক।
37 あなた方に告げるが,『彼は不法な者たちと共に数えられた』と書かれているこのことは,なおわたしにおいて果たされなければならないのだ。わたしに関することは終わりを迎えるからだ」 。
৩৭কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখাআছে, সেয়ে মোত সিদ্ধ হ’ব লাগে; ‘তেওঁ বিধানহীন সকলৰ লগত গণ্য হ’ল৷’ কিয়নো মোৰেই সম্বন্ধীয় কথা সিদ্ধ হৈ আহিছে।”
38 彼らは言った,「主よ,ご覧ください,ここに剣が二振りあります」。 彼は彼らに言った,「それで十分だ」 。
৩৮তেতিয়া তেওঁলোকে ক’লে, “হে প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ তেওঁলোকক ক’লে, “সেয়ে যথেষ্ট।”
39 彼は出て来て,自分の習慣どおりに,オリーブ山に行った。弟子たちも彼に従った。
৩৯পাছত তেওঁ বাহিৰলৈ ওলাই, তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ’ল; আৰু শিষ্য সকল তেওঁৰ পাছে পাছে গ’ল।
40 その場所に来ると,彼は彼らに言った,「あなた方は誘惑に陥らないよう,祈っていなさい」 。
৪০সেই ঠাই পাই তেওঁ তেওঁলোকক ক’লে, “পৰীক্ষাত যেন নপৰা, এই কাৰণে প্ৰাৰ্থনা কৰা।”
41 彼らから石を投げて届くほどの所に下がり,ひざまずいて祈り,
৪১পাছত তেওঁ এটা শিলৰ দলি সমান আতৰ গৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি ক’লে,
42 こう言った,「父よ,もしそう望まれるなら,この杯をわたしから取り除いてください。それでも,わたしの意志ではなく,あなたのご意志がなされますように」 。
৪২“হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।”
43 天から一人のみ使いが彼に現われ,彼を強めた。
৪৩তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি, শক্তি দান কৰিলে।
44 彼は苦しみもだえ,ますます熱烈に祈った。彼の汗は大粒の血の滴りのようになって地面に落ちた。
৪৪পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল।
45 祈りから起き上がり,弟子たちのところに来ると,彼らが悲しみのために眠り込んでいるのを見いだした。
৪৫পাছত তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্য সকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক শোকত ভাগৰি শুই যোৱা দেখি ক’লে,
46 それで彼らに言った,「なぜあなた方は眠っているのか。誘惑に陥らないよう,起きて祈っていなさい」 。
৪৬“তোমালোকে কিয় শুইছা? পৰীক্ষাত যেন নপৰা, এই কাৰণে উঠি প্ৰাৰ্থনা কৰা।”
47 彼がまだ話しているうちに,見よ,群衆が現われた。そして,十二人の一人でユダと呼ばれる者が彼らの先頭に立っていた。口づけをしようとしてイエスに近づいた。
৪৭তেওঁ কথা কৈ থাকোতেই, বাৰ জন পাঁচনিৰ লগৰ যিহূদাৰ নেতৃত্বত এদল মানুহ আহি সেই ঠাইত উপস্থিত হ’ল। তাতে তেওঁ চুমা খাবলৈ যীচুৰ ওচৰ চাপি গ’ল।
48 しかしイエスは彼に言った,「ユダ,あなたは口づけで人の子を売り渡すのか」 。
৪৮কিন্তু যীচুৱে তাক ক’লে, “হে যিহূদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছা নে?”
49 彼の周りにいた者たちは,起きようとしていることを見て,彼に言った,「主よ,剣で撃ちましょうか」。
৪৯পাছত কি ঘটিব, তাকে দেখি তেওঁৰ সঙ্গী সকলে ক’লে, “হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিম নে?”
50 彼らのうちのある者が,大祭司の召使いに撃ちかかり,その右耳を切り落とした。
৫০আৰু তেওঁলোকৰ কোনো এজনে মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি, তাৰ সোঁ কাণ খন কাটি পেলালে।
51 しかしイエスは答えた,「そこまでにしなさい」 。そして,彼の耳を触って,彼をいやした。
৫১তেতিয়া যীচুৱে সমিধান দি ক’লে, “ইয়াকো সহন কৰা।” পাছে তেওঁৰ কাণ খন চুই, তেওঁক সুস্থ কৰিলে।
52 イエスは,自分に向かって来た祭司長たち,神殿の指揮官たち,および長老たちに言った,「あなた方は強盗に対するかのように,剣とこん棒を持って出て来たのか。
৫২তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, মন্দিৰৰ সেনাপতি আৰু পৰিচাৰক সকলক যীচুৱে ক’লে, “যেনেকৈ ডকাইতৰ বিৰুদ্ধে ওলাই আহা, তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলা নে?
53 わたしは毎日あなた方と一緒に神殿にいて教えていたのに,あなた方はわたしに向かって手を出さなかった。だが,今はあなた方の時,闇の支配だ」 。
৫৩যেতিয়া মই নিতৌ তোমালোকৰ লগত মন্দিৰত আছিলোঁ, তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা; কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ অধিকাৰ।”
54 彼らは彼を捕まえて,引いて行き,大祭司の家に連れて来た。しかしペトロは遠くから付いて行った。
৫৪পাছত তেওঁলোকে তেওঁক ধৰি নিলে, আৰু মহা-পুৰোহিতৰ ঘৰলৈ লৈ গ’ল; কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গ’ল।
55 人々は中庭の真ん中に火をたいて一緒に座ったので,ペトロも彼らの中で腰を下ろした。
৫৫পাছত চোতালৰ মাজ মজিয়াত তেওঁলোকে জুই জ্বলাই একেলগে বহোতে, পিতৰেও তেওঁলোকৰ মাজত বহিল।
56 ある召使いの女が,彼が明るいところに座っているのを見,彼をじっと見つめて言った,「この男も彼と一緒にいました」。
৫৬তেওঁ বহি থাকোঁতে জুইৰ পোহৰত, কোনো এজনী চাকৰণীয়ে দেখা পাই, তেওঁলৈ একেথৰে চাই ক’লে, “এই মানুহ জনো তেওঁৰ লগত আছিল।”
57 彼はイエスを否認して言った,「女よ,わたしは彼を知らない」。
৫৭কিন্তু তেওঁ অস্বীকাৰ কৰি ক’লে, “হে নাৰী, মই তেওঁক চিনি নাপাও।”
58 しばらくして,ほかの者が彼を見て言った,「あなたも彼らの一人だ!」 しかしペトロは答えた,「人よ,わたしは違う!」
৫৮অলপ সময়ৰ পাছত, আন এজনে তেওঁক দেখা পাই ক’লে, “তুমিও তেওঁলোকৰ মাজৰ এজন।” কিন্তু পিতৰে ক’লে, “হে’ৰা, মই নহওঁ।”
59 一時間ほどすると,別の者が自信満々に断言して言った,「確かにこの男も彼と一緒にいた。ガリラヤ人だからだ!」
৫৯প্ৰায় এঘন্টা মানৰ পাছত, আন কোনো এজনে দৃঢ়কৈ ক’লে, “সঁচা, এই মানুহ জনেই তেওঁৰ লগত আছিল; কিয়নো তেওঁ এজন গালীলীয়া।”
60 しかしペトロは言った,「人よ,わたしはあなた方の話しているそのことを知らないのだ!」 すぐに,彼がまだ話している間に,おんどりが鳴いた。
৬০কিন্তু পিতৰে ক’লে, “হেৰা, তুমি কি কৈছা, মই তেওঁক নাজানোৱেই।” এই কথা কওঁতেই, কুকুৰাই ডাক দিলে।
61 主は振り返ってペトロを見つめた。そこでペトロは,「おんどりが鳴く前に,あなたは三度わたしを否認するだろう」 と,主が自分に言った言葉を思い出した。
৬১তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা৷’
62 外に出て,激しく泣いた。
৬২সেই কথা সুঁৱৰি তেওঁ বাহিৰলৈ গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে।
63 イエスを拘留していた者たちは,彼をなぶりものにし,殴りつけた。
৬৩পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে;
64 彼に目隠しをして顔を打ち,彼に言った,「預言しろ! お前を打ったのはだれか」。
৬৪আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?”
65 彼らは,彼を侮辱しながら,彼に向かってほかにも多くのことを話しかけた。
৬৫আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা ক’লে।
66 朝になると,民の長老たちの会は,祭司長たちも律法学者たちも共に集まり,彼を彼らの最高法院に引いて行き,こう言った。
৬৬পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে,
67 「もしお前がキリストなら,我々に告げよ」。 しかし彼は彼らに言った,「あなた方に告げたとしても,あなた方は信じないだろうし,
৬৭তেওঁলোকে ক’লে, “তুমি যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক কোৱা।” কিন্তু তেওঁ তেওঁলোকক ক’লে, “যদিও তোমালোকক কওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা,
68 尋ねたとしても,あなた方はわたしに答えたり,わたしを解放したりはしないだろう。
৬৮আৰু যদিও সুধো, তথাপি উত্তৰ নিদিবা।
69 今後,人の子は神の力の右に座ることになる」 。
৬৯কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁ হাতে বহি থাকিব।”
70 みんなは言った,「それならお前は神の子か」。 彼は彼らに言った,「わたしはあるとは,あなた方が言った」 。
৭০তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে তুমি ঈশ্বৰৰ পুত্ৰ নে?” যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই কোৱা যে, মই হওঁ।”
71 彼らは言った,「なぜこれ以上証人が必要だろうか。我々自身が本人の口から聞いたのだ!」
৭১তেতিয়া তেওঁলোকে ক’লে, “আমাৰ অন্য সাক্ষ্যৰ কি প্ৰয়োজন আছে? কিয়নো আমি নিজে এওঁৰ মুখৰ পৰাই এতিয়া শুনিলোঁ।”

< ルカの福音書 22 >