< ルツ記 3 >

1 爰に姑ナオミ彼にいひけるは女子よ我汝の安身所を求めて汝を幸ならしむべきにあらずや
নয়মীয়ে তেওঁৰ বোৱাৰীয়েক ৰূথক ক’লে, “হে মোৰ আইটি, যাৰ দ্বাৰাই তোমাৰ মঙ্গল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম?
2 夫汝が偕にありし婢等を有る彼ボアズは我等の知己なるにあらずや 視よ彼は今夜 禾塲にて大麥を簸る
তুমি যি বোৱজৰ দাসীসকলৰ লগত কাম কৰিছিলা, সেই বোৱজ জানো আমাৰ সম্পৰ্কীয় লোক নহয়? চোৱা, তেওঁ আজি ৰাতি মৰণা মৰা ঠাইত যৱ ধান জাৰি আছে।
3 然ば汝の身を洗て膏をぬり衣服をまとひて禾塲に下り汝をその人にしらせずしてその食飮を終るを待て
সেয়ে, তুমি এতিয়া গা ধুই পৰিস্কাৰ হোৱা, সুগন্ধি তেল ঘঁহা, আৰু কাপোৰ সলনি কৰি সেই শস্যমৰা ঠাইলৈ যোৱা৷ কিন্তু সেই ব্যক্তিয়ে ভোজন-পান কৰি শেষ নকৰালৈকে তুমি তেওঁক দেখা নিদিবা।
4 而て彼が臥す時に汝その臥す所を見とめおき入てその脚を掀開りて其處に臥せよ 彼なんぢの爲べきことを汝につげんと
তেওঁ যেতিয়া টোপনি যাব, তেতিয়া তুমি তেওঁৰ শোৱা ঠাই মনত ৰাখি, পাছত তেওঁৰ ওচৰলৈ যাবা আৰু তেওঁৰ ভৰি ফালৰ কাপোৰ গুচাই তাতেই তুমি শুবা; পাছত তুমি কি কৰিব লাগিব, সেই বিষয়ে তেওঁ তোমাক ক’ব।”
5 ルツ姑にいひけるは汝が我に言ところは我皆なすべしと
তেতিয়া ৰূথে নয়মীক ক’লে, “আপুনি যেনেদৰে ক’লে, মই সেই মতে কৰিম।”
6 すなはち禾塲に下り凡てその姑の命ぜしごとくなせり
পাছত তেওঁ সেই শস্যমৰা ঠাইলৈ গ’ল, আৰু তেওঁৰ শাহুৱেকে দিয়া আদেশ অনুসাৰে সকলো কৰিলে।
7 偖ボアズは食飮をなしてその心をたのしませ往て麥を積る所の傍に臥す 是に於て彼潜にゆきその足を掀開て其處に臥す
বোৱজে ভোজন-পান কৰি আনন্দ মনেৰে গৈ শস্যৰ দ’মৰ এমূৰত গৈ শুলে, তেতিয়া ৰূথে ধীৰে ধীৰে গৈ তেওঁৰ ভৰিৰ ফালৰ কাপোৰ আতৰালে আৰু তাতেই শুই পৰিল।
8 夜半におよびて其人畏懼をおこし起かへりて見るに一人の婦その足の方に臥ゐたれば
পাছত মাজনিশা বোৱজে বাগৰ সলাওঁতে, নিজৰ ভৰিৰ ওচৰত এজনী তিৰোতা মানুহ শুই থকা গম পাই উচপ খাই উঠিল।
9 汝は誰なるやといふに婦こたへて我は汝の婢ルツなり 汝の裾をもて婢を覆ひたまへ 汝は贖業者なればなり
তেতিয়া তেওঁ সুধিলে, “তুমি কোন?” তেওঁ ক’লে, “মই আপোনাৰ দাসী ৰূথ; এতেকে আপোনাৰ এই দাসীৰ ওপৰলৈ আপোনাৰ কাপোৰৰ আঁচল মেলি দিয়ক; কাৰণ আপুনি আমাৰ উদ্ধাৰকৰ্তা আৰু আমাৰ সম্পৰ্কীয়।”
10 ボアズいひけるは女子よねがはくはヱホバの恩典なんぢにいたれ 汝の後の誠實は前のよりも勝る 其は汝貧きと富とを論ず少き人に從ふことをせざればなり
১০তেতিয়া তেওঁ ক’লে, “আইটি তুমি যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা; কিয়নো তুমি ধনী বা দুখীয়া কোনো ডেকা পুৰুষৰ ওচৰলৈ নগৈ, প্ৰথমতকৈ শেষত পুনৰ অধিক প্রেম দেখুৱালা।
11 されば女子よ懼るなかれ 汝が言ふところの事は皆われ汝のためになすべし 其はわが邑の人皆なんぢの賢き女なるをしればなり
১১এতেকে আইটি, তুমি ভয় নকৰিবা; তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী, ইয়াক মোৰ নিজ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে।
12 我はまことに贖業者なりと雖も我よりも近き贖業者あり
১২এইটো সত্য যে, মই তোমালোকৰ সম্পৰ্কীয় লোক হওঁ, কিন্তু মোতকৈও ওচৰ-সম্পৰ্কীয় আন এজন আছে।
13 今夜は此に住宿れ 朝におよびて彼もし汝のために贖ふならば善し彼に贖はしめよ 然ど彼もし汝のために贖ふことを好まずばヱホバは活く我汝のために贖はん 朝まで此に臥せよと
১৩আজি ৰাতি ইয়াতে থাকা৷ ৰাতিপুৱা তেওঁ যদি ওচৰ সম্পৰ্কীয় হিচাপে তোমাক গ্ৰহণ কৰে, তেন্তে ভালেই, তেওঁৱেই সেই কাৰ্য কৰক৷ কিন্তু তেওঁ তোমাক যদি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, তেন্তে যিহোৱাৰ জীৱনৰ শপত, ময়েই তোমাক গ্ৰহণ কৰিম। তুমি ৰাতিপুৱালৈকে ইয়াতেই শুই থাকা।”
14 ルツ朝までその足の方に臥て誰彼の辨がたき頃に起あがる ボアズ此女の禾塲に來りしことを人にしらしむべからずといへり
১৪তেতিয়া ৰূথে ৰাতিপুৱালৈকে তেওঁৰ ভৰিৰ ওচৰত শুই থাকিল; পাছত দোকমোকালিতে অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল; কাৰণ বোৱজে কৈছিল, ‘শস্যমৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে’।
15 而していひけるは汝の著る袿衣を將きたりて其を開げよと 即ち開げければ大麥六升を量りて之に負せたり 斯して彼邑にいたりぬ
১৫পাছত তেওঁ পুনৰ ক’লে, “তুমি গাত লোৱা ওপৰৰ কাপোৰ মেলি ধৰা।” তেতিয়া ৰূথে কাপোৰখন মেলি ধৰোতে তেওঁ ছয় দোন যৱ ধান জুখি কাপোৰত ঢালি দি তেওঁৰ মুৰত তুলি দিলে; আৰু তেওঁ নগৰলৈ গুচি গ’ল।
16 爰にルツその姑の許に至るに姑いふ 女子よ如何ありしやと 彼すなはち其人の己になしたる事をことごとく之につげて
১৬পাছত ৰূথে যেতিয়া নিজৰ শাহুৱেকৰ ওচৰলৈ আহিল, তেতিয়া শাহুৱেকে তেওঁক ক’লে, “আইটি তোমাৰ কি হ’ল?” তেতিয়া সেই ব্যক্তি জনে তেওঁলৈ কৰা আটাই কথা শাহুৱেকক তেওঁ ক’লে।
17 而していひけるは彼空手にて汝の姑の許に往くなかれといひて此六升の大麥を我にあたへたり
১৭ৰূথে পুনৰ ক’লে, “তেওঁ মোক ‘শাহুৱেৰাৰ ওচৰলৈ শুদাহাতে যাব নালাগে’, এই বুলি কৈ এই ছয় দোন যৱ ধান দিলে।”
18 姑いひけるは女子よ坐して待ち事の如何になりゆくかを見よ 彼人今日その事を爲終ずば安んぜざるべければなり
১৮তেতিয়া তেওঁৰ শাহুৱেকে তেওঁক ক’লে, “আইটি, এই বিষয়ে কি ঘটিব, সেই বিষয়ে যেতিয়ালৈকে নাজানা তেতিয়ালৈকে তুমি অপেক্ষা কৰি বহি থাকা; কিয়নো সেই ব্যক্তিয়ে আজি এই কাৰ্য সমাধান নকৰালৈকে মনে মনে বহি নাথাকিব।”

< ルツ記 3 >