< 詩篇 85 >

1 ヱホバよなんぢは御國にめぐみをそそぎたまへり なんぢヤコブの俘囚をかへしたまひき
হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা। তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা।
2 なんぢおのが民の不義をゆるしそのもろもろの罪をおほひたまひき (セラ)
তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা; তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা)
3 汝すべての怒をすてその烈しきいきどほりを遠けたまへり
তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা।
4 われらのすくひの神よかへりきたり我儕にむかひて忿怒をやめたまへ
হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
5 なんぢ永遠にわれらをいかり萬世にみいかりをひきのべたまふや
তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
6 汝によりてなんぢの民の喜悦をえんが爲に我儕を活したまはざるか
তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?
7 ヱホバよなんぢの憐憫をわれらにしめし汝のすくひを我儕にあたへたまへ
হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।
8 わが神ヱホバのいたりたまふ事をきかん ヱホバはその民その聖徒に平和をかたりたまへばなり さればかれらは愚かなる行爲にふたたび歸るなかれ
ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
9 實にそのすくひは神をおそるる者にちかし かくて榮光はわれらの國にとどまらん
তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
10 あはれみと眞實とともにあひ義と平和とたがひに接吻せり
১০গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব; ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
11 まことは地よりはえ義は天よりみおろせり
১১দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব; স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব।
12 ヱホバ善物をあたへたまへばわれらの國は物產をいださん
১২যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব। আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব।
13 義はヱホバのまへにゆきヱホバのあゆみたまふ跡をわれに踏しめん
১৩ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব; তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।

< 詩篇 85 >