< 詩篇 82 >

1 かみは神のつどひの中にたちたまふ 神はもろもろの神のなかに審判をなしたまふ
ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
2 なんぢらは正からざる審判をなし あしきものの身をかたよりみて幾何時をへんとするや (セラ)
“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
3 よわきものと孤兒とのためにさばき苦しむものと乏しきものとのために公平をほどこせ
তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।
4 弱きものと貧しきものとをすくひ彼等をあしきものの手よりたすけいだせ
দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”
5 かれらは知ることなく悟ることなくして暗中をゆきめぐりぬ 地のもろもろの基はうごきたり
তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।
6 我いへらく なんぢらは神なりなんぢらはみな至上者の子なりと
মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।
7 然どなんぢらは人のごとくに死もろもろの侯のなかの一人のごとく仆れん
কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”
8 神よおきて全地をさばきたまへ 汝もろもろの國を嗣たまふべければなり
হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।

< 詩篇 82 >