< 詩篇 81 >

1 われらの力なる神にむかひて高らかにうたひヤコブの神にむかひてよろこびの聲をあげよ
আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
2 歌をうたひ鼓とよき音のことと筝とをもちきたれ
গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।
3 新月と滿月とわれらの節會の日とにラッパをふきならせ
ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
4 これイスラエルの律法ヤコブのかみの格なり
কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।
5 神さきにエジプトを攻たまひしときヨセフのなかに之をたてて證となしたまへり 我かしこにて未だしらざりし方言をきけり
যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। মই আগেয়ে নজনা এনে এটি মাত শুনিলো:
6 われかれの肩より重荷をのぞき かれの手を籃よりまぬかれしめたり
“মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।
7 汝なやめるとき呼しかば我なんぢをすくへり われ雷鳴のかくれたるところにて汝にこたへメリバの水のほとりにて汝をこころみたり (セラ)
তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)
8 わが民よきけ我なんぢに證せん イスラエルよ汝がわれに從はんことをもとむ
হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
9 汝のうちに他神あるべからず なんぢ他神ををがむべからず
তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।
10 われはエジプトの國よりなんぢを携へいでたる汝の神ヱホバなり なんぢの口をひろくあけよ われ物をみたしめん
১০ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।
11 されどわが民はわか聲にしたがはず イスラエルは我をこのまず
১১কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে।
12 このゆゑに我かれらが心のかたくななるにまかせ彼等がその任意にゆくにまかせたり
১২সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।
13 われはわが民のわれに從ひイスフルのわが道にあゆまんことを求む
১৩হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়!
14 さらば我すみやかにかれらの仇をしたがへ わが手をかれらの敵にむけん
১৪তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলোঁ হয়, তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলোঁ হয়!
15 斯てヱホバをにくみし者もかれらに從ひ かれらの時はとこしへにつづかん
১৫যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।
16 神はむぎの最嘉をもてかれらをやしなひ 磐よりいでたる蜜をもて汝をあかしむべし
১৬কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম; মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।”

< 詩篇 81 >