< 詩篇 75 >

1 神よわれら汝にかんしやす われら感謝すなんぢの名はちかく坐せばなり もろもろの人はなんぢの奇しき事跡をかたりあへり
হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে।
2 定りたる期いたらば我なほき審判をなさん
যেতিয়া নিৰুপিত সময় উপস্থিত হব; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
3 地とすべての之にすむものと消去しとき我そのもろもろの柱をたてたり (セラ)
যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল; তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। (চেলা)
4 われ誇れるものに誇りかにおこなふなかれといひ 惡きものに角をあぐるなかれといへり
মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি: সংশয় নহবা; দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।
5 なんぢらの角をたかく擧るなかれ頸をかたくして高りいふなかれ
তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্ব কৰি কথা নকবা।”
6 擧ることは東よりにあらず西よりにあらずまた南よりにもあらざるなり
কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।
7 ただ神のみ審士にましませば此をさげ彼をあげたまふ
কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে।
8 ヱホバの手にさかづきありて酒あわだてり その中にものまじりてみつ 神これをそそぎいだせり 誠にその滓は地のすべてのあしき者しぼりて飮むべし
কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
9 されど我はヤコブの神をのべつたへん とこしへに讃うたはん
কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।
10 われ惡きもののすべての角をきりはなたん 義きものの角はあげらるべし
১০তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্মিক লোকসকলৰ শিং উচ্চ কৰিম।”

< 詩篇 75 >