< 詩篇 59 >

1 わが神よねがはくは我をわが仇よりたすけいだし われを高處におきて我にさからひ起立つものより脱かれしめたまへ
হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা; মোৰ বিৰুদ্ধে উঠা সকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা।
2 邪曲をおこなふものより我をたすけいだし血をながす人より我をすくひたまへ
অধৰ্মচাৰীবোৰৰ পৰা মোক ৰক্ষা কৰা; ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা।
3 視よかれらは潜みかくれてわが霊魂をうかがひ猛者むれつどひて我をせむ ヱホバよ此はわれに愆あるにあらず われに罪あるにあらず
কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে; হে যিহোৱা, মোৰ কোনো দোষ বা পাপ নাই তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে।
4 かれら趨りまはりて過失なきに我をそこなはんとて備をなす ねがはくは我をたすくるために目をさまして見たまへ
তেওঁলোকে মোক বিনা-দোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে; তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।
5 なんぢヱホバ萬軍の神イスラエルの神よ ねがはくは目をさましてもろもろの國にのぞみたまへ あしき罪人にあはれみを加へたまふなかれ (セラ)
হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ, তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা; কোনো দুর্নীতিপৰায়ণ পাপীক দয়া নকৰিবা। (চেলা)
6 かれらは夕にかへりきたり犬のごとくほえて邑をへありく
তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে; নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে।
7 視よかれらは口より惡をはく そのくちびるに劍あり かれらおもへらく誰ありてこの言をきかんやと
চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
8 されどヱホバよ汝はかれらをわらひ もろもろの國をあざわらひたまはん
কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; তুমি সকলো জাতিকে উপহাস কৰিবা।
9 わが力よわれ汝をまちのぞまん 神はわがたかき櫓なり
ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।
10 憐憫をたまふ神はわれを迎へたまはん 神はわが仇につきての願望をわれに見させたまはん
১০মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী; মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব।
11 願くはかれらを殺したまふなかれ わが民つひに忘れやはせん 主われらの盾よ 大能をもてかれらを散し また卑したまへ
১১মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা। হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা।
12 かれらがくちびるの言はその口のつみなり かれらは詛と虚偽とをいひいづるによりてその傲慢のためにとらへられしめたまへ
১২তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
13 忿恚をもてかれらをほろぼしたまへ 再びながらふることなきまでに彼等をほろぼしたまへ ヤコブのなかに神いまして統治めたまふことをかれらに知しめて地の極にまでおよぼしたまへ (セラ)
১৩তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। (চেলা)
14 かれらは夕にかへりきたり犬のごとくほえて邑をへありくべし
১৪তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক; নগৰত চাৰিওফালে ভ্ৰমণ কৰক।
15 かれらはゆききして食物をあさり もし飽ことなくば終夜とどまれり
১৫তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব; যদি তৃপ্ত নহয়, তেনেহলে বিৰক্তিত উজাগৰে থাকিব।
16 されど我はなんぢの大能をうたひ清晨にこゑをあげてなんぢの憐憫をうたひまつらん なんぢわが迫りくるしみたる日にたかき櫓となり わが避所となりたまひたればなり
১৬কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম; এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম; কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান।
17 わがちからよ我なんぢにむかひて頌辭をうたひまつらん 神はわがたかき櫓われにあはれみをたまふ神なればなり
১৭হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম; কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।

< 詩篇 59 >