< 詩篇 144 >

1 戰することをわが手にをしへ 闘ふことをわが指にをしへたまふ わが磐ヱホバはほむべきかな
যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
2 ヱホバはわが仁慈わが城なり わがたかき櫓われをすくひたまふ者なり わが盾わが依賴むものなり ヱホバはわが民をわれにしたがはせたまふ
তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ, মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা; তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ। তেৱেঁই জাতি সমূহক মোৰ অধীনত আনে।
3 ヱホバよ人はいかなる者なれば之をしり 人の子はいかなる者なれば之をみこころに記たまふや
হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা? মনুষ্যই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া?
4 人は氣息にことならず その存らふる日はすぎゆく影にひとし
মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।
5 ヱホバよねがはくはなんぢの天をたれてくだり 手を山につけて煙をたたしめたまへ
হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ; পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।
6 電光をうちいだして彼等をちらし なんぢの矢をはなちてかれらを敗りたまへ
তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা; তোমাৰ কাঁড় মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।
7 上より手をのべ我をすくひて 大水より外人の手よりたすけいだしたまへ
তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া; মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা; সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
8 かれらの口はむなしき言をいひ その右の手はいつはりのみぎの手なり
তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে।
9 神よわれ汝にむかひて新らしき歌をうたひ 十絃の琴にあはせて汝をほめうたはん
হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
10 なんぢは王たちに救をあたへ 僕ダビデをわざはひの劍よりすくひたまふ神なり
১০তুমিয়েই ৰজাসকলক জয়দান কৰা; তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।
11 ねがはくは我をすくひて外人の手よりたすけいだしたまへ かれらの口はむなしき言をいひ その右の手はいつはりのみぎの手なり
১১নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা; তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।
12 われらの男子はとしわかきとき育ちたる草木のごとくわれらの女子は宮のふりにならひて刻みいだしし隅の石のごとくならん
১২আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়, আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;
13 われらの倉はみちたらひてさまざまのものをそなへ われらの羊は野にて千萬の子をうみ
১৩আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে; আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়;
14 われらの牡牛はよく物をおひ われらの衢にはせめいることなく亦おしいづることなく叫ぶこともなからん
১৪আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।
15 かかる状の民はさいはひなり ヱホバをおのが神とする民はさいはひなり
১৫ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়; ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।

< 詩篇 144 >