< 詩篇 141 >

1 ヱホバよ我なんぢを呼ふ ねがはくは速かにわれにきたりたまへ われ汝をよばふときわが聲に耳をかたぶけたまへ
হে যিহোৱা, মই তোমাক মাতিছো; তুমি শীঘ্রেই মোৰ ওচৰলৈ আহাঁ। মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।
2 われは薫物のごとくにわが祈をみまへにささげ 夕のそなへものの如くにわが手をあげて聖前にささげんことをねがふ
মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, মই ওপৰলৈ তোলা মোৰ হাত সন্ধিয়া উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।
3 ヱホバよねがはくはわが口に門守をおきて わがくちびるの戸をまもりたまへ
হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা, মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা।
4 惡事にわがこころを傾かしめて邪曲をおこなふ者とともに惡きわざにあづからしめ給ふなかれ 又かれらの珍饈をくらはしめたまふなかれ
কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা, মই যেন অধার্মিকবোৰৰ সৈতে দুষ্টতাৰ কাৰ্য নকৰোঁ; তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰোঁ।
5 義者われをうつとも我はこれを愛しみとしその我をせむるを頭のあぶらとせん わが頭はこれを辭まず かれらが禍害にあふときもわが祈はたえじ
ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।
6 その審士ははほの崕になげられん かれらわがことばの甘美によりて聽ことをすべし
তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব, তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ।
7 人つちを耕しうがつがごとく我儕のほねははかの口にちらさる (Sheol h7585)
মানুহে হাল বাই যেনেকৈ মাটি ভাঙে, তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে। (Sheol h7585)
8 されど主ヱホバよわが目はなほ汝にむかふ 我なんぢに依賴めり ねがはくはわが霊魂をともしきままに捨おきたまなかれ
কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে; মই তোমাতেই আশ্ৰয় লৈছোঁ, মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা।
9 我をまもりてかれらがわがためにまうくる羂とよこしまを行ふものの機とをまぬかれしめたまへ
তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে, তাৰ পৰা মোক ৰক্ষা কৰা, অধার্মিকবোৰৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।
10 われは全くのがれん あしきものをおのれの網におちいらしめたまへ
১০দুষ্ট লোক তেওঁলোকৰ নিজৰ জালত নিজেই পৰক, আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম।

< 詩篇 141 >