< 詩篇 129 >

1 今イスラエルはいふべし彼等はしばしば我をわかきときより惱めたり
ইস্ৰায়েলে কওঁক, “যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।”
2 かれらはしばしば我をわかきときより惱めたり されどわれに勝ことを得ざりき
“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে; তথাপি মোক জিনিব পৰা নাই।
3 耕すものはわが背をたがへしてその畎をながくせり
হালোৱাই মোৰ পিঠিত হাল বালে; তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”
4 ヱホバは義し あしきものの繩をたちたまへり
যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে।
5 シオンをにくむ者はみな恥をおびてしりぞかせらるべし
যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।
6 かれらは長たざるさきにかるる屋上の草のごとし
তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক, যি নৌ বাঢ়োতেই শুকাই যায়;
7 これを刈るものはその手にみたず 之をつかぬるものはその束ふところに盈ざるなり
যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়, যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।
8 かたはらを過るものはヱホバの惠なんぢの上にあれといはず われらヱホバの名によりてなんぢらを祝すといはず
বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়, “তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক! যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”

< 詩篇 129 >